ড॰ প্ৰদীপ হাজৰিকা অসমীয়া সাহিত্যৰ সৈতে জড়িত এগৰাকী সাহিত্যিক। একাধাৰে গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ, সাহিত্য সমালোচক আৰু সু-বক্তা। তেওঁৰ জন্ম হৈছিল ১৯৫১ চনৰ ৫ জুলাইত বৰ্তমানৰ চৰাইদেউ জিলাৰ মাহমৰা মৌজাৰ কচুমাৰি গাঁৱত। তেওঁৰ পিতৃ আছিল মিনাৰাম হাজৰিকা আৰু মাতৃ আছিল প্ৰেমলতা হাজৰিকা। তেওঁ অসমৰ বিভিন্ন মহাবিদ্যালয়ত শিক্ষকতা কৰি ২০১৯ চনত নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।
লেখক: প্ৰণিতা কাকতী
শিক্ষা
কচুমাৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰদীপ হাজৰিকাই পৰৱৰ্তী সময়ত কচুমাৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক, কচুমাৰি বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক, মৰাণ মহাবিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়। ১৯৮১ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়ভেটকৈ পৰীক্ষা দি অসমীয়া বিভাগত প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত অধ্যাপক লীলা গগৈৰ তত্ত্বাৱধানত ১৯৮৮ চনত এম.ফিল. ডিগ্ৰী লাভ কৰে। ২০০১ চনত হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাই প্ৰহ্লাদ কুমাৰ বৰুৱাৰ তত্ত্বাৱধানত ‘অসম বুৰঞ্জীৰ পটভূমিত ৰচিত অসমীয়া নাটকঃ এক সমীক্ষাত্মক অধ্যয়ন’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন
প্ৰদীপ চন্দ্ৰ হাজৰিকাই কৰ্মজীৱনৰ আৰম্ভণি ঘটাই ১৯৭১ চনত দৈনিক জনমভূমি কাকতৰ যোৰহাট সংস্কৰণৰ উপ-সম্পাদক হিচাপে। কচুমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে ১৯৭৪ চনত। ১৯৭৫ চনত অসম চৰকাৰৰ সমবায় বিভাগৰ চাকৰিত যোগদান দিয়াৰ পিছত তেওঁ এই চাকৰি এৰি ১৯৭৭ চনৰ পৰা ১৯৮৬ চনলৈ অসম কৃষি বিশ্ববিদ্যালয়ত, যোৰহাটত প্ৰকাশন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৮৬ চনৰ পৰা ২০১১ চনলৈকে মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কাৰ্যত ব্ৰতী হয়৷১ তাৰ পিছতে তেওঁ ৰাজগড় মহাবিদ্যালয়ত ২০১১ চনত অধ্যক্ষ হিচাপে যোগদান কৰে।১ হাজৰিকাই নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত ২০১৬ চনত মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰি ২০১৯ চনত অৱসৰ গ্ৰহণ কৰে।
সাহিত্য কৰ্ম
প্ৰদীপ হাজৰিকাৰ দ্বাৰা ৰচিত চুটিগল্প সংকলন হৈছে- বাইদেউ' আৰু 'দৈনন্দিন। তেওঁৰ ৰচিত উপন্যাসকেইন হ'ল অৱগাহন', ‘দোকমোকালি” আৰু ‘আবেলিৰ ছবি। হাজৰিকাৰ প্ৰবন্ধ সংকলনকেইখন হ'ল- নাট্য সমীক্ষা’, ‘প্ৰসঙ্গঃ শ্ৰীমন্ত শংকৰদেৱ আৰু ‘প্ৰসঙ্গঃ নাটক। তেওঁৰ একমাত্ৰ ভ্ৰমণ কাহিনীখন হৈছে ‘শীতৰ শেষত ওবামাৰ দেশত। হাজৰিকাৰ গৱেষণা গ্ৰন্থখনো প্ৰকাশ পায়। সেইখন হৈছে “অসম বুৰঞ্জীৰ পটভূমিত ৰচিত অসমীয়া নাটক এক সমীক্ষাত্মক অধ্যয়ন।" সেইদৰেই হাজৰিকাই কেইবাখনো গ্ৰন্থ সম্পাদনাও কৰি থৈ গৈছে। সেইসমূহ হ'ল- অন্য আকাশৰ তৰা', “চিন্তা বিচিত্ৰা', “চৰাইদেউ', 'শ্ৰীমন্ত শংকৰদেৱ আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠী’, ‘মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ অংকীয়া নাট আৰু ঝুমুৰা', শিৱসাগৰ দৰ্পন', 'জ্যোতিশংখ', 'ৰাধিকা', 'ৰঙ্গমঞ্চ” ইত্যাদি।
সন্মান
২০২২ বৰ্ষৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাঘাট অধিবেশনত ড॰ হাজৰিকাক মৰোণোত্তৰভাবে শশীচন্দ্ৰ বৰবৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই বঁটাত প্ৰশস্তিপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰ সৈতে থাকিব নগত এক লাখ টকাৰ চেক।২
তথ্য সংগ্ৰহ
৩. তথ্যদাতা ব্যক্তি:
গৌৰী প্ৰসাদ শৰ্মা, গৱেষক, অসমীয়া বিভাগ,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
৪. হিৰণ্য কুমাৰ বৰা, গৱেষক, অসমীয়া বিভাগ, অসম বিশ্ব বিদ্যালয়
তথ্যসূত্ৰ
- ↑ Litterateur Pradip Hazarika to be conferred with Sashichandra Barbaruah Award. The Sentinel
- ↑ (৪ ফ্ৰেব্ৰুৱাৰী ২০২২). শিক্ষাবিদা ড॰ প্ৰদীপ হাজৰিকালৈ মৰণোত্তৰভাবে 'শশীচন্দ্ৰ বৰবৰুৱা বঁটা'. অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদীপ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩১৩৯৯৫ (১৩ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।