অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নোক্কেথাধুৰথু কান্নুম নাট্টু

নোক্কেথাধুৰথু কান্নুম নাট্টু (Nokkethadhoorathu Kannum Nattu)অৰ্থ:চকুৰে যিমান দূৰলৈকে দেখা যায়, তালৈ চাই) হৈছে ১৯৮৪ চনত মুক্তি পোৱা এখন ভাৰতীয় মালয়ালম ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ফাজিলৰ।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

নোক্কেথাধুৰথু কান্নুম নাট্টু (Nokkethadhoorathu Kannum Nattu)অৰ্থ:চকুৰে যিমান দূৰলৈকে দেখা যায়, তালৈ চাই) হৈছে ১৯৮৪ চনত মুক্তি পোৱা এখন ভাৰতীয় মালয়ালম ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ফাজিলৰ। মুখ্য চৰিত্ৰত পদ্মিনী, নাধিয়া ময়ডু, আৰু মোহনলালে অভিনয় কৰিছে৷ ছবিখনৰ মূল গীতসমূহৰ সংগীত পৰিচালনা কৰিছিল জেৰি অমলদেৱে৷ আৰু নেপথ্য সংগীত জনছনে ৰচনা কৰিছিল। এই ছবিখনৰ জৰিয়তে নাদিয়াই মালয়ালম চলচ্চিত্ৰ জগতত আৰু অভিনয়জীৱনত আত্মপ্ৰকাশ কৰে। আনহাতে, দীৰ্ঘদিনৰ বিৰতিৰ পিছত পদ্মিনীৰো এই ছবিখনৰ জৰিয়তে প্ৰত্যাৱৰ্তন ঘটে।

নোক্কেথাধুৰথু কান্নুম নাট্টু সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম চলচ্চিত্ৰ আছিল আৰু ছবিখনে ছবিগৃহত ২০০ দিনতকৈ অধিক সময় চলিছিল। ছবিখনে জনপ্ৰিয় আবেদন আৰু নান্দনিক মূল্যৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে প্ৰদান কৰা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে৷ নাদিয়াই শ্ৰেষ্ঠ অভিনেত্ৰী—মালয়ালম শাখাত ফিল্মফেয়াৰ বঁটা লাভ কৰে৷ পিছলৈ ছবিখন কেইবাটাও ভাষাত পুনৰ নিৰ্মাণ কৰা হয়। ফজিলে নিজেই ১৯৮৫ চনত ইয়াক তামিল ভাষাত পুৱে পোচুদা ৱা নামেৰে পুনৰ নিৰ্মাণ কৰে। ১৯৮৬ চনত জন্ধ্যালাই ইয়াক তেলুগু ভাষাত মুদ্দুলা মানাৱাৰালু নামেৰে পুনৰ নিৰ্মাণ কৰে। ইয়াৰ উপৰি ১৯৯২ চনত ছবিখনৰ ১ হিন্দী সংস্কৰণ পায়লে মুক্তি পায়।

নিৰ্মাণ

ছবিখনৰ কিছু অংশৰ দৃশ্যগ্ৰহণ উদয়া ষ্টুডিঅ'ত কৰা হৈছিল। ইয়াৰ ভিতৰত লাথিৰী পথিৰী পুন্থিৰী চেপ্পো গীতটোৰ নৃত্যৰ দৃশ্য আৰু এটা খ্ৰীষ্টমাছৰ দৃশ্য উল্লেখযোগ্য। সেই দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়ত সহ-নৃত্যশিল্পী এগৰাকীৰ হাতত থকা স্পাৰ্কলাৰৰ জুইৰ স্ফুলিংগই নাদিয়া ময়ডুৰ হাতত লাগি যায়। ফলত তেওঁৰ হাতত এটা দাগ পৰে, যিটো তাৰ পিছতো ৰৈ যায়২ নোক্কেথাধুৰথু কান্নুম নাট্টু আছিল নাদিয়া ময়ডুৰ অভিনয় জীৱনৰ প্ৰথম ছবি আৰু দীৰ্ঘ বিৰতিৰ পিছত পদ্মিনীৰ চলচ্চিত্ৰলৈ প্ৰত্যাৱৰ্তনৰ ছবিও আছিল। ২০১৭ চনলৈকে এইখনেই পৰিচালক ফজিলৰ অভিনয় কৰা একমাত্ৰ ছবি আছিল। তেওঁ ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল; পিছলৈ ২০১৯ চনৰ লুচিফাৰ ছবিত তেওঁ পুনৰ এটা সৰু চৰিত্ৰত অভিনয় কৰে।৩ ছবিখনত নাদিয়া ময়ডুৰ কণ্ঠ ভাগ্যলক্ষ্মীয়ে ডাবিং কৰিছিল।৪ এই ছবিখনৰ জৰিয়তে পৰিচালকদ্বয় চিদ্দিকী-লালৰো চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ ঘটে। তেওঁলোক সেই সময়ত ফজিলৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।৫৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (27 October 2019). 'Nokkethadhoorathu Kannum Nattu': Revisiting the Malayalam film that launched Nadhiya. The News Minute
  2. ↑ Sebastian, Shevlin. (8 November 2016). A burnt arm. The New Indian Express
  3. ↑ Manmadhan, Prema. (23 December 2005). His experiments with cinema. দ্য হিন্দু
  4. ↑ M., Athira. (7 March 2013). Making herself heard. দ্য হিন্দু
  5. ↑ Manmadhan, Prema. (28 October 2005). King Midas of Malayalam films. দ্য হিন্দু
  6. ↑ (25 May 2018). Nadia Moidu: It surprises me when teenagers still talk about 'Nokketha Doorathu Kannum Nattu' - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নোক্কেথাধুৰথু কান্নুম নাট্টু” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৪২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।