সুন্দৰৱতী নৱাল প্ৰভাকৰ (১৯২২–২০১০) দিল্লীৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। অষ্টম লোকসভাত তেওঁ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাথমিক জীৱন
১৯২২ চনৰ ৯ ছেপ্টেম্বৰত সুন্দৰৱতীয়ে দিল্লীত জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰাক্-মেট্ৰিক স্তৰলৈকে শিক্ষা লাভ কৰিছিল।১
=কৰ্মজীৱন
সুন্দৰৱতী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আৰু ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল।২ তেওঁ চীন-ভাৰত যুদ্ধ (১৯৬২) আৰু ১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত প্ৰতিৰক্ষা পুঁজিৰ বাবে স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল।সমাজ সেৱাৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰীয়ে তেওঁক কৱচ প্ৰদান কৰিছিল। ১৯৭২ চনৰ পৰা ১৯৮০ আৰু ১৯৮২–৮৪ চনলৈকে দিল্লী অনুসূচিত জাতি বিত্তীয় আৰু উন্নয়ন নিগমৰ তেওঁ সঞ্চালিকা আৰু দিল্লী মহানগৰ পৰিষদৰ সদস্য আছিল। ১৯৮০ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত জয়ী হয় আৰু অষ্টম লোকসভাত কেৰল বাগক তেওঁ প্ৰতিনিধিত্ব কৰে।১
সংসদ সদস্য হিচাপে থকা কালত সুন্দৰৱতীয়ে ব্যক্তিগত সদস্যৰ বিধেয়ক আৰু প্ৰস্তাৱ সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল। শিৱাজী মহাবিদ্যালয় আৰু দিল্লীৰ সমাজ কল্যাণ পৰিষদৰ পৰিচালন সমিতিৰ সদস্যও আছিল।২
ব্যক্তিগত জীৱন
১৯৩৬ চনত সুন্দৰৱতীয়ে আইএনচিৰ ৰাজনীতিবিদ নৱল প্ৰভাকৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ আঠটা সন্তান জন্ম হয়।১২০১০ চনৰ ২৪ মাৰ্চত দিল্লীত সুন্দৰৱতী প্ৰভাকৰৰ মৃত্যু হয়।২
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Nawal Prabhakar, Shrimati Sundarwati. লোকসভা
- ↑ (15 April 2010). The Speaker made references to the tragic demise of Mr. Lech Kaczynski. IndiaKanoon.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰৱতী নৱাল প্ৰভাকৰ” প্ৰবন্ধৰ সংশোধন ৪৭৭৮০১ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।