অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

স্বয়ম্বৰম

স্বয়ম্বৰম ( One's Own Choice ) ১৯৭২ চনত মুক্তি পোৱা আদুৰ গোপালকৃষ্ণন পৰিচালিত মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ, য'ত মধু আৰু সাৰদাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন উল্লেখযোগ্য সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল থিক্কুৰিছি সুকুমাৰন নায়াৰ, আদুৰ ভৱানী, কে পি এ চি ললিতা, আৰু ভাৰত গোপীয়ে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৭০৮ শব্দ · ৪ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

স্বয়ম্বৰম ( One's Own Choice ) ১৯৭২ চনত মুক্তি পোৱা আদুৰ গোপালকৃষ্ণন পৰিচালিত মালয়ালম ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ, য'ত মধু আৰু সাৰদাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন উল্লেখযোগ্য সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল থিক্কুৰিছি সুকুমাৰন নায়াৰ, আদুৰ ভৱানী, কে পি এ চি ললিতা, আৰু ভাৰত গোপীয়ে। পিতৃ-মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহপাশত আবদ্ধ হৈ নতুন ঠাইত নতুন জীৱন আৰম্ভ কৰিব বিচৰা এহাল দম্পতী—বিশ্বম আৰু সীতাৰ জীৱনক ছবিখন চিত্ৰিত কৰা হৈছে। ছবিখনৰ শিৰোনামটোৱে বিবাহোপযোগ্যা ছোৱালী এজনীয়ে নিজৰ পচন্দৰ স্বামী বাছি লোৱাৰ প্ৰাচীন ভাৰতীয় প্ৰথাৰ ইংগিত দিয়ে।

স্বয়ম্বৰম পৰিচালক গোপালকৃষ্ণন আৰু মালয়ালম তাৰকা ভাৰত গোপীৰ প্ৰথম ছবি। ছবিখন প্ৰযোজনা কৰিছে আদুৰ গোপালকৃষ্ণনে প্ৰতিষ্ঠা কৰা চিত্ৰলেখা চলচ্চিত্ৰ সমবায়ৰ চলচ্চিত্ৰই। সংগীত এম বি শ্ৰীনিবাসনৰ, চিত্ৰগ্ৰহণ মানকড়া ৰবি বাৰ্মাৰ, সম্পাদনা ৰমেশনৰ। লেখক-পৰিচালক কে পি কুমাৰনে গোপালকৃষ্ণনৰ সৈতে লগ হৈ চিত্ৰনাট্য ৰচনা কৰিছিল। ছবি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ঋণৰ প্ৰাৰম্ভিক প্ৰস্তাৱ চলচ্চিত্ৰ বিত্ত নিগমে (FFC) নাকচ কৰাত প্ৰকল্পটো আৰম্ভ কৰিবলৈ সাত বছৰ সময় লাগিছিল। পিছলৈ চলচ্চিত্ৰ বিত্ত নিগমে ছবিখনৰ আংশিক বিত্তীয় সাহায্য আগবঢ়ায় আৰু বাকীখিনি ধনৰ যোগান ধৰে চিত্ৰলেখাই।

ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে। ই মালয়ালম চলচ্চিত্ৰত নৱ তৰংগ চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক আছিল আৰু চিংক্ৰোনাইজড্ চাউণ্ড আৰু স্থানীয় আউটডোৰ লোকেচন ব্যৱহাৰ কৰা প্ৰথম প্ৰৰ্যায়ৰ মালয়ালম চলচ্চিত্ৰৰ অন্যতম। স্বয়ম্বৰম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি বিশ্বৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ১৯৭৩ চনত ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ চাৰিটাকৈ বঁটা লাভ কৰিছিল।

কাহিনীৰ সাৰাংশ

নৱবিবাহিত দম্পতী বিশ্বম আৰু সীতাই পৰিয়ালৰ পছন্দৰ বিপৰীতে বিবাহপাশত আবদ্ধ হৈ ঘৰ এৰি যায়। দুয়ো নতুন ঠাইত নতুন জীৱন আৰম্ভ কৰিব বিচাৰে। প্ৰথম অৱস্থাত তেওঁলোকে এখন ভাল হোটেলত থাকে যদিও টকা-পইচা কমি অহাত এখন সাধাৰণ মানৰ হোটেললৈ স্থানান্তৰ হয়।

শিক্ষিত, নিবনুৱা যুৱক বিশ্বম এজন উচ্চাকাংক্ষী লেখক আৰু তেওঁৰ কিছুমান চুটিগল্প ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছিল। তেওঁৰ সপোন ‘নিবৃত্তি’ শীৰ্ষক তেওঁৰ উপন্যাসখন কাকতত প্ৰকাশ হওক। তেওঁ সম্পাদক এজনক লগ ধৰে, যিয়ে তেওঁৰ উপন্যাসখন পঢ়িবলৈ সন্মত হয় যদিও বিশ্বমৰ পৰিচিতি বা লেখাৰ পৰিমান কম হোৱা বাবে প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। সীতাই চেলছ গাৰ্ল হিচাপে চাকৰিৰ সুবিধা পায় যদিও প্ৰয়োজনীয় চিকিউৰিটি মানী ১০০০ টকা দিব নোৱাৰাত চাকৰিটো নাপালে। চাকৰি পোৱাৰ কেইবাটাও বিফল প্ৰচেষ্টা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা আৰ্থিক চাপে তেওঁলোকক বস্তিলৈ স্থানান্তৰিত হ’বলৈ বাধ্য কৰায়। অৱশেষত সীতাৰ গহনাও বিক্ৰী কৰিবলগীয়া অৱস্থা হয়।

