অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভাত গোস্বামী

প্ৰভাত গোস্বামী (ইংৰাজী: Prabhat Goswami ) অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, প্ৰাবন্ধিক, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক। যন্ত্ৰ মানৱ, স্পন্দন, বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ, আই প্ৰভাত গোস্বামী ৰচিত বহুচৰ্চিত নাটক।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১,৪৪৭ শব্দ · ৮ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰভাত গোস্বামী (ইংৰাজী: Prabhat Goswami ) অসমৰ এগৰাকী প্ৰতিষ্ঠিত নাট্যকাৰ, নাট পৰিচালক, নাট সমালোচক, অভিনেতা, চিত্ৰনাট্যকাৰ, গল্পকাৰ, প্ৰাবন্ধিক, ঔপন্যাসিক, ব্যংগ লেখক আৰু শিশু সাহিত্যিক।১ যন্ত্ৰ মানৱ, স্পন্দন, বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ, আই প্ৰভাত গোস্বামী ৰচিত বহুচৰ্চিত নাটক। প্ৰভাত গোস্বামী ৰচিত নাটকৰ সংখ্যা প্ৰায় ১০৪ খন। অসমীয়া ভাষাত সৰ্বাধিক সংখ্যক শিশু নাটক ৰচনা কৰা নাট্যকাৰগৰাকী হৈছে প্ৰভাত গোস্বামী।২ নাট পৰিচালনাৰ সংখ্যা প্ৰায় ৭০ খন। শেষ উপহাৰ, আজান ফকীৰ চাহেব, বৰলাৰ ঘৰ আৰু অপৰাজিতা প্ৰভাত গোস্বামীৰ কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত অসমীয়া চলচ্চিত্ৰ। শুকুলা হাতীৰ খোজ, খামপাট গাভৰু, বাৰ্কলে চাহাবৰ বঙলা, অদৃশ্য খিৰিকীৰ সিপাৰে, মগলৌ কুঁৱৰী কুৰঙ্গ নয়নী, মহানায়ক পৃথু, পিজলা গাভৰু প্ৰভাত গোস্বামীৰ জনপ্ৰিয় উপন্যাস। ডানকান আৰু চৰাইটো, জিয়া আৰু সেউজীয়া পোহৰটো প্ৰভাত গোস্বামী ৰচিত জনপ্ৰিয় শিশু উপন্যাসসমূহৰ ভিতৰত অন্যতম। অভিনয়ৰ পৃথিৱী আৰু পৃথিৱীৰ অভিনয় কলা, প্ৰসংগ: অভিনয় আৰু নাটক, অভিনয় দৰ্পনম প্ৰভাত গোস্বামী ৰচিত নাট্য কলা বিষয়ক গ্ৰন্থ। অসমীয়া সাহিত্য আৰু চলচ্চিত্ৰ শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটা, সন্মান আৰু স্বীকৃতি লাভ কৰা প্ৰভাত গোস্বামীয়ে শিশুসকলৰ সাহিত্য- সংস্কৃতিৰ অনুষ্ঠান অকণিৰ সাহিত্য সভাৰ অসমীয়া শিশু সাহিত্য বঁটা ২০২৪ লাভ কৰিছে।