অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুপ্ৰিয়া চুলে

সুপ্ৰিয়া সদানন্দ চুলে (Supriya Sadanand Sule; জন্ম-৩০ জুন ১৯৬৯) জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০০৯ চনৰ পৰা বাৰামতীক প্ৰতিনিধিত্ব কৰা সাংসদ৷ তেওঁ লোকসভাৰ সদস্য৷ ২০১৪ চনত তেওঁ লোকসভাত জাতীয়তাবাদী কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰে৷ ২০২৩ চনৰ পৰা তেওঁ কংগ্ৰেছ…

হালনাগাদ: ১৪ মে’ ২০২৫ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুপ্ৰিয়া সদানন্দ চুলে (Supriya Sadanand Sule; জন্ম-৩০ জুন ১৯৬৯) জাতীয়তাবাদী কংগ্ৰেছ দল (শৰদচন্দ্ৰ পাৱাৰ)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০০৯ চনৰ পৰা বাৰামতীক প্ৰতিনিধিত্ব কৰা সাংসদ৷ তেওঁ লোকসভাৰ সদস্য৷ ২০১৪ চনত তেওঁ লোকসভাত জাতীয়তাবাদী কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰে৷ ২০২৩ চনৰ পৰা তেওঁ কংগ্ৰেছ দলৰ কাৰ্য্যকৰী ৰাষ্ট্ৰীয় সভাপতি।

ইয়াৰ পূৰ্বে ২০০৬ চনৰ পৰা ২০০৯ চনলৈকে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ২০১১ চনত তেওঁ মহিলা গৰ্ভপাতৰ বিৰুদ্ধে ৰাজ্যব্যাপী অভিযান আৰম্ভ কৰিছিল।১ শেহতীয়াকৈ তেওঁক সমাজ সেৱাৰ বাবে অল লেডিজ লীগে মুম্বাই ৱমেন অৱ দ্য ডেকেড এচিভাৰ্ছ বঁটাৰে সন্মানিত কৰিছে।

প্ৰাৰম্ভিক জীৱন

ভাৰতীয় ৰাজনীতিবিদ তথা জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ প্ৰতিষ্ঠাপক শৰদ পাৱাৰ আৰু তেওঁৰ পত্নী প্ৰতিভা পাৱাৰৰ ঘৰত ১৯৬৯ চনৰ ৩০ জুনত পুনেত চুলেৰ জন্ম হয়। গামদেৱীৰ ছেইণ্ট কলম্বা স্কুলৰ পৰা এছএছচি উত্তীৰ্ণ হয়। মুম্বাইৰ জয় হিন্দ কলেজত শিক্ষা গ্ৰহণ কৰি তেওঁ বি. মাইক্ৰ’বায়’লজীত ডিগ্ৰী লাভ কৰিছে।

ৰাজনৈতিক জীৱন

২০০৬ চনৰ ছেপ্টেম্বৰ মাহত মহাৰাষ্ট্ৰৰ পৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হয়৷২তেওঁ মুম্বাইৰ নেহৰু কেন্দ্ৰৰ ন্যাসৰক্ষী।

২০১২ চনত চুলেৰ নেতৃত্বত ৰাষ্ট্ৰবাদী যুৱতী কংগ্ৰেছ নামৰ শাখাটো গঠন কৰি কিশোৰীসকলক ৰাজনীতিত মঞ্চ প্ৰদান কৰা হয়। তেওঁলোকৰ নেতৃত্বত সমগ্ৰ মহাৰাষ্ট্ৰতে কেইবাখনো ৰেলীৰ আয়োজন কৰা হৈছে য'ত মহিলা ভ্ৰুণৰ গৰ্ভপাত, যৌতুক ব্যৱস্থা আৰু সাধাৰণতে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।.৩

চুলে লোকসভাৰ সদস্য হিচাপে সংসদীয়ভাৱে জড়িত হোৱাৰ বাবে পৰিচিত৷৪

তথ্যসূত্ৰ

  1. ↑ Supriya Sule to launch statewide campaign against female foeticide. Daily Bhaskar
  2. ↑ Rajya Sabha members
  3. ↑ Young, female and a march ahead - Indian Express. archive.indianexpress.com
  4. ↑ MP Supriya Sule Emerges As Best Performer In Lok Sabha Second Time - SheThePeople TV

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুপ্ৰিয়া চুলে” প্ৰবন্ধৰ সংশোধন ৫০৮৪৮৪ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।