সাহিত্যিক
২৭১ প্ৰবন্ধ
-
আদিৱ পিশাৱৰী
ছৈয়দ আহমদ আদিব পিশাৱৰী (Seyyed Ahmad Adib Pishavari) পিশাৱৰীক ছায়িদ আহমদ বি. চেহাব আল-দিন ৰাজাভি বুলিও জনাজাত আছিল। ( জন্ম, ১৮৪৪ – মৃত্যু,৩০ জুন ১৯৩০)। পিশাৱৰী আছিল আধুনিক পাকিস্তানৰ পেছাৱাৰত বা তাৰ ওচৰত জন্মগ্ৰহণ কৰা এজন চুফী পণ্ডিত আৰু উমৰ ছ'হৰাৱাৰ্ডিৰ বংশধৰ। আদিব পাৰ্চী সাহিত্যত নিপুণ আছিল।
-
আন্না বুনিনা
আন্না পেট্ৰ'ভনা বুনিনা, জন্ম: ১৮ জানুৱাৰী, ১৭৭৪ চন আৰু মৃত্যু: ১৬ ডিচেম্বৰ, ১৮২৯চন; এগৰাকী ৰাছিয়ান কবি। তেওঁ আছিল প্ৰথম মহিলা ৰাছিয়ান লেখিকা, যিয়ে কেৱল সাহিত্য কৰ্মৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল। ইভান বুনিন আৰু ভাচিলি জুকোভস্কি যিটো সম্ভ্ৰান্ত পৰিয়ালৰ আছিল, আন্নাও সেইটো পৰিয়ালে সন্তান।
-
আন্না মাৰিয়া আৰ্ডুইনো
আন্না মাৰিয়া আৰ্ডুইনো (১৬৭২–১৭০০) ইটালীৰ এজন ৰিজেণ্ট, সমাজসেৱক, চিত্ৰশিল্পী আৰু লেখক আছিল। ১৬৯৯–১৭০০ চনত তেওঁৰ পুত্ৰ ৰাজকুমাৰ দ্বিতীয় নিকোলো লুডোভিছৰ সংখ্যালঘু হোৱাৰ সময়ত তেওঁ পিওম্বিনো প্ৰিন্সিপালিটিৰ ৰিজেণ্ট আছিল।
-
আন্না মেকেঞ্জী
আন্না মেকেঞ্জী ( Anna Mackenzie; জন্ম: ২২ এপ্ৰিল ১৯৬৩) নিউজিলেণ্ডৰ এগৰাকী প্ৰাপ্তবয়স্ক আৰু যুৱ প্ৰাপ্তবয়স্ক দৰ্শকৰ বাবে সমসাময়িক, ঐতিহাসিক আৰু জল্পনা-কল্পনাৰ কল্পকাহিনীৰ লেখিকা।
-
আবেদ আবেষ্ট
আবেদ আবেষ্ট (জন্ম ১৯৮৭, বান্দৰ আব্বাছ, ইৰান) হৈছে এজন ইৰানী পৰিচালক, লেখক আৰু অভিনেতা। তেওঁ শ্বাহৰাম মুক্ৰীৰ চলচ্চিত্ৰ ফিচ এণ্ড কেটত অভিনয় কৰিছিল, যিখন চলচ্চিত্ৰই ভেনিছ চলচ্চিত্ৰ উৎসৱত (২০১৩) হৰাইজন বঁটা লাভ কৰিছিল।
-
আব্দুল ৰহমান মুনিফ
আব্দুল ৰহমান বিন ইব্ৰাহিম আল-মুনিফ (Abdul Rahman Munif; ২৯ মে', ১৯৩৩ - ২৪ জানুৱাৰী, ২০০৪)-ক আব্দুল ৰহমান মুনিফ নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী ঔপন্যাসিক, চুটি গল্প লেখক, স্মৰণকাৰী, সাংবাদিক, চিন্তাবিদ আৰু সাংস্কৃতিক সমালোচক।
-
আমিনা আল আদৱান
আমিনা আল আদৱান,(Amina Al Adwan) এগৰাকী জৰ্ডানৰ লেখিকা, কবি আৰু সমালোচক। জৰ্ডানৰ লেখক সংস্থাৰ অন্যতম প্ৰতিষ্ঠাপক। সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰিছিল আৰু আফকাৰ আলোচনী, Swt Algeel magazine আৰু ফুনুন আলোচনীৰ মুখ্য সম্পাদক আছিল।
-
আমীৰ হাছান ছেহেলতান
আমিৰ হাছান চেহেলতান ( Amir Hassan Cheheltan); (জন্ম ১৯৫৬) এজন ইৰাণী লেখক। তেওঁৰ ১২খন উপন্যাস, ছটা খণ্ডৰ চুটিগল্প আৰু ইয়াৰ এখন চিত্ৰনাট্য ইৰাণত নিষিদ্ধ। তেওঁৰ বহুতো গ্ৰন্থ ইংৰাজী, জাৰ্মান, ইটালীয়, নৰৱেজিয়ান, লিথুৱেনিয়ান, আৰবী আৰু হিব্ৰুলৈ অনুবাদ কৰা হৈছে।
-
আমৰাণ মহম্মদ আহমেদ
আমৰাণ মহম্মদ আহমেদ ( Amran Mohamed Ahmed; জন্ম: ১২ এপ্ৰিল ১৯৫৪ চনত হাৰগেইছাত) এগৰাকী ছোমালি লেখিকা, কবি আৰু সাংবাদিক, যিয়ে ২০০৫ চনত ফিনলেণ্ডৰ শৰণাৰ্থী পৰিষদে "বছৰৰ শৰণাৰ্থী মহিলা" হিচাপে নিৰ্বাচিত হয়।
-
আলেক্সঁদ্ৰ দ্যুমা
আলেক্সঁদ্ৰ দ্যুমা (Alexandre Dumas,; ২৪ জুলাই ১৮০২ – ৫ ডিচেম্বৰ ১৮৭০), যিজন আলেক্সঁদ্ৰ দ্যুমা পেৰ নামেৰেও পৰিচিত, আছিল এজন ফৰাছী ঔপন্যাসিক, নাট্যকাৰ,প্ৰবন্ধকাৰ। তেওঁ মূলত: ঐতিহাসিক সমল আৰু দুঃসাহসিক ৰোমাঞ্চকৰ অভিযানক লৈ লিখা উপন্যাস সমূহৰ বাবে বিখ্যাত।
-
আহমদ আলি
আহমদ আলি (Ahmed Ali; ১ জুলাই ১৯১০ দিল্লীত – ১৪ জানুৱাৰী ১৯৯৪) এগৰাকী পাকিস্তানী ঔপন্যাসিক, কবি, সমালোচক, অনুবাদক, কূটনীতিবিদ আৰু পণ্ডিত আছিল। আধুনিক উৰ্দু চুটি গল্পৰ তেওঁ আছিল এগৰাকী পথপ্ৰদৰ্শক।
-
ই গুমচ'ল
ই গুমচ'ল (কোৰিয়ান: 리금철, Yi Kŭmch'ŏl) এগৰাকী উত্তৰ কোৰিয়াৰ সাহিত্যিক, যি গুপ্তচৰ কাহিনী, বিজ্ঞান কল্পকাহিনী আৰু প্ৰযুক্তি-থ্ৰিলাৰ উপন্যাস লিখাৰ বাবে জনাজাত। কোৰিয়ান বিজ্ঞান কল্পকাহিনীৰ অন্যতম প্ৰধান ব্যক্তিত্ব হিচাপে ই গুমচ'ল উত্তৰ কোৰিয়াৰ আটাইতকৈ অধিক বিজ্ঞান কল্পকাহিনী লিখা লেখকসকলৰ ভিতৰত এজন।
-
ইউৰি বেজমেনভ
ইউৰি আলেকজেণ্ডাৰভিচ বেজমেনভ (Yuri Alexandrovich Bezmenov; ১১ ডিচেম্বৰ, ১৯৩৯ – ৫ জানুৱাৰী, ১৯৯৩; ওৰফে: টমাছ ডেভিদ শ্বুমান ১৯৮০ৰ দশকত প্ৰকাশিত মাৰ্ক্সবাদী, ছোভিয়েট বিৰোধী আৰু নাস্তিক বিৰোধী বক্তৃতা আৰু কিতাপৰ বাবে বেজমেনভক বেছিকৈ স্মৰণ কৰা হয়।
-
ইফ্ফত আৰা
শামসুন নাহাৰ ইফ্ফত আৰা (Shamsun Nahar Iffat Ara; জন্ম: ১৯৩৯) বা ইফ্ফত আৰা এগৰাকী বাংলাদেশী লেখক, সমাজ কৰ্মী আৰু সাহিত্য উদ্যোগী। ১৯৫০চনৰ শেষৰ ফালৰপৰা তেওঁ চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেইবোৰ ‘দ্য আজাদ’ৰ দৰে বাংলাদেশৰ নামী কাকতত প্ৰকাশ হৈছিল।