৩ গোস্বামীয়ে আজান ফকীৰ চাহেব অসমীয়া চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ ৰাজ্যিক পৰ্যায়ৰ চিত্ৰলেখা বঁটা, অনাতাঁৰ নাট শেষ উপহাৰ ৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯৫০ চনৰ ১২ নৱেম্বৰ নিশা অবিভক্ত শিৱসাগৰ জিলাৰ কাকজান বনগাঁৱত জন্ম প্ৰভাত গোস্বামীৰ। প্ৰভাত গোস্বামীৰ পিতৃ প্ৰয়াত বিনন্দ চন্দ্ৰ গোস্বামী আৰু মাতৃ প্ৰয়াত সৰস্বতী গোস্বামী। প্ৰয়াত বিনন্দ চন্দ্ৰ গোস্বামীৰ মূল ঘৰখন আছিল অবিভক্ত শিৱসাগৰ জিলাৰ জাঁজিৰ বামুণ পুখুৰীত। প্ৰয়াত বিনন্দ চন্দ্ৰ গোস্বামীৰ কৰ্মক্ষেত্ৰ আছিল ডিব্ৰুগড়। সেয়েহে জ্যেষ্ঠ পুত্ৰ প্ৰভাত গোস্বামী ডাঙৰ হৈছিল ডিব্ৰুগড়ত। প্ৰভাত গোস্বামীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে জ্ঞানদায়িনী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা। ডিব্ৰুগড় উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰা প্ৰভাত গোস্বামীয়ে পঞ্চম শ্ৰেণীত পঢ়ি থকা কালতে মঞ্চ নাটকত অভিনয় কৰিছিল। কীৰ্তিনাথ হাজৰিকা ৰচিত ফুটুকাৰ ফেন নাটকত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল। সপ্তম শ্ৰেণীত পঢ়ি থকা কালত বিদ্যালয় সপ্তাহৰ নাট প্ৰতিযোগিতাত এটি স্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰি দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছিল। তাৰ পাছত বিদ্যালয় সপ্তাহৰ নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰতি বছৰে পুৰস্কৃত হয়। নৱম শ্ৰেণীত সহকাৰী সাংস্কৃতিক সম্পাদক হিচাপে আৰু দশম শ্ৰেণীত সাংস্কৃতিক সম্পাদক হিচাপে নিৰ্বাচিত হয়। ইয়াৰোপৰি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ খাদ্য আন্দোলনত ছাত্ৰক নেতৃত্ব দিয়ে। ইয়াৰ পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত ভৰ্তি হয়। কলেজীয়া শিক্ষাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন নাট্য মঞ্চত অভিনয় অব্যাহত ৰাখে। কানৈ কলেজত পঢ়ি থকা কালত অভিনয় আৰু পৰিচালনাৰ বাবে একাধিক বাৰ পুৰস্কৃত হয়। কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত দুবছৰ আইন পঢ়ে যদিও আইনৰ শিক্ষা সম্পূৰ্ণ নহ'ল। কিন্তু প্ৰভাত গোস্বামীয়ে নাট্য চৰ্চা অব্যাহত ৰাখে।

