কুঞ্জাং চোডেন (জন্মঃ ১৯৫২) হৈছে এগৰাকী ভূটানৰ লেখক।১ ইংৰাজী ভাষাত উপন্যাস লিখা তেওঁ হ'ল ভূটানৰ প্ৰথমগৰাকী মহিলা।
জন্ম আৰু ব্যক্তিগত জীৱন
ভূটানৰ বুমথাং জিলাত চোডেনৰ জন্ম। তেওঁৰ পিতৃ-মাতৃ আছিল সামন্তবাদী জমিদাৰ। ন বছৰ বয়সত পিতৃয়ে তেওঁক ভাৰতৰ বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে পঠিয়াইছিল আৰু তাতেই তেওঁ ইংৰাজী শিকিছিল। তেওঁ দিল্লীৰ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা মনোবিজ্ঞানত অনাৰ্ছসহ বি. এ. আৰু নেব্ৰাস্কা-লিংকন বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিষয়ত বি. এ. ডিগ্ৰী লাভ কৰিছিল। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ বাবে তেওঁ ভূটানত কাম কৰিছে। তেওঁ আৰু তেওঁৰ ছুইছ স্বামী বৰ্তমান থিম্পুত বসবাস কৰে।২
সাহিত্য কৰ্ম
জুবান পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেডে ২০০৫ চনত প্ৰকাশ কৰা দ্য চাৰ্কল অৱ কৰ্মা নামৰ উপন্যাসখন হৈছে তেওঁৰ প্ৰথমখন উপন্যাস। ১৯৫০-ৰ দশকত ভূটানত সম্ৰাট নিয়ন্ত্ৰিত আধুনিকীকৰণৰ প্ৰাৰম্ভিক সময়ছোৱাত ঘটনাৰে উপন্যাসৰ কাহিনী সংঘটিত হৈছে। উপন্যাসৰ মুখ্য চৰিত্ৰ হ'ল এগৰাকী ভূটানী মহিলা আৰু এজন পেছাত পথ নিৰ্মাতা; প্ৰাক্-আধুনিক ভূটানৰ পৰম্পৰাগত নিয়ন্ত্ৰয়ণমূলক লিংগ ভূমিকা আৰু পুৰুষসকলে অৰ্থনৈতিক স্বাধীনতা লাভ কৰাৰ লগে লগে বিকশিত হোৱা নতুন ধৰণৰ যৌনবাদ - এই দুয়োটাৰ সৈতে মোকাবিলা কৰিবলৈ বাধ্য হয়।৩ উপন্যাসখনৰ বেছিভাগ অংশ উত্তৰ ভাৰতৰ পটভূমিত ৰচিত।
চোডেন আৰু তেওঁৰ পৰিয়ালে ২০১২ চনত থিম্পুত ৰিয়াং বুকছ নামেৰে এটি প্ৰকাশন প্ৰতিষ্ঠা কৰে।৪৫
অন্যান্য কৰ্ম
২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ সময়ত চোডেনৰ চলচ্চিত্ৰ নিৰ্মাতা কন্যা ডেচেন ৰডাৰে তেওঁৰ মাকে গল্প পঢ়ি থকাৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল আৰু সেইবোৰ লকডাউনৰ সময়ত ঘৰত আৱদ্ধ হৈ থকা শিশুসকলৰ বাবে ইউটিউবত পোষ্ট কৰিছিল।৬
প্ৰায় ২০০০ চনৰ পৰা কুঞ্জাং চোডেন আৰু তেওঁৰ স্বামীয়ে পৰিয়ালৰ আন সদস্যসকলৰ সৈতে তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ অ'গিয়েন চোলিঙত এটি ৰাজভৱন আৰু এক ধৰ্মীয় কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে কাম কৰিছিল। ভূটানৰ পঞ্জীয়নভুক্ত অসামৰিক সামাজিক সংস্থা ওগেন চোলিং ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত ইয়াৰ কাষৰ মন্দিৰ আৰু তাত থকা সকলো শিল্পকলা আৰু সম্পদৰ সৈতে ৰাজভৱনটিক এক সাংস্কৃতিক ঐতিহ্যলৈ ৰূপান্তৰিত কৰা হৈছে। আজি, অ'গিয়েন চোলিং অতীত ভূটানৰ পৰম্পৰাগত জীৱনৰ এক দৃষ্টান্তমূলক সংগ্ৰহালয়। ইয়াৰ চৌহদ ভালদৰে ৰক্ষণাবেক্ষণ কৰা হয় আৰু দৰ্শনাৰ্থীসকলে আধুনিক সা-সুবিধাৰ সৈতে অতি আৰামদায়ক অতিথিশালাত থাকিব পাৰে, লগতে অ'গিয়েন চোলিঙৰ নৈসৰ্গিক সৌন্দৰ্য আৰু সাংস্কৃতিক ইতিহাস উপভোগ কৰিব পাৰে। অ'গিয়েন চোলিং ফাউণ্ডেচনেও ডে-কেয়াৰ চেণ্টাৰ, স্থানীয় বিদ্যালয়সমূহত শৈক্ষিক পুৰস্কাৰ আৰু হস্তশিল্পৰ প্ৰচাৰৰ দৰে সামূহিক প্ৰকল্পসমূহ চলায়।
গ্ৰন্থপঞ্জি
- ফ’কটেল অৱ ভূটান (Folktales of Bhutan-১৯৯৪)
- ভূটানীআ টেলচ্ অৱ দা য়েটি (Bhutanese Tales of the Yeti-১৯৯৭)
- দাৱা: দা ষ্ট’ৰী অৱ ষ্ট্ৰে ডগ ইন ভূটান (Dawa: The Story of a Stray Dog in Bhutan'' (2004)
- The Circle of Karma (2005)
- Chilli and Cheese- Food and Society in Bhutan (2008)
- Tales in Colour and other stories (2009)
- Membar Tsho - The Flaming Lake (2012)
তথ্যসূত্ৰ
- চৌবে, অজয় কে, আৰু অন্যান্য। দক্ষিণ এছিয়াৰ প্ৰবাসী মহিলা লেখকসকল। জয়পুৰঃ ৰাৱত, ২০২০
তথ্যসূত্ৰ
- ↑ Zubaan Books. Circle of Karma website
- ↑ Zubaan Books
- ↑ (17 July 2005). https://www.thehindu.com/mag/2005/07/17/stories/2005071700370500.htm
- ↑ Our own Penguin. The Bhutanese
- ↑ About. Riyang Books
- ↑ Tell Me A Story: Rediscovering The Lost Art Of Oral Narrations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুঞ্জাং চোডেন” প্ৰবন্ধৰ সংশোধন ৪৭৮১৬৭ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।