চেহান কৰুণাতিলকা (Shehan Karunatilaka; জন্ম: ১৯৭৫) শ্ৰীলংকাৰ এগৰাকী লেখক। তেওঁ কলম্বোত ডাঙৰ-দীঘল হৈছিল, নিউজিলেণ্ডত পঢ়া-শুনা কৰিছিল আৰু লণ্ডন, আমষ্টাৰডাম আৰু ছিংগাপুৰত থাকি কাম কৰিছিল। তেওঁৰ ২০১০ চনৰ প্ৰথম উপন্যাস ‘চাইনামেন: দ্য লিজেণ্ড অৱ প্ৰদীপ মেথিউ’ৱে ‘কমনৱেলথ বুক প্ৰাইজ’, ‘ডি এছ চি পুৰস্কাৰ’ তথা ‘গ্ৰেটিয়ান পুৰস্কাৰ’ লাভ কৰিছিল আৰু ৱাইজডেনৰ দ্বাৰা সৰ্বকালৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট বিষয়ক কিতাপ (cricket book) হিচাপে বিবেচিত হৈছিল। তেওঁৰ তৃতীয় উপন্যাস ‘দ্য চেভেন মুনচ্ অৱ মালি আলমেইদা’ই ২০২২ চনৰ ১৭ অক্টোবৰত বুকাৰ বঁটা লাভ কৰিছিল।১২৩
জীৱনপঞ্জী
১৯৭৫ চনত দক্ষিণ শ্ৰী লংকাৰ গালেত চেহান কৰুণাতিলকাৰ জন্ম হৈছিল।৪ তেওঁ ডাঙৰ দীঘল হৈছিল কলম্বোত।৫ তেওঁ শ্ৰীলংকাৰ কলুপিটিয়াৰ এছ থমাছ প্ৰিপেৰেটৰী স্কুল আৰু তাৰ পিছত নিউজিলেণ্ডত হোৱাংআনুই কলেজিয়েট স্কুল আৰু মাচি বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল।৪৬ তেওঁৰ পৰিয়ালে তেওঁ বিজনেচ এডমিনিষ্ট্ৰেচন পঢ়াটো বিচাৰিছিল; কিন্তু পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে গৈ চেহানে ইংৰাজী সাহিত্য অধ্যয়ন কৰি এই বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৭৮
২০১০ চনত তেওঁৰ প্ৰথম উপন্যাস প্ৰকাশ কৰাৰ আগতে, তেওঁ মেককেন, আইৰিছ আৰু বিবিডিঅ’ত বিজ্ঞাপনৰ কাম কৰিছিল আৰু দ্য গাৰ্ডিয়ান, নিউজউইক, ৰোলিং ষ্ট’ন, জি কিউ, নেচনেল জিঅ’গ্ৰাফিক, কণ্ডে নাষ্ট, ৱাইজডেন, দ্য ক্ৰিকেটাৰ আৰু ইকনমিক টাইমচ্ৰ বাবে লিখিছিল। তেওঁ শ্ৰীলংকাৰ ৰক বেণ্ড ‘ইণ্ডিপেণ্ডেণ্ট স্কোৱেৰ’ আৰু ‘পাৱাৰকাট চাৰ্কাছ’ আৰু ‘ব্ৰাছ মাংকি বেণ্ড’ৰ সৈতে বাছ (bass) বজাইছিল।
উপন্যাস
দ্য পেইণ্টাৰ আছিল কৰুণাতিলকাৰ কিতাপৰ প্ৰথম পাণ্ডুলিপি। ২০০০ চনত গ্ৰেটিয়ান পুৰস্কাৰৰ বাবে এই পাণ্ডুলিপিটো তালিকাভুক্ত কৰা হৈছিল৯ যদিও ই কেতিয়াও কিতাপ আকাৰে প্ৰকাশ হোৱা নাছিল।
তেওঁৰ প্ৰথম উপন্যাস চাইনামেন: দ্য লেজেণ্ড অৱ প্ৰদীপ মেথিউত (২০১০ চনত স্ব-প্ৰকাশিত),১০ ক্ৰিকেটৰ আলমত শ্ৰী লংকাৰ ইতিহাসৰ বিষয়ে লিখা হৈছিল।১১ কিতাপখন আছিল, এজন সুৰাসক্ত সাংবাদিকে ১৯৮০ ৰ দশকৰ এজন নিৰুদৃষ্ট শ্ৰীলংকাৰ ক্ৰিকেটাৰক অনুসন্ধান কৰি বিচাৰি উলিওৱাৰ কাহিনী।
কৰুণাতিলকাই বিভিন্ন শিৰোনামৰ সৈতে তেওঁৰ দ্বিতীয় খন উপন্যাস লিখিছিল আৰু কিতাপখনৰ বিভিন্নটা সংস্কৰণ প্ৰকাশ পাইছিল। ২০১৫ চনত গ্ৰেটিয়ান পুৰষ্কাৰৰ বাবে প্ৰথম খচৰা তালিকাভুক্ত কৰাৰ সময়ত উপন্যাসখনৰ শিৰোনাম আছিল ডেভিল ডান্স।১২ পেংগুইন ইণ্ডিয়াই ২০২০ চনত চেটচ্ উইথ দ্য ডেড নাম দি কিতাপখন ভাৰতবৰ্ষত মুকলি কৰিছিল।১৩১৪
২০২২ চনৰ আগষ্টত প্ৰকাশিত চেহানৰ দ্য চেভেন মুনচ্ অৱ মালি আলমেইদাই ২০২২ বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছিল। একে বছৰৰে ১৭ অক্টোবৰত লণ্ডনৰ ৰাউণ্ড হাউচৰ এক অনুষ্ঠানত এই বঁটা ঘোষণা কৰা হৈছিল।১৫১৬১৭১৮১৯
