সাহিত্যিক
২৭১ প্ৰবন্ধ
-
নিৰুপমা হাগজেৰ
নিৰুপমা হাগজেৰ (Nirupama Hagjer) অসমৰ ডিমা হাচাও জিলাৰ ডিমাছা সম্প্ৰদায়ৰ এগৰাকী সমাজকৰ্মী৷ তেওঁ আজীৱন সমাজৰ পিছপৰা মহিলা আৰু শিশুসকলৰ উন্নতিৰ বাবে আৰু শিক্ষাৰ প্ৰসাৰৰ বাবে কাম কৰিছিল৷ ডিমাছা ভাষাৰ যিহেতু নিজা লিপি নাই; সেয়ে তেওঁ অসমীয়া লিপিৰে ডিমাছা ভাষা লিখি ভাষাটোক আগুৱাই নিবলৈ যথেষ্ট কষ্ট…
-
পন্নালাল পেটেল
পন্নালাল নানালাল পেটেল (Pannalal Nanalal Patel; জন্ম:৭ মে’ ১৯১২ - মৃত্যু: ৬ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় গুজৰাটী লেখক। গুজৰাটী সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিশেষ ভাৱে পৰিচিত।
-
বলিনাৰায়ণ বৰা
বলিনাৰায়ণ বৰা (Bolinarayan Borrah; ১৮৫২-১৯২৭) বৰ অসমৰ প্ৰথমজন অভিযন্তা, সাহিত্যিক আৰু সাংবাদিক। তেখেত মৌ (আলোচনী)ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
মনিকা আলী
মনিকা আলী (Monica Ali; জন্ম: ২০ অক্টোবৰ ১৯৬৭) এগৰাকী বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক। ২০০৩ চনত তেওঁ তেওঁৰ অপ্ৰকাশিত পাণ্ডুলিপিৰ ওপৰত ভিত্তি কৰি গ্ৰাণ্টা পত্ৰিকা কৰ্তৃক "বেষ্ট অফ ইয়ং ব্ৰিটিছ নভেলিষ্ট" হিচাপে নিৰ্বাচিত হৈছিল।
-
মনোজ দাস
মনোজ দাস (Manoj Das; ২৭ ফেব্ৰুৱাৰী ১৯৩৪ – ২৭ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় লেখক; যি ওড়িয়া আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছিল। ১৯৭১ চনত লণ্ডন আৰু এডিনবাৰ্গৰ আৰ্কাইভত কৰা তেওঁৰ গৱেষণাই শ্ৰী অৰবিন্দৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰথম দশকত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান অতি কম পৰিচিত তথ্য পোহৰলৈ আনিছিল; যাৰ…
-
মহচিন হামিদ
মহচিন হামিদ (Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু…
-
মেলিণ্ডা গেট্ছ
মেলিণ্ডা আন গেট্ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; Melinda Ann Gates) হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক। ২০০০ চনত, পতি বিল গেট্ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী…
-
মেৰী শ্বেলী
মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলী (Mary Wollstonecraft Shelley) হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ জন্ম হয়।
-
ললিতাম্বিকা অন্তৰ্জনম
ললিতাম্বিকা অন্তৰ্জনম (Lalithambika Antharjanam; ৩০ মাৰ্চ, ১৯০৯ – ৬ ফেব্ৰুৱাৰী, ১৯৮৭) এগৰাকী ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক আছিল যি মালয়ালম ভাষাৰ সাহিত্যিক ৰচনাৰ বাবে বেছিকৈ পৰিচিত।
-
সানু শৰ্মা
সানু শৰ্মা (নেপালী: सानु शर्मा) এগৰাকী নেপালী উপন্যাসিক, গল্পৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ সাহিত্যিক সৃষ্টি সমূহৰ ভিতৰত উপন্যাস, গল্প আৰু কবিতা আছে, যাৰ বহুতো অডিঅ’বুক হিচাপে প্ৰকাশ পাইছে।
