অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জানকীযুদেউম অভিযুদেয়ুম বীদু

জানকীযুদেয়ুম অভিযুদেয়ুম বীদু (Janakiyudeyum Abhiyudeyum Veedu; অনুবাদ: জানকী আৰু অভিৰ ঘৰ) হৈছে নিজু সোমনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় মালয়ালম ভাষাৰ ছ'প অপেৰা। ই হিন্দী ছ'প অপেৰা কাহানী ঘৰ ঘৰ কীৰ আনুষ্ঠানিক পুনৰ্নিৰ্মাণ। ইয়াত ৰানীছা, ৰক্ষা ৰাজ আৰু আৰাথী সোজনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ৫২১ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জানকীযুদেয়ুম অভিযুদেয়ুম বীদু (Janakiyudeyum Abhiyudeyum Veedu; অনুবাদ: জানকী আৰু অভিৰ ঘৰ) হৈছে নিজু সোমনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় মালয়ালম ভাষাৰ ছ'প অপেৰা।১ ই হিন্দী ছ'প অপেৰা কাহানী ঘৰ ঘৰ কীৰ আনুষ্ঠানিক পুনৰ্নিৰ্মাণ।২ ইয়াত ৰানীছা, ৰক্ষা ৰাজ আৰু আৰাথী সোজনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।৩ ২০২৪ চনৰ ১৭ জুনত এছিয়ানেট আৰু অ’টিটি প্লেটফৰ্ম ডিজনী+ হটষ্টাৰত এই অনুষ্ঠানটোৰ প্ৰিমিয়াৰ হৈছিল।৪৫ সন্থৱনাম ২-ৰ লগতে এই ধাৰাবাহিকখন মুকলি কৰা হয়।

সংক্ষিপ্ত ৰূপ

কাহিনীটো সূৰ্য্যনাৰায়ণ আৰু প্ৰভাতীৰ ঘৰ আলাকাপুৰী পৰিয়ালৰ, তেওঁলোকৰ চাৰিটা সন্তান অভিৰাম, অজয়, অমল, আৰু অমৃতা। ডাঙৰ পুত্ৰ হিচাপে অভিৰামৰ আলকাপুৰী ঘৰ আৰু সূৰ্যপ্ৰভা সংগঠন দুয়োটাতে উল্লেখযোগ্য স্থান আছে। তেওঁৰ পত্নী জানকী পৰিয়ালটোৰ জ্যেষ্ঠ বোৱাৰী, পৰিয়ালৰ ঐক্য, শান্তি আৰু সুখ বজাই ৰাখে। তেওঁলোকৰ চাৰি বছৰীয়া কন্যা পোন্নু।

অজয় আৰু অমলৰ বিবাহৰ পিছত,যেতিয়া তেওঁলোকৰ নতুন পত্নীয়ে ঘৰখনত প্ৰৱেশ কৰে, পৰিয়ালটোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হয়।৬

চৰিত্ৰ সমূহ

  • জানকী অভিৰামৰ চৰিত্ৰত ৰক্ষা ৰাজ
  • অভিৰাম বৰ্মা ওৰফে ‘অভি’ হিচাপে যুৱ কৃষ্ণ।
  • অনিল মোহন (১ম খণ্ডৰ পৰা ১২৫ নং খণ্ড)/ পায়ন্নুৰ মুৰালী (১২৬ৰ পৰা বৰ্তমানলৈ) সূৰ্য্যনাৰায়ণ বৰ্মাৰ চৰিত্ৰত
  • অপৰ্ণা থাম্পীৰ চৰিত্ৰত আৰাথী সোজন: বিশ্বনাথন থাম্পী আৰু নিৰ্মলাৰ কন্যা।
  • বিশ্বনাথন থাম্পীৰ চৰিত্ৰত সুভাষ মেনন
  • ৰেনীশা ৰহিমানক নিৰঞ্জনা উন্নীথনৰ চৰিত্ৰত[7]: হেমাম্বিকা আৰু এড. উনিথানৰ ছোৱালী।
  • পন্নুৰ চৰিত্ৰত বেবী ছাছা ইছলা
  • সুমংগলাৰ চৰিত্ৰত গিৰিজা কয়ালাট
  • অজয়ৰ চৰিত্ৰত মিথুন এম কে
  • অমৃতাৰ চৰিত্ৰত সৌপৰ্ণিকা সুভাষ
  • প্ৰভাৱতী হিচাপে মায়া মেনন
  • অমলৰ চৰিত্ৰত নিহাছ খান
  • অধিবক্তা উনিথান মেননৰ চৰিত্ৰত বোবান আলুমুডান
  • হেমাম্বিকা মেননৰ চৰিত্ৰত কৃষ্ণপ্ৰিয়া (মিচেছ উন্নিথান মেনন)
  • মালবিকাৰ চৰিত্ৰত অৰ্চনা জয়কৃষ্ণন
  • হানি ৰোজৰ চৰিত্ৰত ঈশানী
  • কেমিঅ’ৰ উপস্থিতি
  • শচীনৰ চৰিত্ৰত অৰুণ নাইৰৰে

