খালিল জিব্ৰান (Khalil Jibran) এজন লেবাননীয়-আমেৰিকাৰ কবি আৰু লেখক আছিল। খালিল জিব্ৰানক দাৰ্শনিক বুলিও গণ্য কৰা হয় যদিও তেখেতে নিজকে দাৰ্শনিক হিচাপে পৰিচয় দিবলৈ ভাল নাপাইছিল। ১৯২৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশিত তেখেতৰ 'দ্য প্ৰফেট' নামৰ গ্ৰন্থখনৰ বাবে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰে আৰু এই কিতাপখন সৰ্বকালৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপসমূহৰ ভিতৰত অন্যতম কিতাপ হিচাপে পৰিগণিত হয়। খালিল জিব্ৰানৰ 'দ্য প্ৰফেট' গ্ৰন্থখন এতিয়ালৈকে পৃথিৱীৰ ১০০ তাতকৈ অধিক ভাষালৈ অনূদিত হৈছে। ১৯৩০ ৰৈ দশকত দ্য প্ৰফেট গ্ৰন্থখন বহু জনপ্ৰিয়তা লাভ কৰিছিল। খালিল জিব্ৰানেৰ কিতাপেই হৈছে ৱিলিয়াম শ্বেইক্সপিয়াৰৰ আৰু লাওজীৰ পিছত সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ।
প্ৰাৰম্ভিক জীৱন
খালিল জিব্ৰানৰ জন্ম হৈছিল ১৮৮৩ চনত বৰ্তমানৰ লেবাননৰ (তেতিয়াৰ জাবাল লেবানন মুতাশ্ৰীফাত, অটোমান সাম্ৰাজ্য) উত্তৰে থকা বাছাৰী চহৰৰ এটা মাৰোনাইট আৰব খ্ৰীষ্টান পৰিয়ালত হৈছিল। দেউতাক খালিল চাদ জিব্ৰান এজন কৰ সংগ্ৰাহক আছিল আৰু মাতৃ কামিলা জিব্ৰান এগৰাকী মাৰোনাইট গীৰ্জাৰ পাদ্ৰীৰ জীয়ৰী আছিল। তেওঁৰ সতীয়া ভাই পিটাৰৰ উপৰিও জিব্ৰানৰ মাৰিয়ানা আৰু চুলতানা নামৰ দুগৰাকী সৰু ভগ্নী আছিল।১ সৰুতে, জিব্ৰানে তেওঁলোকৰ সৈতে ক্ৰীড়াত বিশেষ অংশগ্ৰহণ কৰা নাছিল। কাৰণ তেওঁ পেইণ্টিং ভাল পাইছিল। যদি তেওঁৰ হাতত কলম আৰু কাগজ নাথাকে, তেন্তে তেওঁ ঘৰৰ বাহিৰলৈ গৈ শীতকালত মাটিত বা বৰফত ছবি আঁকিবলৈ লৈছিল আৰু তেওঁৰ মাতৃয়ে তেওঁৰ চিত্ৰক আন্তৰিকতাৰে সমৰ্থন কৰিছিল। যেতিয়া জিব্ৰানৰ বয়স পাঁচ বছৰ আছিল, তেতিয়া তেওঁৰ মাতৃয়ে তেওঁক লিওনাৰ্ডো দা ভিঞ্চিৰ কিছুমান বিখ্যাত চিত্ৰৰ সৈতে পৰিচয় কৰাই দিছিল। দেউতাক খালিল চাদ জিব্ৰান ৰাজনৈতিক উদ্দেশ্যেপ্ৰনোদিত কাৰণত কৰ আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ যাবজীব্বন কাৰাবাস খাটিব লগাত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিবলগীয়া হয়। সেয়ে ১৮৯৫ চনত মাক, ভায়েক আৰু ভনীয়েকৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু মেচাছুটচৰ বষ্টনত থকা বৃহৎ সংখ্যক চিৰিয়ান সম্প্ৰদায়ৰ সৈতে থাকিবলগীয়া হয়। ইয়াতেই জিব্ৰানে ইংৰাজী ভাষা শিকিবলৈ আৰম্ভ কৰে আৰু কলা শাখাত নাম ভৰ্তি কৰে। আনহাতে পৰিয়ালটো পোহপাল দিবলগীয়া হোৱাৰ বাবে মাকে চিলাই বৃত্তিত জড়িত হৈ পৰে। ১৮৯৮ চনত মাতৃৰ পৰামৰ্শ মতে খালিল জিব্ৰান লেবাননলৈ যায় আৰু বেইৰুটৰ কলেজলা চাগৈছেত আৰবী আৰু ফৰাচী ভাষাৰ অধ্যয়ন কৰে।২ ১৯০২ চনত জিব্ৰানে পোন্ধৰ মাহৰ ভিতৰতে মাক, ভনীয়েক আৰু সতীয়া ভায়েকক চিৰদিনৰ বাবে হেৰুৱাই।৩
