অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সংগম লক্ষ্মী বাই

সংগম লক্ষ্মী বাই (Sangam Laxmi Bai, ২৭ জুলাই ১৯১১ – ১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সাংসদ সদস্য আছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সংগম লক্ষ্মী বাই (Sangam Laxmi Bai, ২৭ জুলাই ১৯১১ – ১৯৭৯) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু সাংসদ সদস্য আছিল।

প্ৰাথমিক জীৱন

১৯১১ চনত হায়দৰাবাদ ৰাজ্যৰ ঘটকেছৰত সংগম লক্ষ্মী বাইৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম ডি ৰমাইয়া। শাৰদা নিকেতনৰ কাৰ্ৱে বিশ্ববিদ্যালয় আৰু মাদ্ৰাজৰ কলা মহাবিদ্যালয়ত তেওঁ শিক্ষা গ্ৰহণ কৰে।১

জীৱন

বাইয়ে পূৰ্ণকালীন সমাজ আৰু জনসেৱক হিচাপে কাম কৰিছিল। ছাত্ৰী জীৱনত ছাইমন কমিচন বৰ্জন কৰি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল। দাণ্ডী যাত্ৰাত সক্ৰিয় অংশগ্ৰহণ কৰি তেওঁ ১৯৩০-৩১ চনলৈকে এবছৰ কাৰাগাৰত আছিল।

তেওঁ হায়দৰাবাদৰ ইন্দিৰা সেৱা সদন (অনাথ আশ্ৰম), ৰাধিকা প্ৰসূতি গৃহ, বাসু শিশু বিহাৰ আৰু মাছেট্টি হনুমন্থু গুপ্ত হাইস্কুলৰ প্ৰতিষ্ঠাপক আৰু সন্মানীয় সম্পাদিকা আছিল।২

আচাৰ্য বিনোবা ভৱেৰ প্ৰথম পদ যাত্ৰাৰ দায়িত্বত আৰু হায়দৰাবাদ যাদৱ মহাজন সমাজৰ সভানেত্ৰী আৰু সৰ্বভাৰতীয় ছাত্ৰ সন্মিলন, হায়দৰাবাদ খাদ্য পৰিষদ আৰু অন্ধ্ৰ যুৱতী মণ্ডলীৰ উপ-সভানেত্ৰী হিচাপে তেওঁ কাম কৰিছিল। বাই অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক সমাজ কল্যাণ উপদেষ্টা ব’ৰ্ডৰ কোষাধ্যক্ষ আৰু হায়দৰাবাদ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মহিলা কংগ্ৰেছৰ আহ্বায়কো আছিল। ১৮ বছৰ ধৰি তেওঁ অন্ধ্ৰ বিদ্যা মহিলা সংগমৰ সদস্য আছিল৷ কেইবছৰমানৰ বাবে তেওঁ অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যবাহী আৰু সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীত কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাজনৈতিক জীৱন

১৯৫২ চনত হায়দৰাবাদ ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হোৱা বাইয়ে ১৯৫৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৫৬ চনৰ অক্টোবৰ মাহলৈকে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শিক্ষাৰ উপ-মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। তেওঁ মেদক সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল।

ব্যক্তিগত জীৱন

শৈশৱতে ১৮ বছৰীয়া দুৰ্গা প্ৰসাদ যাদৱৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। কিছুদিনৰ পাছত তেওঁৰ স্বামীৰ মৃত্যু হ’ল।

তথ্যসূত্ৰ

  1. ↑ Biography of Laxmi Bai, Sangam at Parliament of India.
  2. ↑ -: Welcome to Bhoj Reddy Engineering College for Women:-

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগম লক্ষ্মী বাই” প্ৰবন্ধৰ সংশোধন ৪৭৩০৩৯ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।