উত্তৰায়নম (Uttarayanam) হৈছে ১৯৭৫ চনত মুক্তি লাভ কৰা এখন মালয়ালম ভাষাৰ চলচ্চিত্ৰ। ১ ছবিখনৰ পৰিচালনা জি. অৰৱিন্দনে কৰিছে আৰু থিক্কোডিয়ানে চিত্ৰনাট্য লিখিছে। এই ছবিখনৰ জৰিয়তেই অৰৱিন্দনে চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। স্বাধীনতা সংগ্ৰামৰ পটভূমিত নিৰ্মিত ছবিখনে সেই সময়ৰ সুবিধাবাদ আৰু ভণ্ডামিক উদঙাই দিয়ে। ছবিখন অৰৱিন্দনৰ নিজা কাৰ্টুন ধাৰাবাহিক চেৰিয়া মনুষ্যৰুম ভলিয়া লোকাভুম (সৰু মানুহ আৰু ডাঙৰ পৃথিৱী)ৰ পৰা অনুপ্ৰাণিত, যিখন ধাৰাবাহিক মাথ্ৰুভূমিত কেইবাবছৰ ধৰি প্ৰকাশ পাইছিল।২৩
ছবিখনৰ কাহিনী ৰবি নামৰ এজন নিবনুৱা যুৱকক কেন্দ্ৰ কৰি আগবাঢ়ে। চাকৰি বিচাৰি ঘূৰি ফুৰাৰ সময়ত ৰবিয়ে ইটোৰ পাছত সিটো অভিজ্ঞতাৰ সন্মুখীন হয়। পক্ষাঘাতগ্ৰস্ত পিতৃৰ পৰা শুনা ব্ৰিটিছবিৰোধী স্বাধীনতা সংগ্ৰামীসকলৰ অতীতৰ সংগ্ৰামৰ কথা ৰবিৰ মনত প্ৰতিফলিত হয়। অৱশেষত তেওঁ ভাৰত ত্যাগ আন্দোলনৰ এজন নেতা গোপালন মুথালালিক সাক্ষাৎ কৰে। কিন্তু সময়ৰ সোঁতত সেই একালৰ স্বাধীনতা সংগ্ৰামীজন এতিয়া এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰত পৰিণত হৈছে। মোহনদাসে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত কুঞ্জু, বালন কে. নাইৰ, আদূৰ ভাসি, কুঞ্জাণ্ডি আৰু সুকুমাৰন অভিনয় কৰিছে।২ মুক্তিৰ পাছত ছবিখনে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰাৰ লগতে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পাঁচটাকৈ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰে। এখন পৰীক্ষামূলক চলচ্চিত্ৰ হিচাপে উত্তৰায়ণমে কেৰালাৰ সমান্তৰাল চলচ্চিত্ৰ আন্দোলনত যথেষ্ট প্ৰভাৱ পেলায়।৪
কাহিনী
ৰবি এজন নিবনুৱা এম.এ. স্নাতক। চাকৰি লাভৰ আশাত তেওঁ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হয়, সাক্ষাৎকাৰ দিয়ে, কিন্তু কোনোপধ্যেই চাকৰি এটা লাভ কৰিবলৈ সক্ষম নহয়। তেওঁ মাক আৰু আইতাকৰ সৈতে বাস কৰে। তেওঁৰ ককাক মাধৱন মেনন আছিল এগৰাকী গান্ধীবাদী, যিয়ে অসহযোগ আন্দোলনত বিশ্বাস কৰিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে অহিংস প্ৰতিবাদত অংশ লৈছিল। মাধৱন মেননে নিজৰ জীয়েকৰ বিয়া গোবিন্দনৰ সৈতে দিয়ে। কিন্তু গোবিন্দন আছিল এগৰাকী বিপ্লৱী, যিয়ে ভগত সিঙৰ আদৰ্শত বিশ্বাস কৰিছিল আৰু সশস্ত্ৰ বিপ্লৱকেই ব্ৰিটিছ সাম্ৰাজ্য উৎখাত কৰাৰ একমাত্ৰ উপায় বুলি ভাবিছিল। মেননৰ ভিনীহিয়েক অধিকাৰী আছিল এনে এজন ব্যক্তি, যিয়ে আৰক্ষীক কংগ্ৰেছৰ সমৰ্থক আৰু বিপ্লৱী বিদ্ৰোহী—দুয়ো পক্ষৰ লোককে গ্ৰেপ্তাৰ কৰাত সহায় কৰিছিল। আনকি বিপ্লৱী আন্দোলনৰ ভিতৰতো গোপালনৰ দৰে কোমল-হৃদয়ৰ লোক আছিল, যিসকলে আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আন্দোলনৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল।
