অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দলিপ কৌৰ তিৱানা

দলিপ কৌৰ তিৱানা (Dalip Kaur Tiwana; ৪ মে’ ১৯৩৫ – ৩১ জানুৱাৰী ২০২০) হ’ল সমসাময়িক পাঞ্জাৱী সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু চুটি-গল্প লেখক। তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত সাহিত্যিক আছিল আৰু এই দুয়ো ক্ষেত্ৰতে বিভিন্ন বঁটা-বাহন লাভ কৰিছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

দলিপ কৌৰ তিৱানা (Dalip Kaur Tiwana; ৪ মে’ ১৯৩৫ – ৩১ জানুৱাৰী ২০২০) হ’ল সমসাময়িক পাঞ্জাৱী সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু চুটি-গল্প লেখক।১ তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত সাহিত্যিক আছিল আৰু এই দুয়ো ক্ষেত্ৰতে বিভিন্ন বঁটা-বাহন লাভ কৰিছিল। তেওঁৰ লেখা অন্যান্য ভাৰতীয় ভাষালৈ অনূদিত হৈছে। তেওঁ পাঞ্জাৱী সাহিত্যৰ অধ্যাপক আৰু পাটিয়ালাৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ডীন হিচাপে অৱসৰ গ্ৰহণ কৰে। পাঞ্জাৱী ভাষাত সমসাময়িক সাহিত্য ৰচনাত তেওঁক আ ট্যুৰ-ডি-ফৰ্চ হিচাপে কৃতিত্ব দিয়া হয়।

জীৱনপঞ্জী

১৯৩৫ চনৰ ৪ মে’ তাৰিখে, ব্ৰিটিছ ভাৰতৰ অধীনত পাঞ্জাৱৰ লুধিয়ানাৰ ৰাব্বন গাঁৱৰ এটি অৱস্থাপন্ন জমিদাৰ পৰিয়ালত দলিপ কৌৰ তিৱানাৰ জন্ম হয়। তেওঁ পাটিয়ালাত পঢ়া-শুনা কৰিছিল, য'ত তেওঁৰ খুৰাক চৰ্দাৰ চাহিব তাৰা সিং সিদ্ধু কাৰাগাৰৰ মহা নিৰীক্ষক আছিল। তেওঁৰ এক উল্লেখনীয় শৈক্ষিক কেৰিয়াৰ আছিল। স্নাতকোত্তৰ পৰীক্ষাত তেওঁ প্ৰথম স্থান পাই পাছ কৰিছিল আৰু চন্দীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।২

১৯৬৩ চনত তেওঁ পাটিয়ালাৰ পাঞ্জাৱ বিশ্ববিদ্যালয় প্ৰবক্তা হিচাপে যোগদান কৰে আৰু পিছত অধ্যাপক৩ আৰু পাঞ্জাৱী বিভাগৰ মুৰব্বী তথা ভাষা বিজ্ঞানৰ ডীন পদলৈ পদোন্নতি হয়। তেওঁ এবছৰৰ বাবে ইউজিচিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবক্তাও আছিল। তেওঁ প্ৰায়ে ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত বক্তৃতা প্ৰদান কৰিছিল; য’ত তেওঁ সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কৃত হৈছিল।

তেওঁ সমাজবিজ্ঞানী, কবি তথা অধ্যাপক ভূপিন্দৰ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ পুত্ৰ ড° চিমৰণজিৎ সিং পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক। ড° তিৱানাই তেওঁৰ পৰিয়ালৰ সৈতে পাটিয়ালাৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ চৌহদত বাস কৰিছিল।

২০১৫ চনৰ ১৪ অক্টোবৰ তাৰিখে, তেওঁ দেশত বৰ্ধিত ‘অসহিষ্ণুতা’ৰ বিৰুদ্ধে প্ৰতিবাদ জনাই তেওঁৰ পদ্মশ্ৰী (দেশৰ দ্বাৰা প্ৰদান কৰা এজন ভাৰতীয় লেখকৰ বাবে সৰ্বোচ্চ সন্মান) ঘূৰাই দিছিল। সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০০৪ চনত এই বঁটা প্ৰদান কৰা হৈছিল।৪

স্বীকৃতি

শৈক্ষিক বঁটা

  1. ইউজিচি নেচনেল লেকচাৰশ্বিপৰ দ্বাৰা সান্মানিত।

সাহিত্য বঁটা

  1. পঞ্জাৱ চৰকাৰৰ দ্বাৰা সাধনা গল্প-সংগ্ৰহৰ বাবে শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাজ্যিক পুৰস্কাৰ (১৯৬০-৬১)
  2. আমেৰিকান বায়’গ্ৰাফিকেল প্ৰতিষ্ঠান, ইউএছএৰ দ্বাৰা ৱুৱেন অৱ দ্য ইয়েৰ বঁটা প্ৰদান। (১৯৫৫)
  3. এহো হামাৰা জীৱন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা। (১৯৭১)৫
  4. পুঞ্জন ৱিছ পৰমেশ্বৰৰ বাবে শিক্ষা আৰু সাংস্কৃতিক মন্ত্ৰালয় বঁটা। (১৯৭৫)
  5. পীলে পট্যান দি দাস্তান গ্ৰন্থৰ বাবে নানক সিং পুৰস্কাৰ (পাঞ্জাৱ চৰকাৰৰ ভাষা বিভাগ)
  6. আত্মজীৱনীৰ বাবে গুৰমুখ সিং মুছাফিৰ বঁটা (পাঞ্জাৱ চৰকাৰৰ ভাষা বিভাগ)
  7. নংগে পেইৰন কা চফৰ, ১৯৮২
  8. পাঞ্জাৱ চৰকাৰৰ ভাষা বিভাগৰ শ্ৰীমতী সাহিত্যকাৰ বঁটা; ১৯৮৭
  9. পাঞ্জাৱ চৰকাৰৰ প্ৰমাণ পত্ৰ, ১৯৮৯
  10. পাঞ্জাৱ সাহিত্য অকাডেমি, লুধিয়ানাৰ ধালিৱাল বঁটা (১৯৯১)
  11. দশকটোৰ শ্ৰেষ্ঠ ঔপন্যাসিক, (১৯৮০-৯০), পাঞ্জাৱ একাডেমী, দিল্লী, ১৯৯৩
  12. কথা কহো উৰ্বশী উপন্যাসৰ বাবে সৰস্বতী সন্মান, (২০০১)৬
  13. শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী, (২০০৪)৭
  14. পাঞ্জাৱ চৰকাৰৰ পাঞ্জাৱ সাহিত্য ৰতন, (২০০৮)
  15. অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি লিট বঁটা লাভ। (২০১১)

তথ্যসূত্ৰ

  1. ↑ (14 October 2015). Writer Dalip Kaur Tiwana returns Padma Shri, RSS lashes out. Indianexpress.com
  2. ↑ Dr. Dalip Kaur Tiwana. Ludhianadistrict.com
  3. ↑ Privacy Policy | Punjab News - Quami Ekta Punjabi Newspaper (ਕੌਮੀ ਏਕਤ…
  4. ↑ (14 October 2015). Writer Dalip Kaur Tiwana returns Padma Shri, RSS lashes out. Indianexpress.com
  5. ↑ Awards & fellowships-Akademi Awards
  6. ↑ The Tribune, Chandigarh, India – Nation. Tribuneindia.com
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকগল্পকাৰঔপন্যাসিকপদ্মশ্ৰী বঁটা বিজয়ীসৰস্বতী সন্মান বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলিপ কৌৰ তিৱানা” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৩৯ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।