অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্তী নায়ক

ড° জয়ন্তী নায়ক (জন্ম ৬ আগষ্ট ১৯৬২) গোৱাৰ এগৰাকী কোংকণী সাহিত্যিক আৰু লোককথাৰ গৱেষক। তেখেত এগৰাকী চুটিগল্প লেখিকা, নাট্যকাৰ, শিশু লেখিকা, লোককথাবিদ, অনুবাদক আৰু গোৱা বিশ্ববিদ্যালয়ৰ কোংকণী বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।তেখেত সাহিত্য অকাডেমীৰ বঁটাও বিজয়ী।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৫ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ড° জয়ন্তী নায়ক (জন্ম ৬ আগষ্ট ১৯৬২) গোৱাৰ এগৰাকী কোংকণী সাহিত্যিক আৰু লোককথাৰ গৱেষক। তেখেত এগৰাকী চুটিগল্প লেখিকা, নাট্যকাৰ, শিশু লেখিকা, লোককথাবিদ, অনুবাদক আৰু গোৱা বিশ্ববিদ্যালয়ৰ কোংকণী বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।১তেখেত সাহিত্য অকাডেমীৰ বঁটাও বিজয়ী। প্ৰায় তিনিটা দশকৰ কেৰিয়াৰত তেওঁ গড়ে বছৰি এখনকৈ কিতাপ লিখি উলিয়াইছে।

লোককথা আৰু লোকসাধু

জয়ন্তী নায়কে গোৱা কোংকণী অকাডেমীৰ লোককথাৰ অংশটোত গুৰুত্ব দিছে৷ যাৰ লক্ষ্য হৈছে "গোৱাৰ চহকী লোককথা সংৰক্ষণ কৰা"।২ তেওঁৰ ৰচনাসমূহৰ ভিতৰত ৰাথা টুজেও ঘুদিঅ', কানেৰ খুণ্টি নাৰী, ট্লয় উখাল্লী কেলিয়ানি, মানালিম গীতাম, পেডনেচো দছৰো আৰু লোকবিম্ব আদি অন্যতম।২

নায়কে লোককথা বিষয়ক ১৬খন গ্ৰন্থ ৰচনা কৰিছে। কোংকণী লোকভেদ নামৰ তেওঁৰ কোংকণী লোককথাৰ গ্ৰন্থখনত কোংকণীভাষী প্ৰব্ৰজনকাৰীসকলৰ মাজত প্ৰচলিত কেইবাটাও লোককথা সন্নিৱিষ্ট কৰিছে৷ ৩

নায়কৰ আমোন্নেম য়েক লোকজিন গ্ৰন্থখনে(গোৱা কোংকণী অকাডেমি, ১৯৯৩) আমোনা গাঁও আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াত ইয়াৰ ইতিহাস, ধৰ্ম, সামাজিক প্ৰথা, উৎসৱ আৰু লোককথা আদি বিষয়সমূহ সামৰি লোৱা হৈছে। ২০১৯ চনত ৰাজাই প্ৰকাশনে মাৰাঠী কাকত লোকমতত প্ৰকাশিত গোৱা লোককথা বিষয়ত তেওঁৰ প্ৰবন্ধৰ সংকলন ‘গুতবন্ধ’ প্ৰকাশ কৰে।

২০০৮ চনত গোৱা কোংকণী অকাডেমীয়ে প্ৰকাশ কৰা ৰোমান (ৰোমি) লিপিৰ কোংকণী লোককথাৰ সংকলন ভেঞ্চিক লোক কাননিও সংকলন আৰু সম্পাদনা কৰিছিল। ইয়াৰ লিপ্যন্তৰ কৰিছে ফেলিচিঅ' কাৰডোজোৱে৷৩

