কেকি নাছেৰৱানজী দাৰুৱালা ( Keki Nasserwanji Darawalla; ২৪ জানুৱাৰী ১৯৩৭ – ২৬ ছেপ্টেম্বৰ ২০২৪) এজন ভাৰতীয় কবি আৰু ইংৰাজী ভাষাৰ চুটিগল্পকাৰ আছিল।১২ তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াও আছিল।
১৯৮৪ চনত ভাৰতীয় সাহিত্য অকাডেমীৰ দ্বাৰা তেওঁৰ কবিতা সংকলন দ্য কীপাৰ অৱ দ্য ডেডৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।৩ ২০১৪ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হয়।৪
জন্ম আৰু শিক্ষা
১৯৩৭ চনৰ ২৪ জানুৱাৰীত লাহোৰত এটা পাৰ্চী পৰিয়ালত কেকি নাছেৰৱানজী দাৰুৱাল্লাৰ জন্ম হয়।৫ তেওঁৰ পিতৃ এন চি দাৰুৱাৱালা আছিল এজন বিশিষ্ট অধ্যাপক, যিয়ে লাহোৰ চৰকাৰী মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। ভাৰত বিভাজনৰ পূৰ্বে তেওঁৰ পৰিয়াল ১৯৪৫ চনত অবিভক্ত ভাৰত এৰি জুনাগড়লৈ আৰু তাৰ পিছত ভাৰতৰ ৰামপুৰলৈ গুচি যায়। ফলত তেওঁ বিভিন্ন বিদ্যালয়ত আৰু বিভিন্ন ভাষাত অধ্যয়ন কৰি ডাঙৰ-দীঘল হয়।৬৭
তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ লুধিয়ানাৰ চৰকাৰী কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ১৯৮০–৮১ চনত কুইন এলিজাবেথ হাউচ ফেলো হিচাপে অক্সফৰ্ডত এবছৰ কটায়।৮
১৯৫৮ চনত তেওঁ আৰক্ষী সেৱাত যোগদান কৰে। আৰক্ষী বিষয়া হিচাপে কাম কৰি তেওঁক দেশৰ বিভিন্ন প্ৰান্তত কাম কৰাৰ বিভিন্ন সুযোগ প্ৰদান কৰে। তেওঁ জীৱনৰ কঠোৰ বাস্তৱতাৰ সাক্ষী হৈছিল, যাৰ পৰা তেওঁ সাহিত্যিক সাধনাৰ বাবে পদাৰ্থ আহৰণ কৰিছিল। তেওঁ বাৰখন গ্ৰন্থ লিখিছিল আৰু ২০০৯ চনত তেওঁৰ প্ৰথম উপন্যাস ফৰ পেপাৰ এণ্ড ক্ৰাইষ্ট প্ৰকাশ পাইছিল। ১৯৮৭ চনত তেওঁৰ কবিতা সংকলন লেণ্ডস্কেপৰ বাবে কমনৱেলথ কবিতা বঁটা লাভ কৰিছিল।
কৰ্মজীৱন
প্ৰতিযোগিতামূলক পৰীক্ষাৰ অন্তত ১৯৫৮ চনৰ ২৪ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ উত্তৰ প্ৰদেশৰ কেডাৰত দাৰুৱাল্লা নিযুক্তি দিয়া হয়।৫ প্ৰথম কেন্দ্ৰীয় প্ৰতিনিধি পদত তেওঁ ১৯৬৫ চনলৈকে পূৰ্বৰ বিশেষ সেৱা ব্যুৰো (বৰ্তমান, সশস্ত্ৰ সীমা বল)ত যোছিমাথৰ চামোলিৰ এৰিয়া অৰ্গেনাইজাৰ হিচাপে কাম কৰিছিল।৯ পৰৱৰ্তী কেন্দ্ৰীয় প্ৰতিনিধি পদত তেওঁ ১৯৭৯ চনৰ ২ আগষ্টৰ১০ পৰা ১৯৮০ চনৰ ১৯ জানুৱাৰীলৈকে প্ৰধানমন্ত্ৰী চৰণ সিঙৰ আন্তঃৰাষ্ট্ৰীয় বিষয়ত বিশেষ সহায়ক হিচাপে কাম কৰে।১১ ইয়াৰ পিছত তেওঁ আই পি এছৰ পৰা পদত্যাগ কৰি গৱেষণা আৰু বিশ্লেষণ সেৱা (RAS)ত যোগদান কৰে,১২ আৰ এণ্ড এ ডব্লিউৰ আভ্যন্তৰীণ কেডাৰ। আৰ এণ্ড এ ডব্লিউৰ ভিতৰত তেওঁ বিশেষ সম্পাদকৰ পদবীলৈ উন্নীত হয়।১৩ যেতিয়া তেওঁৰ সহপাঠী১৪ অজিত সিং সিয়ালিক আৰ এণ্ড এ ডব্লিউৰ সম্পাদকলৈ পদোন্নতি দিয়া হয়, তেতিয়া ১৯৯৩ চনৰ ২৯ জুলাইত দাৰুৱাল্লাক সচিব পদত যুটীয়া চোৰাংচোৱা সমিতিৰ অধ্যক্ষ হিচাপে স্থানান্তৰ কৰা হয়।১২ ১৯৯৫ চনত তেওঁ জে আই চিৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।১৫ অৱসৰৰ পিছত তেওঁ ২০১১ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ২০১৪ চনৰ ২ ফেব্ৰুৱাৰীলৈকে সংখ্যালঘুসকলৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ সদস্য আছিল।১৬
১৯৭০ চনত ভাৰতৰ ৰাইটাৰ্ছ ৱৰ্কশ্বপৰ দ্বাৰা প্ৰকাশিত তেওঁৰ প্ৰথমখন কবিতা গ্ৰন্থ আণ্ডাৰ অৰিয়ান।তাৰ পিছত ১৯৭১ চনৰ এপ্ৰিল মাহত তেওঁৰ দ্বিতীয়খন সংকলন এপেৰিচন প্ৰকাশ কৰে যাৰ বাবে ১৯৭২ চনত তেওঁক উত্তৰ প্ৰদেশ ৰাজ্যিক বঁটা প্ৰদান কৰা হয়।তেওঁৰ কবিতা প্ৰকাশ পায় বহুতো কবিতা সংকলনত যেনে মেনকা শিৱদাসনীৰ সম্পাদনাত এন্থলজি অৱ কন্টেম্পৰেৰী ইণ্ডিয়ান পয়েট্ৰি১৭ আৰু বিবেকানন্দ ঝাৰ সম্পাদনাত দ্য ডান্স অৱ দ্য পিকক১৮১৯।
ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা, ২০১৬ চনত তেওঁ লাভ কৰে। ১৯৮৪ চনত আৰু ২০১৫ চনৰ অক্টোবৰ মাহত প্ৰতিবাদৰ চিন হিচাপে একেটা বঁটা ঘূৰাই দিছিল আৰু এটা বিবৃতি দিছিল যে, "সাহিত্য অকাডেমী সংগঠনটোৱে লেখকৰ বিৰুদ্ধে শাৰীৰিক হিংসা ব্যৱহাৰ কৰা মতাদৰ্শগত গোটৰ বিৰুদ্ধে মাত মাতিবলৈ ব্যৰ্থ হৈছে"।২০ সাহিত্য অকাডেমীয়ে যুক্তিবাদী চিন্তাবিদৰ ওপৰত কৰা আক্ৰমণক নিন্দা কৰি প্ৰস্তাৱ গৃহীত কৰাৰ পিছতো দৰুৱালাই নিজৰ বঁটা ঘূৰাই লোৱা নাছিল।২১ দ্য ষ্টেটছমেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দাৰুৱালাই তেওঁৰ বঁটা কিয় ঘূৰাই লোৱা নাই সেই বিষয়ে বিস্তাৰ কৰি কয় যে "আপুনি যি কৰে, আপুনি এবাৰ কৰে আৰু আপুনি বঁটা ঘূৰাই দিয়াৰ দৰে বঁটা ঘূৰাই লোৱাটো দেখা নাযায়।"২১ ১৯৮৭ চনত তেওঁ এছিয়াৰ বাবে কমনৱেলথ কবিতা বঁটা লাভ কৰে। নিছিম ইজেকিয়েলে মন্তব্য কৰে যে "দাৰুৱালাত সিংহৰ শক্তি আছে"।২২
মৃত্যু
২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত নিউম'নিয়া ৰোগত আক্ৰান্ত হৈ ৮৭ বছৰ বয়সত দাৰুৱালাৰ মৃত্যু হয়।২৩২৪
তথ্যসূত্ৰ
- ↑ Keki N. Daruwalla The South Asian Literary Recordings Project. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ
- ↑ (12 May 2009). A long story. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Sahitya Akademi Award – English (Official listings). সাহিত্য অকাডেমি
- ↑ (25 January 2014). Padma Awards Announced. Press Information Bureau, Ministry of Home Affairs, Government of India
- ↑ History of Services of Indian Police Service as on 1st January 1960, Ministry of Home Affairs, Government of India, 1961, page 108
- ↑ (4 June 2003). Mapping memories. দ্য হিন্দু
- ↑ Keki Daruwalla. PoemHunter.com
- ↑ Borah, Debabhuson. (2018). “Folk is Mother, Classical is Father”: An interview with Keki N. Daruwalla by Debabhuson Borah. Dibrugarh University Journal of English Studies
- ↑ Pandit Sriram Sharma Acharya as I Knew Him, Jagdish Chandra Pant, IAS (Retd.), 2013, page 182. Pant had relieved Daruwalla as A.O., Chamoli
- ↑ Gazette of India notification
- ↑ Gazette of India notification
- ↑ Gazette of India notification
- ↑ Annual Report of the National Commission for Minorities, 2010–11, page 4
- ↑ Alumni gallery of 1958 batch of IPS, SVPNPA
- ↑ ‘Only political stupidities or atrocities excite me to write verse now’: Keki N Daruwalla, interview with K. N. Daruwalla, Scroll.in, 21 January 2018
- ↑ Composition of the National Commission for Minorities, from official website
- ↑ Anthology of Contemporary Indian Poetry. BigBridge.Org
- ↑ Grove, Richard. The Dance of the Peacock:An Anthology of English Poetry from India. Hidden Brook Press, Canada
- ↑ Press, Hidden Brook. Hidden Brook Press. Hidden Brook Press
- ↑ (14 October 2015). Daruwalla returns his award. scroll.in
- ↑ The Statesman: After 54 days, Sahitya Akademi breaks silence. thestatesman.com
- ↑ Huq, Kaiser. (6 September 2006). The Daily Star Web Edition Vol. 5 Num 901. The Daily Star
- ↑ (27 September 2024). Celebrated Indian English poet Keki N Daruwalla passes away at 87. Mathrubhumi
- ↑ (27 September 2024). Poet Keki N Daruwalla dies at 87. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেকি এন দাৰুৱালা” প্ৰবন্ধৰ সংশোধন ৬০৭৬৯৪ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।