-
সুনেত্ৰা গুপ্তা
সুনেত্ৰা গুপ্তা (Sunetra Gupta; জন্ম: ১৫ মাৰ্চ, ১৯৬৫) এগৰাকী ভাৰতীয় মূলৰ ব্ৰিটিছ সংক্ৰামক ৰোগ মহামাৰী বিজ্ঞানী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ এগৰাকী তাত্ত্বিক মহামাৰী বিজ্ঞানৰ অধ্যাপক।
-
সুবোধ সৰকাৰ
সুবোধ সৰকাৰ (Subodh Sarkar) জন্ম ১৯৫৮ চনত পশ্চিমবঙ্গৰ কৃষ্ণনগৰত। সৰকাৰ এজন বাঙালী কবি, লেখক, অনুবাদক আৰু সম্পাদক। দ্বৈপায়ন হ্ৰদেৰ ধাৰে কাব্যগ্ৰন্থৰ বাবে তেখেতে ২০১৩ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
সুমন পোখৰেল
সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে।
-
সুৰজিৎ পাটৰ
সুৰজিৎ পাটৰ (জন্ম: সুৰজিৎ হুঞ্জন) এজন পাঞ্জাৱী ভাষা লেখক আৰু ভাৰতৰ পাঞ্জাৱৰ কবি। তেওঁৰ কবিতাসমূহে সাধাৰণ ৰাইজৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে।
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।
-
হেলেন কেলাৰ
হেলেন কেলাৰ (Helen Keller) এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া,আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়।
-
ৰুটজাৰ ব্ৰেগমেন
ৰুটজাৰ চি. ব্ৰেগমেন (Rutger C. Bregman)(জন্ম ২৬ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক৷ ব্ৰেগমেনে ইতিহাস, দৰ্শন, অৰ্থনীতিৰ বিষয়ত এতিয়ালৈকে চাৰিখন কিতাপ লিখিছে৷ তেখেতেৰ Utopia for Realists: How We Can Build the Ideal World শীৰ্ষক গ্ৰন্থখন এতিয়ালৈকে বত্ৰিশটা ভাষাত অনূদিত হৈছে৷…
-
আতা উল হক কাচ্মি
আতা উল হক কাচ্মি (Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।
-
আন্ত’ন চেখৱ
আন্ত'ন পাৱলৱিচ চেখৱ (Антон Павлович Чехов,; – ) এজন ৰুছ নাট্যকাৰ আৰু চুটিগল্পকাৰ আছিল। তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে গণ্য কৰা হয়। নাট্যকাৰ হিচাপে তেওঁ চাৰিখন ধ্ৰুপদী গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ চুটিগল্পসমূহ লেখক আৰু সমালোচকসকলৰ দ্বাৰা সমাদৃত।
-
আহমদ ছফা
আহমদ ছফা (৩০ জুন ১৯৪৩ – ২৮ জুলাই ২০০১) এগৰাকী বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ আৰু গণবুদ্ধিজীৱী আছিল। জাতীয় অধ্যাপক আবদুৰ ৰাজ্জাক, ছলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মশ্বাৰৰফ হোছেন আৰু কাজী নজৰুল ইছলামৰ পিছত সবতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা।
-
আহমদ নাদিম কাচ্মি
আহমদ নাদিম কাচ্মি (Ahmad Nadeem Qasmi; ২০ নৱেম্বৰ ১৯১৬ - ১০ জুলাই ২০০৬; জন্ম নাম:আহমদ শ্বাহ আৱান) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী কবি, সাংবাদিক, সাহিত্য সমালোচক, নাট্যকাৰ আৰু চুটি গল্প ৰচয়িতা আছিল। তেওঁ কবিতা, কল্প-কাহিনী, সমালোচনা, সাংবাদিকতা আৰু কলাৰ ওপৰত প্ৰায় ৫০ খন কিতাপ লিখিছিল।