প্ৰডাকচন

প্ৰিমিয়াৰ যুৱ কৃষ্ণৰ অংশ হিচাপে ৰক্ষা ৰাজ আৰু বেবী সাছাই বিগ বছ মালয়ালম ছিজন ৬ত টিভি ধাৰাবাহিকখনৰ প্ৰচাৰ কৰে।৭ ৯৪ দিনত তেওঁলোকে বিগ বছ হাউচত প্ৰৱেশ কৰি, প্ৰতিযোগীসকলক লগ কৰে আৰু ধাৰাবাহিকখনৰ বিষয়ে সবিশেষ আলেচনা কৰে।৮

জনকীযুদেউম অভিযুদেউম বীডু আৰু আন এখন টিভি ধাৰাবাহিক সন্থৱনাম 2 ৰ উদ্বোধনী অনুষ্ঠান আৰু ষ্টাৰ ছিংগাৰ ছিজন ৯ ৰ পুনৰাৰম্ভ উপলক্ষে "থাৰোৎসৱম" নামৰ অনুষ্ঠান এটা কন্নুৰত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানটো ১৬ জুন ২০২৪ তাৰিখে, ধাৰাবাহিক খনৰ আৰম্ভণিৰ এক দিন আগতে, এছিয়ানেটত প্ৰসাৰিত হৈছিল।৯

প্ৰতিক্ৰিয়া

শৃংখলাটোৱে আৰম্ভণি সপ্তাহত টিআৰপি ৰেটিংত (Target Rating Point) চতুৰ্থ স্থান লাভ কৰিছিল।১০ ছেপ্তেম্বৰ ২০২৪ লৈকে, এই শৃংখলাটোৱে ৰাতি ৯ বজাৰ সময়সীমাত ষষ্ঠ স্থান দখল কৰিছিল।১১ পাছত ইয়াক ৰাতি ৯.৩০ বজালৈ স্থানান্তৰ কৰা হয়, য’ত ই ষষ্ঠ স্থানত থাকিবলৈ সক্ষম হয়।১২ ১৬ ডিচেম্বৰ ২০২৪ পৰা, শৃংখলাটোক পুনৰ সলনি কৰি ৰাতি ১০.৩০ বজালৈ স্থানান্তৰ কৰা হয়।

মৌলিক ধাৰাবাহিক আৰু অভিযোজন

মূল সংস্কৰণ হিন্দী ভাষাৰ ধাৰাবাহিক কাহানী ঘৰ ঘৰ কী ৰ সৃষ্টি কৰিছিল একতা কাপুৰে তেওঁৰ প্ৰডাকচন কোম্পানী বালাজী টেলিফিল্মছৰ বেনাৰত। ২০০০ চনৰ ১৬ অক্টোবৰৰ পৰা ২০০৮ চনৰ ৯ অক্টোবৰলৈকে এই অনুষ্ঠানটো ষ্টাৰপ্লাছত প্ৰচাৰিত হৈছিল, য'ত সাক্ষী তানৱাৰ আৰু কিৰণ কৰ্মৰকাৰে অভিনয় কৰিছিল।১৩

