অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অপৰূপা পোদ্দাৰ

আফ্ৰিন আলী বা অপৰূপা পোদ্দাৰ (জন্ম: ৮ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ আৰামবাগ (লোকসভা সমষ্টি)ৰ পৰা ১৬ নং ১৭ নং লোকসভাৰ সংসদৰ সদস্য। ২০১৪ & ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আফ্ৰিন আলী বা অপৰূপা পোদ্দাৰ (জন্ম: ৮ জানুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পশ্চিম বংগৰ আৰামবাগ (লোকসভা সমষ্টি)ৰ পৰা ১৬ নং ১৭ নং লোকসভাৰ সংসদৰ সদস্য।১২ ২০১৪ & ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল।৩

বিতৰ্ক

তেওঁ প্ৰথমবাৰৰ বাবে জড়িত হোৱা বিতৰ্কটো আছিল আৰ্থিক দুৰ্নীতি সম্পৰ্কীয়, যাক ২০১৭ চনৰ ৫ অক্টোবৰত সত্য বুলি নিশ্চিত কৰা হয়৷ তেওঁ স্বীকাৰ কৰে যে তেওঁ নাৰাদা নিউজৰ বছ মেথিউ চেমুৱেলৰ পৰা উৎকোচ লৈছিল।৪

দ্বিতীয় বিতৰ্ক সন্দৰ্ভত উত্থাপিত অভিযোগটো হৈছে তেওঁৰ ধৰ্মৰ সম্বন্ধীয়। তেওঁ হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ আৰু জন্মৰ সময়ত তেওঁ অপৰূপা পোদ্দাৰ নামেৰে নাম লৈছিল৷ এজন মুছলিম যুৱকৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিল৷ বিবাহৰ পাছত তেওঁ আফ্ৰিন আলীৰ নাম লৈছিল৷ বিবাহৰ পাছত তেওঁ অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা ব্যক্তি বাবে তেওঁ অনুসূচিত জাতিৰ নহয় বুলি দাবী কৰে৷ আৰু তেওঁৰ প্ৰাৰ্থীত্ব বাতিল কৰিবলৈ নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰে। এই পৰিপ্ৰেক্ষিতত অপৰূপা পোদ্দাৰে দাবী কৰে, যে তেওঁ নিজৰ নাম সলনি কৰিছে কিন্তু ধৰ্ম সলনি কৰা নাই।৫

তথ্যসূত্ৰ

  1. ↑ Members: Lok Sabha. loksabhaph.nic.in
  2. ↑ Aparupa Poddar (Afrin Ali). PRSIndia
  3. ↑ Constituencywise-All Candidates
  4. ↑ Narada sting: Trinamool MP admits taking Rs 3 lakh bribe
  5. ↑ Name game: Arambagh TMC candidate lands herself in trouble. Hindustan Times, Kolkata, 10 April 2014

সম্পৰ্কিত শ্ৰেণী

লোকসভাৰ সাংসদমহিলা ৰাজনীতিবিদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অপৰূপা পোদ্দাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৩৫৯৮ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।