মালয়ালম চলচ্চিত্ৰ
৪১ প্ৰবন্ধ
-
পথেমৰী
পথেমৰী (অৰ্থাৎ দাও বা পালষ্টাৰ নৌকা) হৈছে ২০১৫ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ পিৰিয়ড ড্ৰামা চলচ্চিত্ৰ। এই কথাছবিখনৰ ৰচনা আৰু পৰিচালনা চেলিম আহমেদৰ। ইয়াত মামুট্টিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
পিৰাভি
পিৰাভি (Piravi; অৰ্থ: জন্ম) ) ১৯৮৯ চনৰ মালয়ালম ভাষাৰ শ্বাজী এন কৰুণৰ পৰিচালিত এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে প্ৰেমজী, অৰ্চনা আৰু লক্ষ্মী কৃষ্ণমূৰ্তিয়ে। ১৯৭৬ চনৰ ভাৰতৰ জৰুৰীকালীন সময়ছোৱাত কালিকটৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, অধ্যাপক টি.ভি.
-
বিষুক্কনি
বিষুক্কানী (Vishukkani) হৈছে ১৯৭৭ চনত মুক্তিপ্ৰাপ্ত জে. শশীকুমাৰৰদ্বাৰা পৰিচালিত আৰু আৰ. এম. সুন্দৰমৰদ্বাৰা প্ৰযোজিত এখন ভাৰতীয় মালয়ালম ভাষাৰ ছবি। ছবিখনত অভিনয় কৰিছে প্ৰেম নাজিৰ, শাৰদা, থিক্কুৰিছী সুকুমাৰন নাইৰ আৰু শংকৰাডিয়ে। এইখন তামিল ছবি কৰ্পগমৰ পুনৰ্নিৰ্মাণ।
-
বেংগালুৰু ডেজ
বেংগালুৰু ডেজ হৈছে ২০১৪ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ কৈশোৰ আৰু যৌৱনকালৰ সংগ্ৰামভিত্তিক কমেডী ড্ৰামা চলচ্চিত্ৰ। এই ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনা কৰিছে অঞ্জলি মেননে। আনৱাৰ ৰছিদ আৰু ছফিয়া পলে আনৱাৰ ৰছিদ এণ্টাৰটেইনমেণ্টছ আৰু ৱীকেণ্ড ব্লকবাষ্টাৰ্ছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে।
-
ব্লেক বাটাৰফ্লাই (২০১৩ চনৰ চলচ্চিত্ৰ)
ব্লেক বাটাৰফ্লাই হৈছে ৰাজপুত্ৰ ৰঞ্জিতৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন ছবি। মণিয়নপিল্লা ৰাজুৰ প্ৰযোজক ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন মুৰালী, মালবিকা নাইৰ, নিৰঞ্জ মননপিল্লা ৰাজু আৰু সমস্কৃত শ্বেনয়।
-
মহেশীন্তে প্ৰতিকাৰম
মহেশীন্তে প্ৰতিকাৰম (অৰ্থ: মহেশৰ প্ৰতিশোধ) হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ কমেডী ড্ৰামা চলচ্চিত্ৰ। এইখন পৰিচালক দিলীশ পুথানৰ পৰিচালনাৰ প্ৰথম ছবি আছিল আৰু ছবিখনৰ প্ৰযোজনা কৰিছিল আশিক আবুৱে।
-
মায়ানদী
মায়ানদী (অৰ্থ: ৰহস্যময় নদী) হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ ৰোমাণ্টিক থ্ৰিলাৰ চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা আৰু সহ-প্ৰযোজনা কৰিছে আশিক আবুৱে আৰু কাহিনী লিখিছে শ্যাম পুষ্কৰণ আৰু দিলীছ নায়াৰে।
-
মিন্নাল মুৰুলী
মিন্নাল মুৰুলী (মালয়ালম: മിന്നൽ മുരളി, অৰ্থ: বিজুলী মুৰুলী) হৈছে ২০২১ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ ছুপাৰহিৰো চলচ্চিত্ৰ। উইকেণ্ড ব্লকবাষ্টাৰ্ছৰ বেনাৰত ছফিয়া পলে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে বাছিল জোচেফে। ইয়াৰ চিত্ৰনাট্য লিখিছে অৰুণ অনিৰুদ্ধন আৰু জাষ্টিন মেথিউৱে।
-
মোহিনিয়াত্তম (চলচ্চিত্ৰ)
মোহিনিয়াত্তম (Mohiniyattam) হৈছে শ্ৰীকুমাৰন থাম্পিৰ দ্বাৰা পৰিচালিত ১৯৭৬ চনৰ ভাৰতীয় মালায়ালম চলচ্চিত্ৰ। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অদুৰ ভাচী, লক্ষ্মী, টি আৰ ওমানা আৰু নীলাম্বুৰ বালানে। চলচ্চিত্ৰখনত জি দেৱৰাজনৰ সংগীতৰ স্কোৰ আছে।
-
লুচিফাৰ (২০১৯ চনৰ ভাৰতীয় চলচ্চিত্ৰ)
লুচিফাৰ (ইংৰাজী: Lucifer) হৈছে ২০১৯ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰাজনৈতিক অ্যাকচন থ্ৰিলাৰ ছবি। এই ছবিখনৰ জৰিয়তে পৃথ্বীৰাজ সুকুমাৰনে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে আৰু ইয়াৰ কাহিনী লিখিছে মুৰলী গোপীয়ে। এইখন "লুচিফাৰ ইউনিভাৰ্ছ" (লুচিফাৰ বিশ্ব)ৰ প্ৰথমটো খণ্ড।
-
ৰাণী পদ্মিনী (চলচ্চিত্ৰ)
ৰাণী পদ্মিনী ( Rani Padmini ) আশিক আবু পৰিচালিত এখন ভাৰতীয় মালয়ালম ছবি, য'ত ৰীমা কলিংগাল আৰু মঞ্জু ৱাৰিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিৰ প্ৰযোজক ফ’ৰ্ট এণ্টাৰটেইনমেণ্ট কোম্পানী। চিত্ৰনাট্য লিখিছিল শ্যাম পুষ্কৰণ আৰু ৰবিশংকৰে ৷ সংগীত ৰচনা কৰিছিল বিজীবালে।