ৰবিয়ে কুমাৰণ মাষ্টাৰৰ সৈতে কিছু সময় কটায়। মাষ্টাৰ তেওঁৰ পিতৃৰ সৈতে একেলগে বিপ্লৱী আন্দোলনত জড়িত আছিল। বৰ্তমান মাষ্টাৰে মুখা নিৰ্মাণ কৰি সময় কটায়। এদিন তেওঁলোকে অচ্যুতনৰ ওচৰলৈ যায়। অচ্যুতনো আছিল আন এজন বিপ্লৱী, কিন্তু এতিয়া তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ শয্যাশায়ী। মাষ্টাৰে ৰবিক গোপালনক লগ কৰিবলৈ এখন চিঠি দিয়ে। কিন্তু ৰবিয়ে গোপালনক লগ পাই আৱিষ্কাৰ কৰে যে সেই একালৰ বিপ্লৱীজন এতিয়া এজন ধনী ব্যৱসায়ী। তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ ৰাজনৈতিক নেতাসকলৰ সৈতে বহি মদ্যপান কৰে আৰু স্বাধীনতা সংগ্ৰামৰ দিনবোৰৰ কথা পাতি থাকে।
ৰবিয়ে তেওঁৰ কলেজৰ সহপাঠী ডেভিডকো লগ পায়। কলেজত পঢ়ি থকা সময়ত ডেভিডে ৰাজনীতিক ঘৃণা কৰিছিল। কিন্তু এতিয়া তেওঁ এজন ট্ৰেড ইউনিয়ন কৰ্মী আৰু গোপালন মুথালালিৰ বাবে নিৰ্মাণ হৈ থকা এখন তাৰকাযুক্ত হোটেলৰ কামত সহায় কৰি আছে। আন এজন কলেজীয়া সহপাঠী প্ৰেমকুমাৰ এতিয়া এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ। আজৰি সময় তেওঁ মদ, ধূমপান আৰু নাৰীৰ সৈতে কটাই ভাল পায়। কিছুদিন ৰবি প্ৰেমকুমাৰৰ সৈতে থাকে। তেওঁৰ ৰুমমেট আছিল প্ৰাক্তন মিষ্টাৰ কেৰালা তথা বডিবিল্ডাৰ বালন। বালনে তেওঁলোকক স্বাস্থ্যই যে প্ৰকৃত সম্পদ, সেই বিষয়ে উপদেশ দি থাকে।
ৰাধাই ৰবিৰ প্ৰতি যি ভালপোৱা দেখুৱায়, তাৰ প্ৰতি ৰবিয়ে একে অনুভূতিৰে সঁহাৰি দিব নোৱাৰে। শেষত মোহভংগ হোৱা ৰবি পাহাৰলৈ গুচি যায় আৰু এজন সাধুৰ সন্ধান কৰে। সেই সাধুজনে উপনিষদৰ পৰা তেওঁক এনে এটা বাণী পঢ়ি শুনায়—আন মানুহৰ সম্পত্তিৰ প্ৰতি লালসা নকৰিবা। অৱশেষত ৰবি এগৰাকী জনজাতীয় মহিলাৰ সন্মুখত উপস্থিত হয়। মহিলাগৰাকীয়ে শুকান পাত জ্বলাই আছিল। ৰবিয়ে নিজৰ মুখাখন জুইৰ মাজলৈ দলিয়াই দিয়ে।
বঁটা
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা৫
- শ্ৰেষ্ঠ ছবি
- শ্ৰেষ্ঠ পৰিচালক
- শ্ৰেষ্ঠ চিত্ৰনাট্য
- শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
- দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা
- শ্ৰেষ্ঠ কলা নিৰ্দেশক
- ভাৰতৰ স্বাধীনতাৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ বঁটা
- মালয়ালম ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
তথ্যসূত্ৰ
- ↑ Bibekananda Ray and Naveen Joshi. (2001). Conscience of the race: India's offbeat cinema. Publications Division, Ministry of Information and Broadcasting, Government of India. পৃ. 95. ISBN 81-230-1298-5
- ↑ Directorate of Film Festivals. (1981). The New generation, 1960-1980. Directorate of Film Festivals, Ministry of Information and Broadcasting. পৃ. 48
- ↑ Sashi Kumar. (2 January 2010). Aravindan's art. Frontline. দ্য হিন্দু
- ↑ G. Aravindan: Uttarayanam. Cinemafmalayalam.net
- ↑ "Kerala State Film Awards: 1969 - 2008" . Information and Public Relations Department of Kerala. Retrieved 20 January 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰায়নম” প্ৰবন্ধৰ সংশোধন ৬২৭২৭৮ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।