অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মঞ্জুম্মেল বয়ছ

মঞ্জুম্মেল বয়ছ (Manjummel Boys) হৈছে চিদাম্বৰমৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। পাৰাভা ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে সৌবিন শ্বাহীৰ, বাবু শ্বাহীৰ আৰু শ্বাউন এণ্টনিয়ে।

হালনাগাদ: ১৬ জুলাই ২০২৪ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মঞ্জুম্মেল বয়ছ (Manjummel Boys) হৈছে চিদাম্বৰমৰ দ্বাৰা ৰচিত তথা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ছাৰ্ভাইভেল থ্ৰিলাৰ চলচ্চিত্ৰ। পাৰাভা ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে সৌবিন শ্বাহীৰ, বাবু শ্বাহীৰ আৰু শ্বাউন এণ্টনিয়ে। ছবিখনত অভিনয় কৰিছে সৌবিন শ্বাহীৰ, শ্ৰীনাথ ভাসী, বালু ভাৰ্ঘেছ, গণপতি এছ. পড়ুভাল, লাল জুনিয়ৰ, দীপক পৰম্বল, অভিৰাম ৰাধাকৃষ্ণণ, অৰুণ কুৰিয়ান, খালিদ ৰহমান আৰু শ্বেবিন বেন্সনে৷ ২০০৬ চনৰ এটা সঁচা ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।১ কাহিনীটো কোচিৰ ওচৰৰ মঞ্জুম্মেল নামৰ এখন সৰু চহৰৰ। চহৰখনৰ এদল বন্ধুৱে বন্ধৰ দিনত শৈলচহৰ কোড়াইকানাললৈ যোৱাৰ সিদ্ধান্ত লয়। ভ্ৰমণকালছোৱাত তেওঁলোকৰ এজন গুনা গুহাত আবদ্ধ হৈ পৰে আৰু ইয়াকে মূল বিষয়বস্তু হিচাপে লৈ ছবিখন নিৰ্মিত হৈছে৷

২০২৪ চনৰ ২২ ফেব্ৰুৱাৰীত ছবিখনে কেৰালা আৰু তামিলনাডুৰ ছবিগৃহসমূহত মুক্তি পায় তথা সমালোচকসকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰে।২ ২০০ কোটি টকাতকৈ অধিক উপাৰ্জন কৰা মালয়ালম ছবি জগতৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হয় আৰু বক্স অফিচত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। ই ২০১৮ শীৰ্ষক ছবিখনে গঢ়া অভিলেখ ভংগ কৰি এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবি হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও ২০২৪ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবিৰ ভিতৰত অন্যতম এখন হিচাপে খিতাপ পায়।

তথ্যসূত্ৰ

  1. ↑ Soubin Shahir's Manjummel Boys, based on true events, has this thrilling connection to Kamal Haasan's Gunaa. OTT Play
  2. ↑ Praveen, S. R. (22 February 2024). Immaculately crafted survival thriller. The Hindu

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰভাৰতীয় থ্ৰিলাৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জুম্মেল বয়ছ” প্ৰবন্ধৰ সংশোধন ৪২৬০১৫ (১৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।