অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গাও চ্যিংজিয়ান

গাও চ্যিংজিয়ান (高行健 চীনা ভাষাত, Gao Xingjian; জন্ম: ৪ জানুৱাৰী, ১৯৪০) এগৰাকী চীনা ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু অনুবাদক।

হালনাগাদ: ২৫ নৱেম্বৰ ২০২১ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

গাও চ্যিংজিয়ান (高行健 চীনা ভাষাত, Gao Xingjian; জন্ম: ৪ জানুৱাৰী, ১৯৪০) এগৰাকী চীনা১ ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু অনুবাদক। ২০০০ চনত তেওঁক “সাৰ্বজনীন বৈধতা, সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু ভাষিক নিৰ্মাণ কুশলতা”ৰ বাবে সাহিত্যৰ ন’বেল বঁটা প্ৰদান কৰা হয় তেওঁ এগৰাকী বিখ্যাত অনুবাদক, চিত্ৰনাট্যকাৰ, মঞ্চনাট পৰিচালক আৰু প্ৰসিদ্ধ চিত্ৰশিল্পী।

গাওৰ জন্মস্থান চীনত তেওঁৰ নাটকক ‘মৌলিকভাৱে অযৌক্তিক’ প্ৰকৃতিৰ আৰু ‘প্ৰগতিৰ পুৰোধা’ বুলি গণ্য কৰা হয়। এবচ্যলিউট ছিগনেল (১৯৮২) চীনা পৰীক্ষামূলক থিয়েটাৰত এক সফলতা আছিল। দ্য বাছ ষ্টপ (১৯৮৩) আৰু দ্য আডাৰ শ্ব’ৰৰ (১৯৮৬) প্ৰযোজনা চীনা চৰকাৰে বন্ধ কৰি দিছিল, প্ৰশংসিত ৱাইল্ড মেন (১৯৮৫) চীনত ৰাজহুৱাভাৱে প্ৰদৰ্শিত তেওঁৰ অন্তিম কাম। তেওঁ ১৯৮৭ চনত দেশ ত্যাগ কৰে আৰু দ্য আডাৰ শ্ব’ৰ পৰা তেওঁৰ নাটকসমূহ ক্ৰমবৰ্দ্ধমান ৰূপে সাৰ্বজনীন (চীনাৰ সলনি) উদ্বেগৰ ওপৰত কেন্দ্ৰীভূত হয়, কিন্তু তেওঁৰ ১৯৮৯ চনৰ নাটক এক্সাইলে চীন আৰু বুদ্ধিজীৱীৰ চিত্ৰণৰ বাবে চীনা চৰকাৰ আৰু ‘বিদেশী গণতন্ত্ৰ আন্দোলন’, উভয়ৰে ৰোষৰ বলি হৈছিল। ১৯৯৮ চনত তেওঁক ফৰাছী নাগৰিকত্ব প্ৰদান কৰা হয়।

গাওৰ প্ৰভাৱৰ ভিতৰত আছে ধ্ৰুপদী চীনা অপেৰা, লোক সংস্কৃতি, আৰু বিংশ শতিকাৰ ইউৰোপীয় নাটক যেনে এণ্টনিন আৰ্টআউড। ১৯৮৭ চনত তেওঁ কৈছিল যে, এজন লেখক হিচাপে তেওঁক প্ৰাচাত্য আৰু প্ৰাচ্য সংস্কৃতিৰ মিলনবিন্দু ৰূপে ৰাখিব পাৰি। অৱশ্যে তেওঁ এজন অতি অন্তৰ্মুখী ব্যক্তি আৰু পিছত তেওঁ দাবী কৰিছিল যে, "ৰাজনীতি বা সাহিত্য যিয়েই নহওঁক কিয়, মই কোনো দল বা সংগঠনত বিশ্বাস নকৰোঁ বা এইবোৰ একোৰে সৈতে সম্পৰ্ক নাৰাখোঁ, জাতীয়তাবাদ আৰু দেশপ্ৰেমো ইয়াৰ অন্তৰ্ভুক্ত।" তেওঁৰ গদ্য ৰচনাবোৰ চীনত কমকৈ প্ৰচলিত; কিন্তু ইবোৰ ইউৰোপ আৰু পশ্চিমৰ আন ঠাইত উচ্চ ভাৱে প্ৰশংসিত। ন’বেল বঁটা ঘোষণাত চ্যিংজিয়ানৰ চউল্‌ মাউন্টেইন ৰ উল্লেখ বিশেষভাৱে কৰা হৈছিল।

যুদ্ধৰ সময়ৰ চীনত, ১৯৮০ চনত জিয়াংচ্যিৰ ওচৰৰ গুৱানজ’ত গাও চ্যিংজিয়ানৰ জন্ম হৈছিল। গাওৰ মূল পৈতৃক গৃহ চহৰ হ’ল জিয়াংচুৰ টাইজ’ত আৰু জেজিয়াঙত আছিল তেওঁ মাতৃশিপা। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁৰ পৰিয়াল তেওঁক লৈ নানজিংলৈ উভতি আহে। তেওঁ ১৯৯৮ চনৰ পৰা এজন ফৰাচী নাগৰিক হৈ আছে। ১৯৯২ চনত ফৰাছী চৰকাৰে তেওঁক শ্বিভেলিয়ে দ ল’অৰ্ড দি আৰ্টছ এ দি লেটাৰচ্‌ বঁটা (Chevalier de l'Ordre des Arts et des Lettres) প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ The Nobel Prize for Literature 2000. Nobelprize.org

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিসাহিত্যিকসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাও চ্যিংজিয়ান” প্ৰবন্ধৰ সংশোধন ৩০৭৫১৩ (২৫ নৱেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।