-
ইমুনা ইলন
ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।
-
ইয়ন ফ'ছে
ইয়ন অলাভ ফ'ছে (Jon Olav Fosse,; জন্ম ২৯ ছেপ্টেম্বৰ ১৯৫৯) এগৰাকী নৰৱেৰ লেখক, অনুবাদক আৰু নাট্যকাৰ। ২০২৩ চনত তেওঁ "অব্যক্ত কথাবোৰক কণ্ঠদান কৰা উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে" সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
ইয়ান কেৰশ্ব
ছাৰ ইয়ান কেৰশ্ব (Ian Kershaw) FRHistS FBA (জন্ম ২৯ এপ্ৰিল ১৯৪৩) এজন ইংৰাজ ইতিহাসবিদ যাৰ কাম মূলতঃ ২০ শতিকাৰ জাৰ্মানীৰ সামাজিক ইতিহাসৰ ওপৰত কেন্দ্ৰিত। তেওঁক বহুতে এডল্ফ হিটলাৰ আৰু নাজী জাৰ্মানীৰ বিশ্বৰ অন্যতম আগশাৰীৰ বিশেষজ্ঞ হিচাপে গণ্য কৰে আৰু বিশেষকৈ হিটলাৰৰ জীৱনীৰ বাবে তেওঁক বিখ্যাত।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
ইৱোনা স্মিলেভ’স্কা
ইৱোনা স্মিলেভ’স্কা ( Iwona Chmielewska; জন্ম: ১৯৬০) এগৰাকী পোলেণ্ডৰ লেখিকা আৰু চিত্ৰকৰ, যিয়ে মূলতঃ শিশুৰ বাবে প্ৰকাশ কৰে যদিও প্ৰাপ্তবয়স্কৰ বাবেও সৃষ্টি প্ৰকাশ কৰে। তেওঁৰ বহু ৰচনা দক্ষিণ কোৰিয়াত প্ৰকাশ পাইছে, য’ত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
-
উমা আলট’নেন
উল্লা-মাইজা "উমা" আলট’নেন (২৮ আগষ্ট ১৯৪০, ভিহটি – ১৩ জুলাই ২০০৯, হেলচিংকি) এগৰাকী ফিনলেণ্ডৰ লেখক, সাংবাদিক আৰু গ্ৰীণ লীগৰ ৰাজনীতিবিদ আছিল।
-
এডাম গ্ৰাণ্ট
এডাম এম. গ্ৰাণ্ট (Adam Grant), (জন্ম: ১৩ আগষ্ট, ১৯৮১) জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ অধ্যাপক যি ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান(সাংগঠনিক মনোবিজ্ঞান)ত বিশেষজ্ঞ।
-
এন এপলবাম
এন এলিজাবেথ এপলবাম (Anne Elizabeth Applebaum),জন্ম: ২৫ জুলাই, ১৯৬৪) এগৰাকী আমেৰিকীয় সাংবাদিক আৰু ইতিহাসবিদ। সাম্যবাদৰ ইতিহাস, মধ্য আৰু পূব ইউৰোপৰ নাগৰিক সমাজৰ বিকাশৰ বিষয়ে তেওঁ লিখা-মেলা কৰিছে। তেওঁৰ পোলেণ্ডৰ নাগৰিকত্বও আছে।
-
এমিলি এণ্ডাৰছন
