নাইয়াৰ মাছুদ(Naiyer Masud; (জন্ম: ১৯৩৬ – ২৪ জুলাই, ২০১৭)১ এগৰাকী ভাৰতীয় উৰ্দু ভাষা পণ্ডিত আৰু উৰ্দু চুটি গল্প অফছানাৰ লেখক।২৩৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নাইয়াৰৰ জন্ম হৈছিল আৰু জীৱনৰ প্ৰায় গোটেই সময়খিনি তেওঁ ইয়াতে পাৰ কৰিছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পাৰ্চিয়ান ভাষাৰ অধ্যাপক ৰূপে তেওঁ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰিছিল।
মাছুদৰ দেউতাকৰ নাম আছিল মাছুদ হাছান ৰিজৱী। তেৱোঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পাৰ্চিয়ান ভাষাৰ অধ্যাপক আছিল আৰু উৰ্দু দাস্তানৰ এই পণ্ডিতগৰাকীয়ে ১৯৭০ চনত সাহিত্য আৰু শিক্ষাৰ বাবে পদ্মশ্ৰী লাভ কৰিছিল। ব্যংগ লেখক আজহাৰ আছিল মাছুদৰ ডাঙৰ ভাতৃ।
কৰ্মজীৱন আৰু স্বীকৃতি
মাছুদে তেওঁৰ সাহিত্য জীৱনত কেইবাখনো উল্লেখযোগ্য কিতাপ লিখিছিল। তেওঁ এগৰাকী অনুবাদকো আছিল আৰু কাফ্কাৰ বহুখিনি ৰচনা অনুবাদ কৰিছিল। তেওঁ তেওঁৰ চুটি গল্পসমূহৰ বাবে আটাইতকৈ বেছি জনাজাত আছিল আৰু এইবোৰ গাঞ্জিফা, চিমিয়া, ইটাৰ-এ-কাফুৰ আৰু তাঊচ চমন কী মেইনা সংকলনত প্ৰকাশ পইছে। তাঊচ চমন কী মেইনা গল্প সংকলনখনৰ বাবে তেওঁক ২০০১ চনত উৰ্দু ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ২০০৭ চনৰ সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল।
এনুৱেল অৱ উৰ্দু ষ্টাডিজৰ ১৯৯৭ চনৰ সংখ্যাটো নাইয়াৰ মাছুদ বিষয়ক আছিল।৫
তথ্যসূত্ৰ
- ↑ (25 July 2017). Naiyer Masud, who metamorphosed Kafka in Urdu, dies at 81 - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Reporter, The Newspaper's Staff. (25 July 2017). Prominent scholar Naiyer Masud passes away
- ↑ Dawn Books And Authors. (17 February 2013). COLUMN: Naiyer Masud: "A passionate but calm realist of the strange" by Muhammad Umar Memon. DAWN
- ↑ Naiyer Masud. Penguin Books India
- ↑ The Annual of Urdu Studies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাইয়াৰ মাছুদ” প্ৰবন্ধৰ সংশোধন ৩৯৮০৬৩ (১৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।