কৰ্ম জীৱন

১৯৭৭ চনত প্ৰভাত গোস্বামী চাকৰিৰ সন্ধানত যোৰহাট জিলালৈ আহে। ইয়াৰ সমান্তৰালভাৱে নাটক ৰচনা আৰু পৰিচালনা অব্যাহত ৰাখে। লাহে লাহে এগৰাকী সুদক্ষ নাট্যকাৰ আৰু নাট পৰিচালক ৰূপে পৰিচিতি লাভ কৰে। তাৰ পাছত চাকৰি সূত্ৰে মৰিগাৱলৈ আহে। সেই সময়ত মৰিগাঁও অঞ্চলত নাট্য চৰ্চাৰ পৰিৱেশ নাছিল। যোৰহাটত থাকোঁতে শিশু নাট ৰচনা আৰু পৰিচালনা কৰিছিল। মৰিগাঁও অঞ্চলতো কেইবাখনো নাটক মঞ্চস্থ কৰি এক পৰিৱেশ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে। ইয়াত প্ৰভাত গোস্বামীয়ে অসম সাহিত্য সভাৰ নাট্য কৰ্মশালাৰ আয়োজন কৰি নতুন নাট্য কৰ্মী সৃষ্টি কৰি এক পৰিৱেশ তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰে। তাৰ পাছত অসম সীমান্ত গোঁসাই গাঁও। তাতো নাটকৰ এক পৰিৱেশ গঢ়ি তুলে। তেজপুৰত শিশু নাটক আৰম্ভ কৰা অন্যতম ব্যক্তি আছিল প্ৰভাত গোস্বামী। পৰৱৰ্তীকালত কৰ্ম সূত্ৰে গুৱাহাটীলৈ আহে। সেই সময়ৰ পৰা বৰ্তমানলৈকে গুৱাহাটীৰ মঞ্চত ধাৰাবাহিকভাৱে নাটক মঞ্চস্থ কৰি আহিছে। বৰ্তমানলৈকে প্ৰভাত গোস্বামী ৰচিত নাটকৰ সংখ্যা প্ৰায় ১০৪ খন।৪ প্ৰভাত গোস্বামী পৰিচালিত নাটকৰ সংখ্যা প্ৰায় ৭০ খন। ইয়াৰ ভিতৰত শিশু নাটক অন্তৰ্ভুক্ত। ১৯৯৭ চনত প্ৰভাত গোস্বামীয়ে তেওঁৰ অনাতাঁৰ নাটশেষ উপহাৰ ৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। প্ৰভাত গোস্বামীয়ে দহখনৰো অধিক নাটক, তিনিখন চলচ্চিত্ৰ আৰু কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। স্কুলীয়া কালতেই বিদ্যালয়ৰ আলোচনীত গল্প লিখিবলৈ আৰম্ভ কৰে প্ৰভাত গোস্বামীয়ে। ১৯৭৮ চনৰ পৰা জনমভূমি কাকতৰ জৰিয়তে প্ৰভাত গোস্বামীৰ গল্প প্ৰকাশ হয়। অসম আন্দোলন আৰম্ভ হোৱা পাছত অসমৰ বাতৰি-কাকত আৰু আলোচনীত প্ৰভাত গোস্বামীৰ গল্প প্ৰকাশ হৈ আহিছে। বৰ্তমানলৈকে প্ৰভাত গোস্বামীৰ প্ৰকাশিত গল্পৰ সংখ্যা প্ৰায় পাঁচশৰো অধিক। ইতিমধ্যে প্ৰভাত গোস্বামীৰ দুখন গল্প সংকলন প্ৰকাশ হৈছে। প্ৰভাত গোস্বামীয়ে নিয়মীয়াকৈ প্ৰবন্ধ লিখি আহিছে। তেখেতৰ প্ৰবন্ধৰ বিষয় নাটক আৰু সংস্কৃতি।৫

উপন্যাস

প্ৰভাত গোস্বামী ৰচিত প্ৰথম উপন্যাস হে স্বৰ্গ বিদায়। এই উপন্যাসখন অসম সাহিত্য সভাৰ আন্দোলনৰ ওপৰত ৰচিত উপন্যাস প্ৰতিযোগিতাত পুৰস্কৃত। তেতিয়াৰ পৰা বৰ্তমানলৈকে প্ৰভাত গোস্বামীয়ে উপন্যাস ৰচনাত মনোনিৱেশ কৰি আহিছে আৰু কেইবাখনো উপন্যাস কিতাপ আকাৰে প্ৰকাশ হৈছে। আলোচনী আদিত প্ৰকাশিত প্ৰভাত গোস্বামীৰ উপন্যাসৰ সংখ্যা প্ৰায় চল্লিছখনৰো অধিক। শুকুলা হাতীৰ খোজ আৰু খামপাট গাভৰু প্ৰভাত গোস্বামী ৰচিত বহু চৰ্চিত আৰু বহুলভাৱে সমাদৃত দুখন উপন্যাস।৬ প্ৰভাত গোস্বামী ৰচিত উপন্যাসসমূহ:

• হে স্বৰ্গ বিদায় (১৯৮১)

• নিবেদিতা গাৰ্লছ হোষ্টেল (২০০৪)

• অভিনেত্ৰীৰ দিনলিপি (২০০৪)

• নিষিদ্ধ স্পৰ্শ (২০০৫)

• স্বাধীনতাৰ চোলা পিন্ধা মানুহজন (২০০৭)

• নাছিংখাম (২০০৯)

• ককাৰ ঘোঁৰা হেৰাল ( শিশু উপন্যাস সংকলন, ২০১০)

• মন্ত্ৰীৰ ঘৰত কদোৱা (ব্যংগ উপন্যাস সংকলন, ২০১১)

• শুকুলা হাতীৰ খোজ (২০১২)

• সপোনৰ দেশৰ কনমাণি (২০১৪)

• বাবলু, চিন্তু আৰু সেই গুহাটো (শিশু উপন্যাস, ২০১৫)