'লোক্ৰং' (২০০৮) হৈছে গোৱান আৰু কোংকণী লোককথাৰ ৰচনা সংকলন।

কোংকণী ভাষাত লেখা-মেলা

ভাষাবিদ তথা কোংকণী সাহিত্যিক মনোহৰাৰায় সাৰদেশায়ে (ডাঃ মনোহৰ ৰায় চৰ্দেছাইও) A History of Konkani Literature: From 1500 to 1992 নায়কৰ চুটিগল্প সংকলন গাৰ্জনৰ বিষয়ে কৈছে- "গৰ্জন মানে The roar (গৰজি উঠা)৷ তেওঁ নিজৰ শক্তিৰ প্ৰতি সচেতন মহিলা। তেওঁৰ সামাজিক অধিকাৰসমূহ ইয়াত "গৰ্জন কৰে।" ই হৈছে দৰিদ্ৰ, দুৰ্বল, নিপীড়িতৰ সপক্ষে শক্তিশালী আৰু ধনীসকলৰ বিৰুদ্ধে বিদ্ৰোহৰ গৰ্জন। তেওঁ জয়ন্তী নায়কৰ নিম্নেম বণ্ড (শেষ বিদ্ৰোহ)ৰ সন্দৰ্ভতো মন্তব্য কৰে যিয়ে "ঈশ্বৰৰ ন্যায়ৰ ধাৰণাটোৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছে"৷ লগতে কয় যে "এইটো সঁচা যে মহিলা লেখিকাসকল এক নিৰ্দিষ্ট আৱেগৰ প্ৰতি প্ৰৱল কিন্তু এই আৱেগক অতিৰঞ্জিত কৰা হোৱা নাই।"৪২০১৯ চনত ৰাজাই পাব্লিকেশ্যনে তেওঁৰ তৃতীয়খন গল্প সংকলন ‘আৰ্ট’ প্ৰকাশ কৰে।

কৰ্মজীৱন

ইংৰাজীৰ উপৰিও তেওঁৰ গল্পসমূহ হিন্দী, মাৰাঠী, তেলেগু আৰু মালয়ালমলৈ অনুবাদ কৰা হৈছে।

তেখেত কোংকণী অকাডেমীৰ সাহিত্য আলোচনী 'অনন্যা'ৰ সম্পাদিকা।

জয়ন্তী নায়কৰ নামটো ২০০৯ চনৰ নৱেম্বৰ মাহত ইনষ্টিটিউট মেনেজেছ ব্ৰাগাঞ্জাৰ ১৩৮ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰকাশ কৰা কথা দৰ্পন নামৰ কংকনী লেখাৰ সংকলন এখনত অন্তৰ্ভুক্ত হৈছে।৫

জয়ন্তী নায়কে ইয়াৰ পূৰ্বে গোৱাৰ আলটো পৰ্ভৰিমৰ পৰা চলি থকা কোংকণী প্ৰশিক্ষণ আৰু গৱেষণা কেন্দ্ৰ থমাছ ষ্টিফেন্স কোংকণী কেন্দ্ৰৰ সৈতে জড়িত আছিল। ২০০৫ চনত তেখেত গোৱা বিশ্ববিদ্যালয়ৰ পৰা কোংকণী ভাষাত পিএইচডি লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। ৬

তথ্যসূত্ৰ

  1. ↑ Ramaa. Joao-Roque Literary Journal est. 2017
  2. ↑ 最新歯科治療法をチェック!インプラントから虫歯治療まで
  3. ↑ Bangalore: Award to Goan Konkani Folklore Reseacher Dr Jayanti Naik
  4. ↑ Saradesāya, Manohararāya. (2000). A History of Konkani Literature: From 1500 to 1992. Sahitya Akademi. পৃ. 202. ISBN 9788172016647
  5. ↑ Konkani writers eye national canvas - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Thomas Stephens Konknni Kendr. www.tskk.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকসাহিত্যিকগৱেষক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্তী নায়ক” প্ৰবন্ধৰ সংশোধন ৪৬৭৪০০ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।