কাহানী ঘৰ ঘৰ কী সম্প্ৰচাৰৰ ১৬ বছৰৰ পিছত ডিজনী ষ্টাৰ নেটৱৰ্ক মাৰাঠী ভাষাৰ চেনেল ষ্টাৰ প্ৰৱাহে ইয়াক মাৰাঠী ভাষাত ঘৰৰঘৰী মাটিচ্য চুলি নামেৰে পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰে, যিটো ২০২৪ চনৰ ১৮ মাৰ্চৰ পৰা আৰম্ভ হয়।১৪ এমাহৰ পিছত ২০২৪ চনৰ ২২ এপ্ৰিলত তামিল ভাষা পুনৰ্নিৰ্মাণ Veetuku Veedu Vaasapadi আৰম্ভ হয়।,১৫ তাৰ পিছত ২০২৪ চনৰ ৬ মে'ৰ পৰা ষ্টাৰ সুৱৰ্ণাত কন্নড় ভাষা পুনৰ্নিমাণ, জনাকী সংসাৰা।১৬ তেলুগু ভাষা আৰু মালয়ালম ভাষা পুনৰ্নিৰ্মাণ সংস্কৰণ ক্ৰমে ইংতি ৰামায়ণ১৭ আৰু জানকীযুদেয়ুম অভিযুদেউম বীডু একে বছৰৰ জুন মাহৰ পৰা আৰম্ভ হয়।

অভিযোজন

ভাষা অনুসৰি 'জানকীযুদেউম অভিযুদেয়ুম বীদু'(জানকী আৰু অভিহঁতৰ ঘৰ)ৰ অভিযোজন:

তথ্যসূত্ৰ

  1. ↑ (19 June 2024). New Serial 'Janakiyudeyum Abhiyudeyum Veedu' Gains Attention. The Times Of India
  2. ↑ (20 May 2024). Janakiyudeyum Abhiyudeyum Veedu Upcoming Malayalam Television Serial on Asianet. Kerala TV
  3. ↑ (10 June 2024). ജാനകിയുടെയും അഭിയുടെയും വീട് പരമ്പര ഏഷ്യാനെറ്റിൽ ജൂൺ 17 മുതൽ സംപ്രേക്ഷണം ചെയ്യുന്നു. Kerala TV
  4. ↑ (2 June 2024). Santhwanam 2, Janakiyudeyum Abhiyudeyum Veedu Serials Launch Date and Time Announced by Asianet. Kerala TV
  5. ↑ Asianet Announces New Serial "Janakiyudeyum Abhiyudeyum Veedu". Kerala9.com
  6. ↑ Asianet Announces "Janakiyudeyum Abhiyudeyum Veedu". Disney Star
  7. ↑ ബിഗ് ബോസ് വീട്ടുകാരെ അത്ഭുതപ്പെടുത്തി അതിഥികള്‍; ജാനകിയും അഭിയും പൊന്നുസും. Asianet News
  8. ↑ (13 June 2024). Bigg Boss Malayalam 6: Yuva Krishna and Raksha Raj meet the housemates, Baby Sasha steals the spotlight. The Times Of India
  9. ↑ (13 June 2024). Asianet Schedule Sunday, 16 June – Tharolsavam Kannur Event, Bigg Boss Season 6 Grand Finale Telecast. Keralatv
  10. ↑ (29 June 2024). Janakiyudeyum Abhiyudeyum Veedu Makes It To The Top 5 In The Premiere Week; Bigg Boss Malayalam 6 Grand Finale Grabs Record Rating. The Times Of India
  11. ↑ (5 September 2024). Chempaneerpoovu remains the most-watched show; Ishtam Mathram joins the top 5. The Times Of India
  12. ↑ (15 November 2024). Chempaneerpoovu continues to be the most-watched show on Malayalam TV; Santhwanam 2 falls to fifth spot. The Times Of India
  13. ↑ The Best of Television, 2007. Rediff.com
  14. ↑ (22 February 2024). Aggabai Sasubai fame Ashutosh Patki is all set to play Saumitra Ranadive in Gharoghari Matichya Chuli - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ (18 April 2024). Star Vijay launches Veetukku Veedu Vasappadi. www.disneystar.com
  16. ↑ (4 May 2024). Janaki Samsara Serial Star Cast – Star Suvarna Channel Latest Prime Time Kannada Show. Indiantvinfo
  17. ↑ స్టార్ మాలో సరికొత్త సీరియల్ ఇంటింటి రామాయణం. 20 మంది గల ఉమ్మడి కుటుంబ గాథ. Hindustan News

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকীযুদেউম অভিযুদেয়ুম বীদু” প্ৰবন্ধৰ সংশোধন ৬৩৪৯০৫ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।