অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজেন গোহাঁই (ৰাজনীতিক)

ৰাজেন গোহাঁই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।

হালনাগাদ: ৫ নৱেম্বৰ ২০২৩ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাজেন গোহাঁই (জন্ম ২৬ নৱেম্বৰ ১৯৫০) এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ সংসদত ১৯৯৯ চনৰে পৰা অসমৰ নগাঁও লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। গোহাঁই ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।

আগজীৱন

ৰাজেন গোহাঁইয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।১ তেওঁ ১৯৮১ চনত ৰীতা গোহাঁইৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ ৫জন সন্তান আছে।২ পেছাগতভাৱে গোহাঁই এগৰাকী চাহ বাগানৰ মালিক।১

ৰাজনৈতিক জীৱন

ৰাজেন গোহাঁইয়ে ক্ৰমাগতভাৱে তিনিবাৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে।২ তেওঁ ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু সেই একে সমষ্টিৰে পৰা ২০০৪ আৰু ২০০৯ চনত পুনৰ লোকসভালৈ নিৰ্বাচিত হয়।২ গোহাঁই ১৯৯১ চনৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য হৈ আছে।১ ২০১৬ চনৰ ৫ জুলাই তাৰিখে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ৰেল ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

তথ্যসূত্ৰ

  1. ↑ R.C. Rajamani; Portraits of India's Parliamentarians for the New Millennium: Lok Sabha. Gyan Books. 2000. ISBN 978-8121207027. pg 110
  2. ↑ Shri Rajen Gohain. Government of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেন গোহাঁই (ৰাজনীতিক)” প্ৰবন্ধৰ সংশোধন ৩৯০৪৫১ (৫ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।