কৰ্মজীৱন
১৯০৪ চনত জিব্ৰানে মেৰী হাস্কেল নামৰ এগৰাকী মাৰ্কিন নাগৰিকক লগ পায়। তেখেতৰ জীৱনত এইগৰাকী মহিলাই বিশেষভাৱে প্ৰভাৱিত কৰিছিল। একে বছৰতে জিব্ৰানে 'এ টিয়েৰ এণ্ড এ স্মাইল'নামৰ শীৰ্ষক এখন গদ্য কবিতা প্ৰকাশ কৰে।৪ ১৯০৮ চনত শিল্পকলা প্ৰশিক্ষণৰ বাবে পেৰিছত থাকিবলৈ লয়। ১৯১১ চনৰ পাছৰ পৰা জিব্ৰানে নিউয়ৰ্ক মহানগৰত বসতি স্থাপন কৰে য'ত তেওঁ কাইৰোত বাস কৰা লেবাননৰ বুদ্ধিজীবী মে জিয়াদেহৰ সৈতে এক সমৃদ্ধ আৰু অন্তৰঙ্গ চিঠি পত্ৰ আদান প্ৰদান কৰে। ১৯২০ চনত জিব্ৰানে আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰা আন আৰৱীয় আৰু লেবাননৰ লেখক আৰু কবিসকলৰ সৈতে আল ৰাবিতাত আল কোৱালমিয়া(Al Rabitat al Qualamiya) পেন বণ্ড ছছাইটি নামেৰে এখন সাহিত্য সমাজ গঠন কৰে। ১৯২৩ চনত জিব্ৰানৰ প্ৰাথমিক ৰচনা 'দ্য প্ৰফেট' প্ৰকাশিত হয়। কিতাপখন প্ৰকাশৰ লগে লগে পাঠক সমাজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰে। সেই সময়তে জিব্ৰানে বাৰবাৰা ইয়ঙৰ সৈতে এক দৃঢ় বন্ধুত্ব স্থাপন কৰে। ১৯২৮ চনত একেৰাহে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ অন্তত 'জিচুছ, দি চন অৱ মেন' (Jesus,the son of Man) নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল।
মৃত্যু
১৯৩১ চনত মাত্ৰ ৪৮ বছৰ বয়সতে নিউয়ৰ্কৰ এখন চিকিৎসালয়ত জিব্ৰানৰ মৃত্যু হয়।৫ মৃত্যুৰ পিছত জিব্ৰানৰ মৃতদেহ লেবাননলৈ স্থানান্তৰিত কৰা হয় আৰু নিজৰ জন্মস্থানত সমাধিস্থ কৰা হয়। খালিল জিব্ৰানৰ সমাধিটো এতিয়া সংগ্ৰাহলয়ত পৰিণত কৰা হৈছে।৬
তথ্যসূত্ৰ
- ↑ www.poetryfoundation.org/poets/kahlil-gibran
- ↑ www.gibrankhalilgibran.org/AboutGebran/Biography link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.gibrankhalilgibran.org/AboutGebran/Biography link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.gibrankhalilgibran.org/AboutGebran/Biography link|date=November 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.britannica.com/biography/Khalil-Gibran
- ↑ www.kahlilgibran.com/archives/written-works/601-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খলিল জিব্ৰান” প্ৰবন্ধৰ সংশোধন ৫২৪১৫০ (১৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।