অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইৰাকাল

ইৰাকাল (Irakal) হৈছে ১৯৮৫ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। কে. জি. জৰ্জে ছবিখনৰ চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনাও কৰিছিল৷ ছবিখনৰ প্ৰযোজক আছিল সুকুমাৰন। ছবিখনত কে. বি. গণেশ কুমাৰ, থিলাকন, সুকুমাৰন, অশোকন আৰু ৰাধাই অভিনয় কৰিছে।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৮১৯ শব্দ · ৫ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইৰাকাল (Irakal) হৈছে ১৯৮৫ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। কে. জি. জৰ্জে ছবিখনৰ চিত্ৰনাট্য লিখাৰ লগতে পৰিচালনাও কৰিছিল৷ ছবিখনৰ প্ৰযোজক আছিল সুকুমাৰন। ছবিখনত কে. বি. গণেশ কুমাৰ, থিলাকন, সুকুমাৰন, অশোকন আৰু ৰাধাই অভিনয় কৰিছে।১২ "দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ" আৰু "শ্ৰেষ্ঠ কাহিনী" শাখাত ছবিখনে দুটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল৷ ইৰাকালক মালয়ালম চলচ্চিত্ৰৰ প্ৰথমখন ডাৰ্ক মুভি হিচাপে গণ্য কৰা হয় আৰু ই মালয়ালম চলচ্চিত্ৰৰ এখন ধ্ৰুপদী ছবি হিচাপে পৰিগণিত।৩৪

কাহিনী

এজন নিৰ্মম ছিৰিয়ান খ্ৰীষ্টান ৰবৰ ব্যৱসায়ী, মেথিউছ ওৰফে মথুকুট্টিয়ে ব্যৱসায়িক বিচক্ষণতা আৰু আৰক্ষী তথা শ্ৰমিক সংঘৰ নেতাসকলক উৎকোচ দি নিজৰ এক বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলে। তেওঁৰ ব্যৱসায়ৰ ভিতৰত গাঞ্জা আৰু অবৈধভাৱে প্ৰস্তুত কৰা মদো অন্তৰ্ভুক্ত। তেওঁৰ ডাঙৰ পুত্ৰ কোশী ব্যৱসায় আৰু অবৈধ কাৰ্যকলাপৰ দ্বিতীয়জন মুখ্য ব্যক্তি আৰু পিতৃৰ দৰেই নিৰ্মম তথা হিংস্ৰ। দ্বিতীয় পুত্ৰ ছানী মদপী, কিন্তু তুলনামূলকভাৱে সাধাৰণ স্বভাৱৰ মানুহ৷ তেওঁ পিতৃৰ নিয়ন্ত্ৰণৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে। মাজে মাজে তেওঁ বিদ্ৰোহ কৰে যদিও নিজৰ পথ নিজে বাছি লোৱাৰ বাবে তেওঁ যথেষ্ট অদক্ষ আৰু এলেহুৱা।

মথুকুট্টিৰ একমাত্ৰ কন্যা এনীৰ যৌনাসক্তি আছে আৰু স্বামী এণ্ড্ৰুজ বা কন্যাৰ প্ৰতি তেওঁৰ কোনো বিশেষ অনুভূতি নাই। তেওঁৰ স্বামীও এনীৰ উচ্ছৃংখল জীৱনশৈলীত অতিষ্ঠ হৈ পৰিছে। প্ৰতি মাহে এনী স্বামীৰ সৈতে কিবা কাজিয়া হোৱা বুলি অজুহাত দেখুৱাই মাকৰ পৰিয়ালৰ ঘৰলৈ আহে, যাতে মথুকুট্টিৰ বিশ্বস্ত লোক আৰু ৰবৰ ব্যৱসায়ৰ কৰ্মচাৰী উণ্ণুণিৰ সৈতে গোপনে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে। মথুকুট্টি আৰু কোশীয়ে এনীৰ এই জীৱনশৈলীৰ বিষয়ে একো নাজানে। তেওঁলোকে বৰং এণ্ড্ৰুজক স্বভাৱতে অত্যধিক সন্দেহপৰায়ণ বুলি ভাবে। বিবাহিত জীৱনত সমস্যাৰ বাবে এণ্ড্ৰুজেই দোষী বুলি ভাবি তেওঁলোকে এনীৰ স্বামীক কোনো সংকোচ নকৰাকৈ ভৰ্ৎসনা কৰে। এণ্ড্ৰুজে পুনৰ মিলনৰ বাবে অনুষ্ঠিত বৈঠকলৈ আহিবলৈ অস্বীকাৰ কৰাত কোশীয়ে তেওঁক মাৰধৰো কৰে।

মথুকুট্টিৰ কনিষ্ঠ পুত্ৰ বেবী এজন অভিযান্ত্ৰিক ছাত্ৰ। কলেজত থাকোঁতেই তেওঁ হত্যাকাণ্ড আৰু ৰক্তপাতৰ কল্পনা কৰিবলৈ আৰম্ভ কৰে। ৰেগিঙৰ সময়ত তেওঁৰ অসামাজিক আচৰণৰ প্ৰাৰম্ভিক লক্ষণ প্ৰকাশ পায়। এদিন তেওঁ বৈদ্যুতিক তাঁৰেৰে এজন কনিষ্ঠ ছাত্ৰৰ ডিঙি চেপি ধৰে। ছাত্ৰজনক গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বেবীক কলেজৰ পৰা নিলম্বন কৰা হয়। বাতৰি কাকতত ঘটনাটো প্ৰকাশ পোৱাৰ পিছত তেওঁৰ পৰিয়ালে ঘটনাটো জানিব পাৰে যদিও ইয়াক কেৱল নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা এটা ৰেগিঙৰ ঘটনা বুলি উলাই কৰে। বেবীয়ে সেই ঘটনাৰ স্মৃতি হিচাপে বৈদ্যুতিক তাঁৰডাল সদায় নিজৰ বেগত ৰাখে। তেওঁ গাঞ্জাৰ আসক্ত আৰু তেওঁৰ মানসিক সমস্যাৰ কোনো স্পষ্ট বাহ্যিক লক্ষণ দেখা নাযায়। তেওঁৰ খুৰাকে (এজন বিচপ) ভতিজাৰ মাজত কিবা এটা অস্বাভাৱিকতা অনুভৱ কৰে যদিও তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰে।