-
আহমদ ফৰাজ
চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়। তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)। তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল।
-
আৰ্থাৰ কোনান ডয়েল
ছাৰ আৰ্থাৰ কোনান ডয়েল (Sir Arthur Conan Doyle)(1859-1930)চাৰ্লক হোমছ নামৰ অমৰ চৰিত্ৰৰ সৃষ্টিকাৰী ছাৰ আৰ্থাৰ কনান ডয়লৰ জন্ম হৈছিল ১৮৫৯ চনত স্কটলেণ্ডৰ এডিনবৰাত। এডিনবৰা বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰাৰ পাছত তেওঁ লণ্ডনত বসবাস কৰিবলৈ লয়।
-
ইন্দিৰা পাৰ্থসাৰথি
আৰ পাৰ্থসাৰথি (Indira Parthasarathy; জন্ম:৭ জুলাই, ১৯৩০) যাক সাধাৰণতে ইন্দিৰা পাৰ্থসাৰথি বা ঈ-পা বুলিও জনা যায়; এগৰাকী ভাৰতীয় তামিল লেখক আৰু নাট্যকাৰ। তেওঁ ঘাইকৈ ঔৰংগজেৱ, নন্দন কতাই আৰু ৰামানুজন নাটকৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছিল।
-
ইবন খালদুন
ইবন খালদুন (আৰবী: ابن خلدون, পূৰ্ণ নাম: আবু জাইদ আব্দ আৰ-ৰাহমান ইবন মহম্মদ ইবন খালদুন আল-হাদৰামী) (জন্ম: ২৭ মে ১৩৩২ – মৃত্যু: ১৭ মাৰ্চ ১৪০৬) এগৰাকী প্ৰসিদ্ধ আৰব দাৰ্শনিক, ইতিহাসবিদ, সমাজ বিজ্ঞানী, ৰাজনৈতিক চিন্তাবিদ আৰু অধ্যাপক আছিল।
-
ইল’ইজ
ইল’ইজ (Héloïse) এগৰাকী ফৰাচী সন্ন্যাসিনী, দাৰ্শনিক, লেখিকা, বিদুষী আৰু মঠাধিকাৰিণী আছিল। ১১৪৭ খ্ৰীষ্টাব্দৰ আশে-পাশে ইল’ইজ কেথ’লিক গীৰ্জাত এগৰাকী সন্মানীয় মঠাধিকাৰিনী হৈ পৰে আৰু প্ৰিলেট নুলিয়াছৰ পদবী পোৱাৰ পিছত তেওঁ এগৰাকী ধৰ্মযাজকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰে।
-
উইলিয়াম ডালৰিম্পল
উইলিয়াম বেনেডিক্ট হেমিল্টন-ডালৰিম্পল (William Benedict Hamilton-Dalrymple; জন্ম: ২০ মাৰ্চ ১৯৬৫) এজন স্কটিছ ইতিহাসবিদ আৰু শিল্প ইতিহাসবিদ৷ ইয়াৰ লগতে তেওঁ এজন কিউৰেটৰ, সম্প্ৰচাৰক আৰু সমালোচক। প্ৰতি বছৰে তেওঁ নটা মাহ ভাৰতত থকা ছাগলীৰ পামত কটায়।
-
এইচ এম নাকভি
এইচ এম নাকভি (H.M. Naqvi; জন্ম:১৯৭৩)হৈছে বৰ্তমান কৰাচী নিবাসী এগৰাকী পাকিস্তানী ঔপন্যাসিক। তেওঁ হ’ম বয় উপন্যাসখনৰ ৰচক আৰু এই উপন্যাসখনৰ বাবে ২০১১ চনত তেওঁ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
এম ইব্ৰাহিম আলি
এম ইব্ৰাহিম আলি(M Ibrahim Ali) (১৯১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় দৰং জিলাৰ, 'মঙলদৈ'ৰ ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত।
-
এলিজাবেথ ক'লবাৰ্ট
এলিজাবেথ ক'লবাৰ্ট ( Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য। তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী, আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক…