অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুপকা সুভদ্ৰা

জুপকা সুভদ্ৰা ( Joopaka and Jūpaka) জন্ম ১৯৬২ চন। এগৰাকী তেলুগু দলিত সমাজ কৰ্মী, কবি আৰু সাহিত্যিক। তেওঁ ঘাইকৈ কবিতা আৰু চুটিগল্প লিখে, যাৰ দ্বাৰা তেওঁ দলিত, বিশেষকৈ দলিত মহিলাসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰে। বৰ্তমান তেওঁ অন্ধ্ৰ প্ৰদেশ সচিবালয়ত কাম কৰি আছে।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০২৬ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জুপকা সুভদ্ৰা ( Joopaka and Jūpaka) জন্ম ১৯৬২ চন।১ এগৰাকী তেলুগু দলিত সমাজ কৰ্মী, কবি আৰু সাহিত্যিক। তেওঁ ঘাইকৈ কবিতা আৰু চুটিগল্প লিখে, যাৰ দ্বাৰা তেওঁ দলিত, বিশেষকৈ দলিত মহিলাসকলৰ জীৱনৰ ওপৰত আলোকপাত কৰে।২ বৰ্তমান তেওঁ অন্ধ্ৰ প্ৰদেশ সচিবালয়ত কাম কৰি আছে।৩৪

প্ৰাথমিক জীৱন আৰু শিক্ষা

সুভদ্ৰাৰ জন্ম হৈছিল ৱাৰংগল জিলাৰ (বৰ্তমান তেলেংগানা) দমৰঞ্চেপলেত। মুঠ ১২ জন ভাই-ভনীৰ ভিতৰত তেওঁ সৰু। তেওঁৰ পিতৃৰ নাম নৰসিংহ আৰু মাতৃৰ নাম কনক বীৰম্মা। পঢ়াৰ সময়ত তেওঁ সমাজ কল্যাণমূলক হোষ্টেলত বাস কৰিছিল।৩ প্ৰকৃতি, সৌন্দৰ্য, বন্ধুত্ব আদি বিষয়ৰপৰা আৰম্ভ কৰি সৰুৰেপৰা সুভদ্ৰাই বিভিন্ন বিষয়ৰ কবিতা ৰচনা কৰি আহিছে।

সুভদ্ৰাই তেলুগু সাহিত্যত স্নাতকোত্তৰ আৰু দৰ্শনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৩ তেওঁ তেলেংগানাৰ কাকতীয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। ইয়াৰ উপৰি তেওঁ অসংখ্য ৰাজনৈতিক ৰচনা, কিতাপৰ সমালোচনা, গীত আৰু সাংবাদিকতাৰ বিভিন্ন ৰচনা লিখিছে। তেওঁৰ কামৰ জৰিয়তে তেওঁ মাট্টিপুলু (এছ চি, এছ টি, বি চি আৰু সংখ্যালঘু) মহিলা লেখিকা মঞ্চ স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ ভূমিকা নামৰ এখন সুপৰিচিত নাৰীবাদী আলোচনী২ আৰু অন্ধ্ৰ জ্যোতি, একলব্য,বাৰ্থ, উদ্যোগ ক্ৰান্তি আদি আলোচনীতো একোটা স্তম্ভ অৱদান আগবঢ়াইছে।৫ ১৯৮৮ চনত অন্ধ্ৰ প্ৰদেশ সচিবালয়ত কাম আৰম্ভ কৰাৰ পাছত তেওঁ মহিলা কৰ্মচাৰীৰ বাবে এখন মহিলা সন্থা আৰম্ভ কৰে। ২০১৫ চনত তেওঁ স্তম্ভলেখক হিচাপে কাম কৰাৰ বাবে অপুৰুপা এৱাৰ্ডছ ফাউণ্ডেশ্যনৰপৰা অমৰুথালা বঁটা লাভ কৰে।৬

কাম

সুভদ্ৰাৰ ৰচনা তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত।২ তেওঁৰ কামৰ ভিতৰত আছে:

  • ৰায়ক্কা মান্যাম, দলিত জীৱনৰ বিভিন্ন দিশৰ ওপৰত চুটিগল্পৰ সংকলন।.৭
  • Ayyayyō dammakka (তেলেগু ভাষাত)। হায়দাৰাবাদ। ২০০৯ চনত অ’চিএলচি ৪৬৩৯৭৩২১৯।
  • কাইটুনাকলা দণ্ডেং (তেলেগু ভাষাত)। কৃপাকাৰ মাদিগা পনুগোটিৰ সৈতে। হায়দাৰাবাদ। ২০০৮ চনত অ’চিএলচি ৩১৩০২০৪৪৯।
  • Nallarēgaṭi sāllu (তেলেগু ভাষাত)। গগু শ্যামলাৰ সৈতে। হায়দাৰাবাদ। ২০০৮ চনত অ’চিএলচি ১৭০২০৬৩৯৯।
  • দলিত মহিলাসকলে কৰা কঠোৰ পৰিশ্ৰমৰ চিত্ৰ অংকন কৰি শুদ্দি চেয়ালি।

তথ্যসূত্ৰ

  1. ↑ Zare Mohammed 2013, পৃ. 78
  2. ↑ Subhadra Joopka
  3. ↑ (21 March 2008). Outcaste Interview
  4. ↑ Rape Caste Feminism Dalit Movement
  5. ↑ Zare Mohammed 2013, পৃ. 78
  6. ↑ (2015-05-03). Award for novelist. The Hindu
  7. ↑ (2016-01-19). Subhadra Joopaka. Literary Commons

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুপকা সুভদ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৮০৭২৭ (২২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।