• অন্তৰ্যুদ্ধ (১০১৮)

• কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি (২০২১)

• বাৰ্কলে চাহাবৰ বঙলা ( শিশু উপন্যাস, ২০২১)

• খামপাট গাভৰু (প্ৰকাশক: জিন্তী ডেকা, পাব্লিকেশ্বন আৰু ..., ২০২২ চন)

• অদৃশ্য খিৰিকীৰ সিপাৰে ( প্ৰকাশক: জিন্তী ডেকা, পাব্লিকেশ্বন আৰু ..., প্ৰথম সংস্কৰণ: ২০২৩ চন)

• মহানায়ক পৃথু ( প্ৰকাশিকা: জিন্তী ডেকা, পাব্লিকেশ্বন আৰু..., প্ৰথম সংস্কৰণ: ২০২৫ চন)

• পিজলা গাভৰু (প্ৰকাশক: উজ্জ্বল বৰা, প্ৰজ্ঞা মিডিয়াহাইপ পাব্লিকেচন, ২০২৫)

চিত্ৰনাট্য

১৯৯১ চনত প্ৰভাত গোস্বামী চাকৰি সূত্ৰে গুৱাহাটীলৈ বদলি হৈ আহে। সেই সময়ৰ পৰা লেখকগৰাকী চিত্ৰনাট্য ৰচনাৰ কামত মনোনিৱেশ কৰে। উল্লেখ্য যে, সেই সময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আৰম্ভ হৈছে মাত্ৰ। চিত্ৰনাট্য ৰচনা কৰা মানুহৰ সংখ্যা তেনেই কম। সেয়েহে বাধ্যত পৰি প্ৰভাত গোস্বামীয়ে এটা সময়ত বহু চিত্ৰনাট্য লিখিবলগীয়া হয়। প্ৰভাত গোস্বামী সম্ভৱতঃ গুৱাহাটী দূৰদৰ্শনৰ সৰ্বাধিক সম্প্ৰচাৰিত ধাৰাবাহিকৰ চিত্ৰনাট্যকাৰ। গুৱাহাটী দূৰদৰ্শনৰ উপৰিও ব্যক্তিগত চেটেলাইট ছেনেল ৰং, ৰেঙণি, জোনাক আদি ছেনেলৰ বাবে তেওঁ এহেজাৰৰো অধিক ধাৰাবাহিকৰ বাবে চিত্ৰনাট্য ৰচনা কৰিছে। তাৰোপৰি প্ৰায় ৪০ খন ভি চি ডি ছবিৰ বাবে চিত্ৰনাট্য ৰচনা কৰিছে। আনহাতে প্ৰায় বিশখনৰো অধিক তথ্যচিত্ৰ, প্ৰায় দহখন মান চুটি ছবিৰ চিত্ৰনাট্য ৰচনাৰ লগতে দুখন চুটি ছবি পৰিচালনা কৰে। শেষ উপহাৰ, আজান ফকীৰ চাহেব, বৰলাৰ ঘৰ আৰু অপৰাজিতা নামৰ চাৰিখন অসমীয়া চলচ্চিত্ৰৰ বাবে প্ৰভাত গোস্বামীয়ে চিত্ৰনাট্য ৰচনা কৰে।

ব্যংগ ৰচনা

১৯৯১ চনৰ পৰা প্ৰভাত গোস্বামীয়ে ব্যংগ ৰচনাত মনোনিৱেশ কৰে। সপ্তাহ দৰ্পণ নামৰ কাকতত প্ৰথম ব্যংগ ৰচনা লিখিবলৈ আৰম্ভ কৰি পৰৱৰ্তী সময়ত গিৰিজনি আলোচনী, নতুন দৈনিক, অসমীয়া প্ৰতিদিন, এদিনৰ সংবাদ, অসমীয়া খবৰ, দৈনিক জনমভূমি আদি কাকতত ধাৰাবাহিভাৱে ব্যংগ ৰচনা লিখিবলৈ লয়। প্ৰভাত গোস্বামীয়ে অসমৰ প্ৰায়বোৰ জনপ্ৰিয় কাকত - আলোচনীৰ বাবে ব্যংগ ৰচনা লিখি আহিছে আৰু তেখেতৰ প্ৰকাশিত ব্যংগ গল্পৰ সংখ্যা এহেজাৰৰ অধিক। প্ৰভাত গোস্বামী ৰচিত ব্যংগ গল্প আৰু উপন্যাসৰ সংকলন তিনিখন।

