অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুখবংশ কৌৰ বিন্দৰ

সুখবংশ কৌৰ বিন্দৰ(১৯৪৩–২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দেশৰ একমাত্ৰ মহিলা যি ছবাৰকৈ দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে৷ তাৰে ভিতৰত তেওঁ পাঁচবাৰ লোকসভাৰ সাংসদ আৰু এবাৰ ৰাজ্যসভাৰ সাংসদ হৈছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সুখবংশ কৌৰ বিন্দৰ(১৯৪৩–২০০৬) ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ দেশৰ একমাত্ৰ মহিলা যি ছবাৰকৈ দেশৰ সংসদলৈ নিৰ্বাচিত হৈছে৷ ১তাৰে ভিতৰত তেওঁ পাঁচবাৰ লোকসভাৰ সাংসদ আৰু এবাৰ ৰাজ্যসভাৰ সাংসদ হৈছিল। ১৯৮০, ১৯৮৫, ১৯৮৯, ১৯৯২ আৰু ১৯৯৬ চনত পঞ্জাৱৰ গুৰদাসপুৰৰ পৰা তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল।২

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৪৩ চনৰ ১৪ ছেপ্টেম্বৰত লয়ালপুৰত (বৰ্তমান পাকিস্তানত) অৰ্জন সিঙৰ কন্যা হিচাপে সুখবংশৰ জন্ম হৈছিল। মাছুৰীৰ জিছুছ এণ্ড মেৰী কনভেণ্টত তেওঁ পঢ়িবলৈ গৈছিল আৰু পিছলৈ চণ্ডীগড়ৰ পাঞ্জাব বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।২

কৰ্মজীৱন

সুখবংশ আছিল এগৰাকী কৃষিবিদ, ৰাজনৈতিক আৰু সমাজকৰ্মী। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে সপ্তম লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৫ চনত দ্বিতীয়বাৰৰ বাবে অষ্টম লোকসভালৈ আৰু তাৰ পিছত ১৯৮৯ চনত নৱম লোকসভালৈ, ১৯৯২ চনত দশম লোকসভালৈ আৰু ১৯৯৬ চনত একাদশ লোকসভালৈ পুনৰ নিৰ্বাচিত হয়।২ ১৯৯৭ চনত লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ অভিনেতা পৰিণত হোৱা ৰাজনীতিবিদ বিনোদ খান্নাই তেওঁক পৰাস্ত কৰে।৩

২০০৫ চনত তেওঁ ৰাজ্যসভালৈ মনোনীত হয়।৩

১৯৮১–৮২ চনৰ পৰা ১৯৬১ চনৰ তেওঁ যৌতুক নিষেধাজ্ঞা পৰীক্ষাৰ যৌথ সমিতিৰ সদস্য মনোনীত হয়৷ ১৯৯২ চনৰ জুলাইৰ পৰা ১৯৯৬ চনৰ মে' মাহলৈকে তেওঁ পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন বিভাগৰ সদস্য আছিল।২

সমাজসেৱা আৰু নাৰীৰ উত্থানৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। আইটিডিচি আৰু ইষ্ট ইণ্ডিয়া হোটেলৰ সৈতেও কাৰ্যবাহী হিচাপে কাম কৰিছিল আৰু পেৰিছত হোটেল কাৰ্যবাহী হিচাপে প্ৰশিক্ষণ লৈছিল।২

ব্যক্তিগত জীৱন

১৯৬১ চনৰ ১২ অক্টোবৰত সুখবংশৰ আইপিএছৰ প্ৰাক্তন বিষয়া প্ৰীতম সিং ভিন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু দুয়োৰে দুগৰাকী কন্যা সন্তান আছে।১ তেওঁ পঞ্জাৱৰ গুৰদাসপুৰত বাস কৰিছিল।২ কেইবামাহো ধৰি গেষ্ট্ৰিক ৰোগত আক্ৰান্ত হোৱাৰ বাবে ২০০৬ চনৰ ১৫ ডিচেম্বৰত ৬৩ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৩৪৫

তথ্যসূত্ৰ

  1. ↑ Mrs Bhinder only woman to become MP six times. news.webindia123.com
  2. ↑ lspn05. 164.100.47.194
  3. ↑ (2006-12-15). Congress` Rajya Sabha MP Sukhbans Kaur Bhinder dead. Zee News
  4. ↑ (2006-12-16). Former Cong leader Bhinder cremated. www.hindustantimes.com/
  5. ↑ The Tribune, Chandigarh, India – Main News. www.tribuneindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰীৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুখবংশ কৌৰ বিন্দৰ” প্ৰবন্ধৰ সংশোধন ৪৭৩১৮০ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।