ইলা পাল চৌধুৰী (১৯০৮ – ৯ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু ৰাষ্ট্ৰবাদী সমাজকৰ্মী আছিল।.১
প্ৰাথমিক জীৱন
কলিকতা, ব্ৰিটিছ ৰাজৰ এটা ব্ৰহ্ম পৰিয়ালত ড০ ইলা পল চৌধুৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বিজয় কৃষ্ণ বসু আলিপুৰ প্ৰাণীবিজ্ঞান উদ্যান, আলিপুৰৰ অধীক্ষক আছিল।২৩ ইলা চৌধুৰীয়ে নাদিয়াৰ অমিয়নাৰায়ণ পাল চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ শহুৰেক বিপ্ৰদাস পাল চৌধুৰী বাঙালী ব্ৰিটিছ ৰাজ উদ্যোগপতি আৰু আধুনিক ধাৰণাৰ মানুহ আছিল। ৰাজনীতিত প্ৰৱেশ কৰি কম বয়সতে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ ত যোগদান কৰে।৪
ৰাজনৈতিক জীৱন
কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত ড০ পাল চৌধুৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক লগ পাই তেওঁৰ লগত কাম কৰিছিল। লাহে লাহে তেওঁ আঞ্চলিক কংগ্ৰেছৰ মহিলা শাখা বংগৰ নেত্ৰী হৈ পৰে। ১৯৫৭ চনত পাল চৌধুৰীয়ে প্ৰথমবাৰৰ বাবে সংসদীয় নিৰ্বাচনত নবদ্বীপ লোকসভা সমষ্টি, নাদিয়া জিলাৰ পৰা জয়লাভ কৰি লোকসভাৰ সক্ৰিয় সংসদ সদস্য হয়।৫৬ ইয়াৰ পিছত তেওঁ কৃষ্ণনগৰ লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সমষ্টিত ১৯৬৮ চনত পুনৰ জয়লাভ কৰে।৭ তেওঁ বিদ্যালয় প্ৰতিষ্ঠা, কল্যাণকামী সংগঠন আদি বিভিন্ন সামাজিক কামৰ লগত জড়িত আছিল।৪৮
মৃত্যু
১৯৭৫ চনৰ ৯ মাৰ্চত ইলা পাল চৌধুৰীৰ মৃত্যু হয়।৪
তথ্যসূত্ৰ
- ↑ Samaddar, Ranabir. (2003-07-04). Refugees and the State: Practices of Asylum and Care in India, 1947-2000. SAGE Publications India. ISBN 978-81-321-0377-6
- ↑ Majumadāra, Līlā. (1981). Kherora khātā. Ānanda. ISBN 978-81-7066-939-5
- ↑ Chatterjee, Ramananda. (1937). The Modern Review. Prabasi Press Private, Limited
- ↑ Ed - S.Sengupta & A. Basu, Vol - I. (2002). Sansad Bangali Charitavidhan (Bengali). Sahitya Sansad. পৃ. 62. ISBN 81-85626-65-0
- ↑ (PDF). West Bengal Election Commission
- ↑ VOLUME I, (National & State abstracts & detailed results). (1957). STATISTICAL REPORT ON GENERAL ELECTIONS TO THE SECOND LOK SABHA. ELECTION COMMISSION OF INDIA
- ↑ Krishnanagar Lok Sabha Elections and Results 2014. elections.in
- ↑ Chopra, Joginder Kumar. (1993-01-01). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. ISBN 978-81-7099-513-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা পাল চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৭৭২৯৩ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।