অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সম্ভাৱী চৌধুৰী

সম্ভাৱী চৌধুৰী (Shambhavi Choudhary; জন্ম: ১৫ জুন ১৯৯৮) লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বিহাৰত সমস্তীপুৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰা সংসদ সদস্য। তেওঁ ১৮ নং লোকসভাৰ অন্যতম কনিষ্ঠ সাংসদ।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সম্ভাৱী চৌধুৰী (Shambhavi Choudhary; জন্ম: ১৫ জুন ১৯৯৮) লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বিহাৰত সমস্তীপুৰ (লোকসভা সমষ্টি)ক প্ৰতিনিধিত্ব কৰা সংসদ সদস্য। তেওঁ ১৮ নং লোকসভাৰ অন্যতম কনিষ্ঠ সাংসদ।১২

প্ৰাথমিক জীৱন আৰু শিক্ষা

সম্ভাৱী বিহাৰ চৰকাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ অট্টালিকা নিৰ্মাণ বিভাগৰ কেবিনেট মন্ত্ৰী অশোক চৌধুৰীৰ কন্যা। ২০১৯ চনত লেডী শ্ৰী ৰাম কলেজৰ পৰা সমাজবিজ্ঞানত স্নাতক তেওঁ ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ২০২২ চনত দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

ব্যক্তিগত জীৱন

সম্ভাৱীয়ে ২০২২ চনত আচাৰ্য কিশোৰ কুনালৰ পুত্ৰ সয়ন কুনালৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪৫

ৰাজনৈতিক কৰ্মজীৱন

সম্ভাৱী সমস্তীপুৰ লোকসভা সমষ্টিৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছে।৬ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছানী হাজাৰীক ১৮৭২৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।৭৮

সামাজিক কাম-কাজ

চৌধুৰীয়ে পাটনাৰ মহিলা শিক্ষাক সক্ৰিয়ভাৱে সহায় কৰা বিদ্যালয় জ্ঞান নিকেতন বিদ্যালয়ৰ তদাৰক কৰে।৯

তথ্যসূত্ৰ

  1. ↑ Breaking News of Shambhavi Choudhary
  2. ↑ Ramashankar. (2024-06-04). NDA's Shambhavi Choudhary set to make history by becoming country's youngest MP from Bihar. The New Indian Express
  3. ↑ Results 2024: Who is Shambhavi Choudhary, India's youngest MP?. Hindustan Times
  4. ↑ Shambhavi-Sayan Love Story: दलित की बेटी और सवर्ण का बेटा, सगाई में पहुंचे सीएम नीतीश, अशोक चौधरी और किशोर कुणाल बने समधी. Navbharat Times
  5. ↑ Shambhavi Choudhary: One Of The Youngest Candidates Who One Lok Sabha Polls. NDTV.com
  6. ↑ (2024-06-04). Samastipur Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin. News18
  7. ↑ (2024-06-04). Samastipur, Bihar Lok Sabha Election Results 2024 Highlights: Shambhavi Secures the Seat by 187251 Votes. India Today
  8. ↑ (2024-06-04). Samastipur Election Result 2024 Live Updates: LJPRV's Shambhavi Has Won This Lok Sabha Seat. TheQuint
  9. ↑ (2024-06-15). Shambhavi Choudhary: One Of The Youngest Candidates Who One Lok Sabha Polls. NDTV

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সম্ভাৱী চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৮০২০১ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।