শিশু সাহিত্য

প্ৰভাত গোস্বামীয়ে প্ৰথম মৌচাক (আলোচনী)ৰ বাবে ১৯৮৫ চনত শিশু উপন্যাস লিখিছিল। তাৰ পাছত লাহে লাহে শিশুৰ বিষয়ে পুথি ৰচনা কৰিবলৈ লয়। ১৯৯৬ চনত অসম সাহিত্য সভাই তেখেতৰ সপোনৰ দেশত কনমাণি পাণ্ডুলিপিৰ বাবে নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা প্ৰদান কৰে। প্ৰভাত গোস্বামী ৰচিত শিশু সাহিত্য গ্ৰন্থ ছয়খন। ইতিমধ্যে বিভিন্ন শিশু আলোচনীত তেখেতৰ অসংখ্য শিশু গল্প প্ৰকাশ হৈছে। তেখেতৰ শিশু সাহিত্য ৰচনাৰ আদিপাঠ আৰু শিশু নাটক ৰচনা, পৰিচালনা আৰু অভিনয় দুখন বৰ প্ৰয়োজনীয় গ্ৰন্থ। বৰ্তমানেও তেখেতে শিশু সাহিত্য ৰচনা কৰি আছে।

বিবাহ আৰু পৰিয়াল

১৯৮৪ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে ডিফু নিৱাসী প্ৰয়াত কমল বৰুৱা আৰু প্ৰয়াত ভবদা বৰুৱাৰ দুহিতা দীপা বৰুৱাৰ সৈতে প্ৰভাত গোস্বামী বিবাহপাশত আৱদ্ধ হয়। ২৭ ছেপ্টেম্বৰ, ১৯৬২ চনত ডিফু চহৰত জন্মগ্ৰহণ কৰা দীপা বৰুৱা আছিল এগৰাকী প্ৰতিভাৱান বেডমিন্টন খেলুৱৈ। একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বেডমিন্টন চেম্পিয়ন তথা যোৰহাট জিলাৰ কেইবা বছৰ ধৰি বেডমিন্টন চেম্পিয়ন দীপা বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি ৰাণাৰ্চআপ খিতাপ অৰ্জন কৰিছিল। বিয়াৰ পাছত স্বামীৰ উপাধি গ্ৰহণ কৰা দীপা গোস্বামীয়ে অসংখ্য মঞ্চ নাটক, দূৰদৰ্শনৰ ধাৰাবাহিক আৰু কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল। ২৫ মাৰ্চ, ২০১৩ চনত দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ দীপা গোস্বামীয়ে অকালতে মৃত্যুবৰণ কৰে। পত্নীৰ অকাল বিয়োগত মৰ্মাহত হৈ প্ৰভাত গোস্বামীয়ে বাস্তৱ জীৱনৰ আধাৰত ৰচনা কৰিছিল তেখেতৰ বহু চৰ্চিত উপন্যাস কেঞ্চাৰৰ কেলেণ্ডাৰত তুমি। প্ৰভাত গোস্বামী আৰু দীপা গোস্বামীৰ দুই পুত্ৰ সন্তানৰ নাম নীলাভ গোস্বামী আৰু নিলয় গোস্বামী। ডাঙৰ বোৱাৰী অনন্যা দত্ত আৰু নাতিনী ৱানিয়া গোস্বামী। প্ৰয়াত অভিনেত্ৰী দীপা গোস্বামীৰ নামত দীপা গোস্বামী সোঁৱৰণি ন্যাস গঠন কৰা হয় আৰু এই ন্যাসে ২০১৪ চনৰ পৰা প্ৰতি বছৰে দীপা গোস্বামী শিল্পী বঁটা প্ৰদান কৰি আহিছে। ৭