অটিন কেৰ’লিন এমিলি এণ্ডাৰছন (১৮৯৫–১৯৭০) এগৰাকী ডেনিছ ইতিহাসবিদ আৰু আৰ্কাইভিষ্ট আছিল। তেওঁ এগৰাকী গভীৰ গৱেষক, তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ গ্ৰামছ হিষ্ট’ৰী (১৯২৬) আছিল জুটলেণ্ডৰ দক্ষিণে থকা গ্ৰামত থকা গ্ৰাম এষ্টেট ৰ বিশদ ইতিহাস যিটো তেওঁ ইয়াৰ মালিক এডলফ ব্ৰকেনহুছ শ্বেকৰ বাবে গ্ৰহণ কৰিছিল।
-
এলিছা এছ আমোৰে
এলিছা এছ আমোৰে ( Elisa S. Amore), ১৩ এপ্ৰিল, ১৯৮৪ চনত জন্ম লাভ কৰা এগৰাকী ইটালীৰ ঔপন্যাসিক। হেভেন এণ্ড হেলৰ বিষয়ে লিখা অতিপ্ৰাকৃতিক ৰোমাঞ্চ কাহিনী "টাচড" ছিৰিজৰ তেওঁ লেখিকা। তেওঁৰ ধাৰাবাহিকখন আন্তৰ্জাতিক সফলতা যিটো প্ৰথমে ইটালীৰ প্ৰধান প্ৰকাশক এডিট্ৰাইচ নৰ্ডে ইটালীয় ভাষাত প্ৰকাশ কৰিছিল।
-
এৰিষ্ট'টেলিছ কুৰ্টিডিছ
এৰিষ্ট'টেলিছ কুৰ্টিডিছ (ইংৰাজী: Aristotelis Kourtidis; Αριστοτέλης Κουρτίδης; জন্ম: ১৮৫৮ – ১৯২৮) এজন বিশিষ্ট গ্ৰীক শিক্ষাবিদ আৰু লেখক আছিল।
-
কল্লেন পুকুডান
কল্লেন পক্বুডান ; জন্ম: ১৯৩৭), যাক কন্দল পক্বুডান বুলিও জনা যায়। পকুডান আছিল ভাৰতৰ কেৰালাৰ এজন পৰিৱেশ কৰ্মী আৰু লেখক। | ১৯৮৯ চনৰপৰা কেৰালাৰ মেংগ্ৰোভ বনাঞ্চল সংৰক্ষণ আৰু বিস্তাৰৰ বাবে তেওঁ পৰিচিত আছিল।
-
কাজল আহমদ
কাজল আহমদ ( Kajal Ahmad; জন্ম: ১৯৬৭) এগৰাকী কুৰ্দি কবি আৰু সাংবাদিক, কুৰ্দছেটৰ শ্ব' ডিজেবাউৰ বাবে তেওঁ পৰিচিত। কাজলে ১৯৮৭ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে।
-
কাজুঅ' ইছিগুৰু
ছাৰ কাজুঅ’ ইছিগুৰু (Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন’বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী।
-
কামিলা শামসী
কামিলা শামসী (Kamila Shamsie; জন্ম: ১৩ আগষ্ট, ১৯৭৩) ‘দ্য ৰয়েল চ’ছাইটি অৱ লিটাৰেচাৰ’ৰ এগৰাকী সহযোগী।তেওঁ জন্মসূত্ৰে পাকিস্তানী এগৰাকী ব্ৰিটিছ লেখক তথা ঔপন্যাসিক যাক তেওঁৰ বঁটা প্ৰাপ্ত উপন্যাস হ’ম ফায়াৰৰ বাবে জনা যায়।
-
কিকুক' চুমুৰা
কিকুক' চুমুৰা (津村 記久子, Tsumura Kikuko) অ’ছাকাৰ এগৰাকী জাপানী লেখক। তেওঁ তেওঁৰ সাহিত্য কৰ্মৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য নমা লিটাৰেৰী নিউ ফেচ প্ৰাইজ, দ্য ডাযাই অ’ছামু প্ৰাইজ, দ্য কাৱাবটা য়েচুনেৰি প্ৰাইজ আৰু অ’ডা চাকুন’চুকে প্ৰাইজকে ধৰি বহুসংখ্যক জাপানী সাহিত্য বঁটা লাভ কৰিছে।