সৰোজ পাণ্ডে (Saroj Pandey, জন্ম ২২ জুন ১৯৬৮) ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতীয় সংসদৰ উচ্চ সদনৰ ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যসভাৰ সাংসদ হোৱাৰ পূৰ্বে তেওঁ দুৰ্গৰ পৰা ১৫ নং লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে ছত্তীশগড় বিধানসভাৰ সদস্যও আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৬৮ চনৰ ২২ জুনত শ্যামজী পাণ্ডে আৰু গুলাব দেৱী পাণ্ডেৰ ঘৰত সৰোজ পাণ্ডেয়ে জন্মগ্ৰহণ কৰিছিল৷ তেওঁ ৰায়পুৰৰ ভিলাই মহিলা মহাবিদ্যালয়ৰ পৰা শিশু বিকাশত স্নাতকোত্তৰ অৰ্জন কৰে৷১
ৰাজনৈতিক জীৱন
২০০০ চনত প্ৰথমবাৰৰ বাবে দুৰ্গৰ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱা পাণ্ডে ২০০৫ চনত পুনৰ নিৰ্বাচিত হয়। ২০০৮ চনত বৈশালী নগৰৰ প্ৰথম বিধায়িকা হিচাপে তেওঁ নিৰ্বাচিত হয় আৰু তাৰ পিছত বিজেপিৰ পৰা ২০০৯ চনত ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ বাবে দুৰ্গৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়৷ একে সময়তে তেওঁ জয়ী হৈ মেয়ৰ, বিধায়ক আৰু সাংসদ পদত অধিষ্ঠিত হয়। ২০১৩ চনৰ ২৪ এপ্ৰিলত তেওঁক বিজেপি মহিলা মৰ্চাৰ (ভাৰতীয় জনতা পাৰ্টীৰ মহিলা শাখা) ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়।২৩ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ তামৰাধ্বজ শাহুৰ হাতত সৰোজ পাণ্ডে পৰাস্ত হৈছিল যদিও পৰাজয়ৰ পিছতো ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে তেওঁ নিযুক্তি লাভ কৰি ২০১৮ চনৰ মাৰ্চ মাহত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো কোৰবাৰ পৰা জ্যোৎস্না মহন্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ৪৩,২৮৩ ব্যৱধানত পৰাস্ত হৈছিল।৪৫৬
পাণ্ডেই দলৰ সাধাৰণ সম্পাদক আৰু মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল।৭
বঁটা আৰু স্বীকৃতি
সৰোজ পাণ্ডে মেয়ৰ, বিধায়ক আৰু সাংসদ হোৱাৰ অভিলেখটো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছৰ বাবে মনোনীত কৰা হয়। তেওঁ দুৰ্গৰ পৰা মেয়ৰ হিচাপে দীৰ্ঘদিনীয়া কাৰ্যকালৰ অভিলেখো লাভ কৰিছে৷ ধাৰাবাহিকভাৱে ১০ বছৰ মেয়ৰৰ পদত অধিষ্ঠিত হৈ তেওঁ শ্ৰেষ্ঠ মেয়ৰৰ বঁটাও লাভ কৰিছে।১
তথ্যসূত্ৰ
- ↑ Detailed Profile: Km. Saroj Pandey. Government of India
- ↑ (24 April 2013). Sushree Saroj Pandey speech while taking charge as Mahila Morcha President: 24.04.2013. YouTube. Bharatiya Janata Party
- ↑ (April 2008). Vijay Goel appointed BJP general secretary. দ্য হিন্দু
- ↑ results.eci.gov.in/PcResultGenJune2024/candidate
- ↑ (10 April 2009). A mayor versus a four-time winner. দ্য হিন্দু
- ↑ Netapedia.in. www.netapedia.in
- ↑ John, Joseph. (23 March 2018). Saroj Pandey: BJP's Saroj Pandey wins Rajya Sabha poll from Chhattisgarh. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজ পাণ্ডে” প্ৰবন্ধৰ সংশোধন ৪৭৯৯৬২ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।