অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চিদাম্বৰম (চলচ্চিত্ৰ)

চিদাম্বৰম (Chidambaram; ചിദംബരം) জি অৰবিন্দ ৰচিত, পৰিচালিত আৰু প্ৰযোজিত ১৯৮৫ চনৰ এখন মালয়ালম ভাষাৰ ছবি। এইখন চি.ভি. সীতাৰমনৰ এটা চুটিগল্পৰ চলচ্চিত্ৰীয় অভিযোজন। ছবিখনত গোপামত বাস কৰা তিনিজন লোকৰ জীৱনৰ মাজেৰে পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিভিন্ন দিশ অন্বেষণ কৰা হৈছে।

হালনাগাদ: ৬ এপ্ৰিল ২০২৪ ১১৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চিদাম্বৰম (Chidambaram; ചിദംബരം) জি অৰবিন্দ ৰচিত, পৰিচালিত আৰু প্ৰযোজিত ১৯৮৫ চনৰ এখন মালয়ালম ভাষাৰ ছবি। এইখন চি.ভি. সীতাৰমনৰ এটা চুটিগল্পৰ চলচ্চিত্ৰীয় অভিযোজন।১২৩৪ ছবিখনত গোপামত বাস কৰা তিনিজন লোকৰ জীৱনৰ মাজেৰে পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিভিন্ন দিশ অন্বেষণ কৰা হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভৰত গোপী, স্মিতা পাটিল, শ্ৰীনিবাসন আৰু মোহন দাসে। চিদাম্বৰমে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰিও শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা আদি শিতানত পাঁচটাকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

অভিনয়

  • ভাৰত গোপী (শংকৰন)
  • শ্ৰীনিবাসন
  • স্মিতা পাটিল (শিৱকামী)
  • ইনোচেণ্ট
  • নেডুমুড়ি বেণু
  • ডাঃ মোহন দাস (জেকব)
  • জেমচ (জনচন)

বঁটা

৩৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৫)

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৮৫)

  • শ্ৰেষ্ঠ পৰিচালক- জি অৰবিন্দন
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ অভিনেতা- ভৰত গোপী
  • শ্ৰেষ্ঠ সংগীত পৰিচালক- জি দেৱৰাজন

তথ্যসূত্ৰ

  1. ↑ G.Aravindan: Chidambaram. Cinemaofmalayalam.net
  2. ↑ Chidambaram. www.malayalachalachithram.com
  3. ↑ Chidambaram. malayalasangeetham.info
  4. ↑ Chidambaram. spicyonion.com

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী১৯৮৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিদাম্বৰম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪১৭২৪১ (৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।