বঁটা, সন্মান আৰু স্বীকৃতি

অসমৰ নাট্যকলা, সাহিত্য আৰু চলচ্চিত্ৰ শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰভাত গোস্বামীক বিভিন্ন অনুষ্ঠানে আগবঢ়াই আহিছে বঁটা, সন্মান আৰু স্বীকৃতি। প্ৰভাত গোস্বামীয়ে লাভ কৰা বিভিন্ন বঁটা, সন্মান আৰু স্বীকৃতিৰ ভিতৰত আছে:

• ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰণালয়ে প্ৰভাত গোস্বামী ৰচিত শেষ উপহাৰ অনাতাঁৰ নাটৰ বাবে ১৯৯৭ চনত প্ৰদান কৰে সন্মানীয় ৰাষ্ট্ৰীয় বঁটা।

• হে স্বৰ্গ বিদায় উপন্যাসৰ বাবে অসম সাহিত্য সভাই ১৯৭৯ চনত প্ৰদান কৰে ৰাজ্যিক বঁটা।

• যন্ত্ৰ মানৱ নাটকৰ বাবে ১৯৮৪ চনত অসম সাহিত্য সভাই প্ৰদান কৰে ৰাজ্যিক বঁটা।

• সুৰংগ নাটকৰ বাবে অসম সাহিত্য সভাই ১৯৮৭ চনত আগবঢ়ায় ৰাজ্যিক বঁটা।

• সপোনৰ দেশত কনমাণি শিশু সাহিত্যৰ বাবে ১৯৯৬ চনত অসম সাহিত্য সভাই প্ৰদান কৰে ৰাজ্যিক বঁটা।

• সত্যমেৱ জয়তে ধাৰাবাহিকৰ শ্ৰেষ্ঠ কাহিনীৰ বাবে ২০০৪ চনত প্ৰভাত গোস্বামীয়ে লাভ কৰে ৰাজ্যিক পৰ্যায়ৰ জ্যোতিৰূপা জইন্ট মিডিয়া এৱাৰ্ড।

• গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত আমিও মানুহ ধাৰাবাহিকৰ বাবে ২০০৪ চনত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাজ্যিক পৰ্যায়ৰ জ্যোতিৰূপা জইন্ট মিডিয়া এৱাৰ্ড লাভ কৰে।

• আজান ফকীৰ চাহেব চলচ্চিত্ৰৰ চিত্ৰনাট্যৰ বাবে ২০০৮ চনত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাজ্যিক পৰ্যায়ৰ চিত্ৰলেখা বঁটা লাভ কৰে।

• শিশুসকলৰ সাহিত্য সংস্কৃতিৰ অনুষ্ঠান অকণিৰ সাহিত্য সভাৰ অসমীয়া শিশু সাহিত্য বঁটা ২০২৪ লাভ।

তথ্যসূত্ৰ

  1. ↑ অসমীয়া প্ৰতিদিন, ১৩ নৱেম্বৰ, ২০২৫
  2. ↑ অসমীয়া ভাষাত সৰ্বাধিক সংখ্যক শিশু নাট ৰচনা কৰা নাট্যকাৰ প্ৰভাত গোস্বামী
  3. ↑ প্ৰভাত গোস্বামীলৈ ২০২৪ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা. asomiyapratidin.in
  4. ↑ নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ, ২০২৫
  5. ↑ শিশু নাটক: অতীত, বৰ্তমান আৰু ভৱিষ্যৎ | লেখক: প্ৰভাত গোস্বামী | পৃষ্ঠা নং ৮৪ | নাটঘৰ | প্ৰকাশক: অসম নাট্য সন্মিলন | প্ৰথম প্ৰকাশ: ২০২৪
  6. ↑ সংস্কৃতিৰ দাপোণ, পৃষ্ঠা নং ৬ | ছেপ্টেম্বৰ সংখ্যা, ২০২৪
  7. ↑ দৈনিক জনমভূমি | পৃষ্ঠা নং ৩ | ২৮ ছেপ্টেম্বৰ, ২০২৬

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাত গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬৪০৪৫৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।