বিশ্বমে কলেজত প্ৰাণীবিজ্ঞানৰ শিক্ষকৰ চাকৰি পায় যদিও সেইটোও হেৰুৱায়। তাৰ পিছত তেওঁ সামান্য দৰমহাত কাঠৰ দোকানত বৰ্খাস্ত হোৱা এজন কৰ্মচাৰীৰ ঠাইত কেৰাণীৰ চাকৰি কৰিবলৈ লয়। দম্পতীহালে নিজৰ নৱজাত কেঁচুৱাটোৰ সৈতে এখন সুখৰ সংসাৰ গঢ়িবলৈ চেষ্টা কৰে, কিন্তু অতি সোনকালেই তেওঁলোকৰ সপোনবোৰ ম্লান হৈ যায়। বিশ্বম অসুস্থ হৈ পৰে আৰু মৃত্যু হয়। বিশ্বমৰ মৃত্যুৰ পিছত সীতাক নিজৰ পিতৃ-মাতৃৰ ওচৰলৈ ঘূৰি যাবলৈ পৰামৰ্শ দিয়া হয় যদিও দৃঢ়চেতা সীতাই সেইটো কৰিবলৈ অস্বীকাৰ কৰে। ছবিখন শেষ হয় ৰামায়ণৰ সীতা সয়ম্বৰৰ ফটো এখন চাই চাই কেঁচুৱাটোক খুৱাই থকাৰ দৃশ্যৰে।

অভিনয় শিল্পী

  • মধু (বিশ্বম)
  • সাৰদা (সীতা)
  • আদুৰ ভৱানী (জানকী)
  • কে পি এ চি ললিতা (কল্যাণী, বেশ্যা)
  • থিক্কুৰিছি সুকুমাৰন নায়াৰ (কলেজৰ অধ্যক্ষ)
  • পি কে বেণুকুট্টন নায়াৰ (বসু, স্মাগলাৰ)
  • বৈকম চন্দ্ৰশেখৰন নায়াৰ (সম্পাদক)
  • কৰমন জনাৰ্দন নায়াৰ (থমাছন)
  • ভাৰত গোপী (বৰ্খাস্ত হোৱা কৰ্মচাৰী)

বঁটা-বাহন

  • ১৯৭৩:৮ম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ৰাছিয়া)১
  • ১৯৭৩:২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত)২
    • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা
    • আদুৰ গোপালকৃষ্ণনলৈ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা
    • শ্ৰেষ্ঠ অভিনেত্ৰী: সাৰদা
    • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: মানকড়া ৰবি বাৰ্মা
  • ১৯৭৩:কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা৩
    • শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ (ক'লা-বগা): মানকড়া ৰবি বাৰ্মা
    • শ্ৰেষ্ঠ কলা নিৰ্দেশক: দেৱনাথন

গ্ৰন্থপঞ্জী

  • Jayaram, S. B. (1996). Adoor Gopalakrishnan: 25 years of film making. Chalachithram
  • Bhaskaran, Gautaman. (2010). Adoor Gopalakrishnan: A Life in Cinema. Penguin Books. ISBN 978-0-670-08171-4
  • NFDC. (1991). Cinema in India, Volume 2. National Film Development Corporation of India
  • Thoraval, Yves. (2002). The Cinemas of India (1896–2000). Macmillan India. ISBN 0-333-93410-5
  • Rajadhyaksha, Ashish; Willemen, Paul. (1999). Encyclopaedia of Indian cinema. Oxford University Press. ISBN 0-85170-455-7
  • Datta, Amaresh. (2006). The Encyclopaedia Of Indian Literature. Sahitya Akademi. ISBN 978-81-260-1803-1
  • Hakemulder, Jan R.; de Jonge, Fay A. C.; Singh, Prabhash P. (1998). Future of journalism, mass communication and public relations. Anmol Publications. ISBN 978-81-261-0067-5
  • Dharap, B. V. (1973). Indian films. National Film Archive of India
  • Gopalakrishnan, Adoor. (2001). Of Life..On Films..:Adoor on Swayamvaram. Deep Focus
  • Vijayakrishnan. (1987). Malayala Cinemayude Katha. Kerala State Film Development Corporation. ISBN 978-81-8264-070-2
  • Menon, Dhanya. (1998). Malayalam Literary Survey (Journal). Kerala Sahitya Akademi
  • Datta, Sangeeta. (2002). Shyam Benegal. British Film Institute. ISBN 978-0-85170-907-9

বাহ্যিক সংযোগ

অধিক জানিবলৈ পঢ়ক

তথ্যসূত্ৰ

  1. ↑ Radhakrishnan, R. (2009). The Gulf in the imagination: Migration, Malayalam cinema and regional identity. Contributions to Indian Sociology. পৃ. 217–245
  2. ↑ 20th National Film Awards. International Film Festival of India
  3. ↑ State Film Awards 1969–2008. Information and Public Relation Department of Kerala

সম্পৰ্কিত শ্ৰেণী

১৯৭২ বৰ্ষৰ চলচ্চিত্ৰমালয়ালম চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বয়ম্বৰম” প্ৰবন্ধৰ সংশোধন ৬৪০৩০১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।