তথ্যসূত্ৰ
- ↑ The Seven Moons of Maali Almeida · The Booker Prizes. thebookerprizes.com
- ↑ (17 October 2022). Sri Lankan author Shehan Karunatilaka wins Booker Prize. Onmanorama
- ↑ Alter, Alexandra. (17 October 2022). Shehan Karunatilaka Wins Booker Prize for 'The Seven Moons of Maali Almeida'. The New York Times
- ↑ (2014). Shehan Karunatilaka. internationales literaturfestival berlin
- ↑ Allardice, Lisa. (18 October 2022). Interview · 'Writers all want to be rock stars': Booker winner Shehan Karunatilaka on ghosts, war and childish dreams. The Guardian
- ↑ Shehan Karunatilaka. The Modern Novel
- ↑ Hill, Kim. (22 Oct 2022). Shehan Karunatilaka: NZ can claim some of Booker Prize winner's success. Radio New Zealand
- ↑ Sinhalage-Fonseka, Chamanthie. (22 Oct 2022). How Sri Lankan-Kiwi writers are defying the odds and making their mark. Stuff Media
- ↑ (24 October 2019). Gratiaen Prize Winners & Short Listed Writers 1993–2021. The Gratien Trust
- ↑ Kodagoda, Anuradha. (29 September 2019). Self-publishing. Sunday Observer
- ↑ Sardesai, Rajdeep (12 February 2011), "Spin on a yarn", হিন্দুস্তান টাইমছ
- ↑ Jayasinghe, Pasan. (18 October 2022). Shehan Karunatilaka: 'The state will come after the defenceless'. Frontline. The Hindu Group
- ↑ Jayasinghe, Pasan. (7 September 2022). Shehan Karunatilaka: 'The state will come after the defenceless'. frontline.thehindu.com
- ↑ Chakrabarti, Paromita. (18 October 2022). Sri Lankan author wins Booker: Meet Shehan Karunatilaka and Maali Almeida. The Indian Express
- ↑ The Booker Prize 2022 · The Booker Prizes. thebookerprizes.com
- ↑ Shaffi, Sarah. (26 July 2022). Booker prize longlist of 13 writers aged 20 to 87 announced. The Guardian
- ↑ (26 July 2022). Shehan Karunatilaka's The Seven Moons of Maali Almeida longlisted for 2022 Booker Prize. The Sunday Times
- ↑ Ismail, Adilah. (31 July 2022). It's always a thrill to have a book of yours make a list: Shehan. The Sunday Times
- ↑ Singh, Anit. (17 October 2022). Shehan Karunatilaka wins Booker Prize 2022 from competitive shortlist · The Queen Consort, a long-term supporter of the prize, attended the event alongside Dua Lipa. Daily Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেহান কৰুণাতিলকা” প্ৰবন্ধৰ সংশোধন ৬০৫৭৪৭ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।