অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জীত থাইল

জীত থাইল (Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জীত থাইল (Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি১, ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা২ লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল। কিতাপখন ২০১২ চনৰ ‘মেন বুকাৰ প্ৰাইজ’ৰ২ আৰু ‘দ্য হিন্দু লিটাৰেৰী প্ৰাইজ’ৰ বাবে মনোনীত হৈছিল।৩

সংক্ষিপ্ত জীৱনী

ভাৰতৰ কেৰালাত থাইলৰ জন্ম হৈছিল। তেওঁৰ দেউতাক থাইল জেকব চনি জৰ্জ এগৰাকী লেখক তথা সাংবাদিক আছিল আৰু কৰ্মসূত্ৰে বিভিন্ন ঠাইলৈ বদলি হৈছিল। দেউতাকৰ কৰ্মসূত্ৰে পৰিয়ালটোৱেই বিভিন্ন ঠাইত থাকিবলৈ লৈছিল। ৮ বছৰ বয়সলৈ থাইল মুম্বাইত ডাঙৰ-দীঘল হয় আৰু তাৰপিছত হংকঙলৈ যায় যদিও পুনৰ উভতি আহি উইলচন কলেজৰপৰা স্নাতক ডিগ্ৰী লয়। পিছলৈ নিউয়ৰ্কৰ চাৰা লৰেন্স কলেজৰপৰা তেওঁ এমএফএ (মাষ্টাৰ অৱ ফাইন আৰ্ট) ডিগ্ৰী গ্ৰহণ কৰে। ৪০ বছৰ বয়সলৈ থাইল মুম্বাইত আৰু বেংগালুৰুত থাকি মুম্বাই, বেংগালুৰু, হংকং আৰু নিউয়ৰ্কত সাংবাদিক হিচাপে কাম কৰে।

দ্য হিন্দুক দিয়া এটি সাক্ষাৎকাৰৰ সময়ত থাইলে এই কথা সদৰি কৰিছিল যে, দুই দশক জুৰি তেওঁ সুৰাসক্ত আছিল আৰু ড্ৰাগচ সেৱন কৰিছিল। ১৮ বছৰ বয়সত হংকঙৰপৰা ঘূৰি অহাৰ পিছতে তেওঁ নিচাৰ কৱলত পৰিছিল। ২০১৩ চনৰ গাল্ফ নিউজৰ এটি সাক্ষাৎকাৰত ৪২ বছৰ বয়সত সফলতাৰে তেওঁ নিচামুক্ত বুলি ঘোষণা কৰিছিল।

এগৰাকী গীতিকাৰ আৰু গীটাৰিষ্ট ৰূপে তেওঁ সমসাময়িক সংগীত প্ৰকল্প শ্ৰীধৰ/থাইল (মুম্বাই, নতুন দিল্লী)ৰ অংশ।

গ্ৰন্থপঞ্জী

কবিতাকল্প-কাহিনীসম্পাদনা

তথ্যসূত্ৰ

  1. ↑ Sahitya Akademi: Who's Who of Indian Wiriters. Sahitya Akademi
  2. ↑ Pathak, Nilima. (January 13, 2013). Jeet Thayil: derided at home, loved abroad. Gulf News
  3. ↑ Jeet Thayil - Literature. literature.britishcouncil.org

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিককবিঔপন্যাসিকইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীত থাইল” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৩৭ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।