সৰোজিনী বিন্দুৰাও মহিষী (Sarojini Mahishi; ৩ মাৰ্চ ১৯২৭ – ২৫ জানুৱাৰী ২০১৫) এগৰাকী ভাৰতীয় শিক্ষক, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। ১৯৬২ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ চাৰিটা কাৰ্যকাল ধৰি ধৰৱাড় উত্তৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা কৰ্ণাটক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা সংসদ সদস্য।১ ১৯৮৩ চনত তেওঁ জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।২
১৯৮৩ চনত কৰ্ণাটক চৰকাৰে ৰাজ্যখনত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সংৰক্ষণৰ মাপকাঠীৰ পৰামৰ্শ আগবঢ়াবলৈ নিযুক্তি দিয়া সমিতিখনৰ নেতৃত্ব দিয়াৰ বাবে মহিষী অধিক পৰিচিত। ১৯৮৬ চনত এইখন সমিতিয়ে কৰ্ণাটকত কৰ্মসংস্থাপনৰ এক বৃহৎ শতাংশ স্থানীয় লোকৰ বাবে সংৰক্ষিত হ’ব লাগে বুলি পৰামৰ্শ আগবঢ়ায়।৩
প্ৰাথমিক জীৱন
১৯২৭ চনৰ ৩ মাৰ্চত ব্ৰিটিছ ভাৰতৰ পূৰ্বৰ বম্বে প্ৰদেশৰ (বৰ্তমানৰ কৰ্ণাটকত) এখন চহৰ ধৰৱাড়ত কমলাবৈ আৰু বিন্দুৰাও মহিশীৰ ঘৰত সৰোজিনীয়ে জন্মগ্ৰহণ কৰে। আঠটা সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল।৪ তেওঁৰ পিতৃ বিন্দুৰাও আছিল এজন আগশাৰীৰ অধিবক্তা আৰু সংস্কৃত পণ্ডিত। চাংলীৰ উইলিংডন কলেজত পঢ়াৰ পূৰ্বে ধাৰৱাড়ৰ চৰকাৰী বিদ্যালয়ত সৰোজিনীয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। বেলগাৱৰ ৰাজা লখামগৌড়া আইন মহাবিদ্যালয়ৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰে আৰু সংস্কৃত ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
সৰোজিনী মহিষীয়ে শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু ৰাজ্যিক সমাজ কল্যাণ ব'ৰ্ডত যোগদান কৰাৰ পূৰ্বে ধৰৱাড়ৰ জনতা শিক্ষা সমিতি কলেজত কেইবছৰমান সংস্কৃত আৰু আইন অধ্যাপনা কৰে।৫
১৯৮০ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য আছিল।৬ ১৯৮৩ চনত সৰোজিনী মহিষী কৰ্ণাটক ৰাজ্যৰ পৰা জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।২ ১৯৮৯ চনত তেওঁ জনতা পাৰ্টিক জনতা দলত একত্ৰিত কৰাটো মানি ল'বলৈ অস্বীকাৰ কৰে।৭৮ ইন্দুভাই পেটেল, সুব্ৰমণ্য স্বামী, চৈয়দ চাহাবুদ্দিন আৰু এইচ ডি দেৱে গৌড়াৰ সৈতে তেওঁ জনতা পাৰ্টিৰ সদস্য হৈয়েই থাকে।৭
২০১৫ চনৰ ২৫ জানুৱাৰীত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত থকা বাসগৃহত মহিষীৰ মৃত্যু হয়। দিল্লীৰ লোডী ৰোডৰ এখন শেষকৃত্য সম্পন্ন হয়৷৯
তথ্যসূত্ৰ
- ↑ (26 January 2015). Sarojini Mahishi dead. The Hindu
- ↑ Women Members, Rajya Sabha. Rajya Sabha. পৃ. 78
- ↑ (26 January 2015). Ex-Union Minister Sarojini Mahishi Passes Away. newindianexpress.com
- ↑ (26 January 2015). Mahishi had advocated job quota for Kannadigas. Deccan Herald
- ↑ (26 January 2015). Mahishi, a multilingual scholar and educationist. The Hindu
- ↑ Sethi, Sunil; Louis, Arul. (31 October 1979). Janata Party starts campaign to recapture power, sells Jagjivan Ram as next PM. India Today
- ↑ (31 January 1989). Blundering On. India Today
- ↑ Pachai, Pankaj; Awasti, Dilip. (15 March 1989). State chiefs' selection deepens rift in Janata Dal. India Today
- ↑ (27 January 2015). Sarojini Mahishi cremated. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজিনী মহিষী” প্ৰবন্ধৰ সংশোধন ৪৭৭৪৩০ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।