নাদিম আচলম (Nadeem Aslam; জন্ম: ১১ জুলাই ১৯৬৬)১ এগৰাকী ব্ৰিটিছ পাকিস্তানী ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস চিজন অৱ দ্য ৰেইন বাৰ্ডচে বেটি ট্ৰাস্ক এৱাৰ্ড আৰু অথ’ৰ্চ ক্লাব ফাৰ্ষ্ট ন’ভেল বঁটা লাভ কৰিছিল। সমালোচকৰ দ্বাৰা প্ৰশংসিত তেওঁৰ দ্বিতীয় উপন্যাস মেপচ্ ফৰ লষ্ট লাভাৰচ্-এ এনকৰ এৱাৰ্ড আৰু কিৰিয়ামা বঁটা লাভ কৰিছিল আৰু এই উপন্যাসখনক আন্তৰ্জাতিক ডাবলিন সাহিত্য বঁটাৰ বাবে তালিকাভুক্ত কৰা হৈছিল। কলম তৈবিনে তেওঁক সমসাময়িক লেখকসকলৰ ভিতৰত আটাইতকৈ ৰোমাঞ্চকৰ আৰু গুৰুত্বপূৰ্ণ ব্ৰিটিছ ঔপন্যাসিক বুলি উল্লেখ কৰিছে।
দ্য গল্ডেন লিজেণ্ড (২০১৭) হৈছে নাদিমৰ শেহতীয়া উপন্যাস।
প্ৰাৰম্ভিক জীৱন
নাদিমৰ দেউতাক এগৰাকী কমিউনিষ্ট আছিল আৰু তেওঁ ৰাষ্ট্ৰপতি জিয়াৰ শাসন কালত পাকিস্তানৰপৰা পলাই গৈছিল। সেইসূত্ৰে চৈধ্য বছৰ বয়সতে নাদিম পৰিয়ালৰ সৈতে ইউ কেলৈ স্থানান্তৰিত হৈছিল। পৰিয়ালটো পশ্চিম য়ৰ্কচায়াৰৰ হাডাৰ্চফিল্ডত থাকিবলৈ লৈছিল। নাদিমে মানচেষ্টাৰ বিশ্ববিদ্যালয়ত বায়’কেমেষ্ট্ৰি অধ্যয়ন কৰিছিল। কিন্তু লেখাক পেচা ৰূপে লবলৈ বুলি তেওঁ তৃতীয় বাৰ্ষিকত পঢ়া আধাতে সামৰিছিল।২
কৰ্মজীৱন
তেৰ বছৰ বয়সত এখন পাকিস্তানী বাতৰি কাকতত উৰ্দু ভাষাত নাদিমৰ প্ৰথমটো গল্প প্ৰকাশ হৈছিল।
নাদিমৰ প্ৰথমখন উপন্যাস ‘চিজন অৱ দ্য ৰেইন বাৰ্ডচ’ প্ৰকাশ পাইছিল ১৯৯৩ চনত। প্ৰকাশৰ পিছতে উপন্যাসখনে বেটি ট্ৰাস্ক এৱাৰ্ড আৰু অথ’ৰ্চ ক্লাব ফাৰ্ষ্ট ন’ভেল বঁটা লাভ কৰিছিল। পাকিস্তানৰ গ্ৰাম্য জীৱনক চিত্ৰায়িত কৰা উপন্যাসখনক চলমান ৰুশ্বদিয়ে সমসাময়িক লেখকসকলৰ সদ্য প্ৰকাশিত প্ৰথম উপন্যাসসমূহৰ ভিতৰত আটাইতকৈ প্ৰভাৱশালী বুলি উল্লেখ কৰিছিল।
তেওঁৰ দ্বিতীয়খন উপন্যাস নিৰ্মাণ হৈছিল উত্তৰৰ এখন ইংলিচ চহৰত বসবাস কৰা এটি অভিবাসী পাকিস্তানী পৰিয়ালক কেন্দ্ৰ কৰি। ‘মেপচ্ ফৰ লষ্ট লাভাৰচ্’ শীৰ্ষক এই উপন্যাসখন ২০০৪ চনত প্ৰকাশ হৈছিল আৰু ই এনকৰ এৱাৰ্ড আৰু কিৰিয়ামা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।৩ এই উপন্যাসখন মেন বুকাৰ প্ৰাইজৰ বাবেও তালিকাভুক্ত হৈছিল।
নাদিমৰ তৃতীয়খন উপন্যাস ‘দ্য ৱেষ্টেড ভিজিল’, ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত, আলফ্ৰেড আ নুফে প্ৰকাশ কৰিছিল।৪ উপন্যাসখন তেওঁ আফগানিস্তানক লৈ লিখিছে। উপন্যাসখন লিখি থকাৰ সময়ত তেওঁ আফগানিস্তান ভ্ৰমণ কৰিছিল।৫ কিন্তু উপন্যাসখনৰ প্ৰথম পাণ্ডুলিপিটো তৈয়াৰ কৰাৰ সময়ত তেওঁ কেতিয়াও সেই ঠাইডোখৰ দেখা নাছিল।৬ ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে, কিতাপখনে লেখাৰ বাবে প্ৰদান কৰা ৱাৰৱিক প্ৰাইজৰ বাবে মনোনয়ন লাভ কৰিছিল।৭
নাদিমৰ চতুৰ্থখন উপন্যাস ‘দ্য ব্লাইণ্ড মেনচ্ গাৰ্ডেন’ চ’ছাইটি অৱ লিটাৰেচাৰে প্ৰদান কৰা Ondaatje Prize 2০১৪ ৰ বাবে তালিকাভুক্ত হৈছিল। ২০১২ চনত তেওঁ ৰয়েল চ’ছাইটি অৱ লিটাৰেচাৰৰ ফেল’ নিৰ্বাচিত হয়।
তথ্যসূত্ৰ
- ↑ Jaggi, Maya. (26 January 1913). Nadeem Aslam: a life in writing. The Guardian. পৃ. 33
- ↑ Nadeem Aslam. British Council Literature
- ↑ "Press Room" . The Kiriyama Prize. Retrieved September 16, 2014
- ↑ Random House
- ↑ Bookbrowse.com
- ↑ BBC World Service, The Word, 14 October 2008
- ↑ The Warwick Prize for Writing, 2011 archive. Retrieved 1 November 2015
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাদিম আচলম” প্ৰবন্ধৰ সংশোধন ৩৯৪২৩৬ (১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।