বেবীয়ে উণ্ণুণিৰ সৈতে এনীৰ সম্পৰ্কৰ কথা লক্ষ্য কৰে আৰু তেওঁক হত্যা কৰাৰ সিদ্ধান্ত লয়। এনীৰ সৈতে উণ্ণুণিয়ে সাক্ষাৎ কৰা সঁজুলি ৰখা ঘৰত বেবীয়ে তেওঁক ডিঙি চেপি হত্যা কৰে। পিছত হত্যাটোক আত্মহত্যা যেন দেখুৱাবলৈ মৃতদেহটো ওলোমাই দিয়ে। পৰিয়ালে মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীৰ তদন্তক বিভ্ৰান্ত কৰিবলৈ মৃতদেহটো আঁতৰাই পেলায়।

বেবীয়ে সঘনাই হিংস্ৰ সপোন দেখে, পিতৃৰ ৰাইফেলখন লৈ সদায় খেলি থাকে আৰু বৈদ্যুতিক তাঁৰ আৰু বন্দুক ব্যৱহাৰ কৰি এনীক হত্যা কৰাৰ কল্পনা বাৰে বাৰে কৰে। দৰিদ্ৰ পৰিয়ালৰ গাঁৱৰ ছোৱালী নিৰ্মলাৰ প্ৰতি তেওঁৰ আকৰ্ষণ জন্মে। নিৰ্মলাইও বেবীক ভাল পায় যদিও দুয়োৰে মাজত থকা জাতি আৰু শ্ৰেণীগত ব্যৱধানৰ বিষয়ে তাই সম্পূৰ্ণ সচেতন। পাছত নিৰ্মলাৰ স্থানীয় দোকানী বালনৰ সৈতে বাগদান হয় আৰু তাই বেবীৰ সৈতে সম্পৰ্ক ছেদ কৰে।

বেবীয়ে নিজৰ প্ৰিয় অস্ত্ৰ বৈদ্যুতিক তাঁৰেৰে বালনৰ ডিঙি চেপি হত্যা কৰে। দোকানৰ পৰা টকা লৈ ঘটনাটো লুটপাতৰ সময়ত হোৱা হত্যাকাণ্ড যেন দেখুৱাই দিয়াত হত্যাটো অমীমাংসিত হৈ থাকে। নিৰ্মলাৰ সন্দেহ হয় যে বালনৰ হত্যাৰ আঁৰত বেবী জড়িত। নদীৰ পাৰত তেওঁলোকৰ সাক্ষাৎ হোৱাত তাই বেবীক মুখামুখি প্ৰশ্ন কৰে। বেবীয়ে তাইকো হত্যা কৰিবলৈ চেষ্টা কৰে যদিও নিৰ্মলা কোনোপধ্যে তাৰ পৰা পলাই যাবলৈ সক্ষম হয় আৰু বেবীৰ প্ৰকৃত উদ্দেশ্য সম্পূৰ্ণৰূপে বুজি নাপায়।

পিছত নিৰ্মলাৰ মাকে তাইৰ বিয়া ৰাঘৱনৰ সৈতে ঠিক কৰে। ৰাঘৱন এজন ৰবৰ গছত কাম কৰা শ্ৰমিক আৰু বেবীৰ বন্ধু। বেবীয়ে ৰাঘৱনকো ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। ৰাঘৱনে বেবীৰ মুখখন দেখা পায়, কাৰণ তেওঁ পিন্ধি থকা মুখা খহি পৰে। তেওঁ আৰক্ষীক ঘটনাটোৰ বিষয়ে জনায়।

আৰক্ষীয়ে বেবীক বিচাৰিবলৈ আৰম্ভ কৰে আৰু বেবীয়ে আত্মগোপন কৰে। পৰিয়ালেও তেওঁক বিচাৰি থকাৰ সময়তে বেবী হঠাতে ৰিভলভাৰ লৈ ঘূৰি আহে। কোশীয়ে তেওঁক বাধা দিবলৈ আগবাঢ়ি অহাত বেবীয়ে তেওঁলৈ গুলী চলায়। পিতৃ মথুকুট্টিয়েও বেবীক ৰখাবলৈ চিঞৰাত তেওঁলৈও বেবীয়ে গুলী চলায়। মথুকুট্টিয়ে গুলীৰ পৰা বাচি যায় যদিও কোশী গুলীবিদ্ধ হয়, অৱশ্যে আঘাতটো মাৰাত্মক নাছিল।

ইয়াৰ পিছত হোৱা হতাহতিৰ মাজতে মথুকুট্টিয়ে নিজৰ ৰাইফলেৰে বেবীক গুলীয়াই হত্যা কৰে।

বিশ্লেষণ

ছবিখনে হিংস্ৰতাৰ মনস্তত্ত্বৰ এক গভীৰ অনুসন্ধান আগবঢ়াইছে। ছবিখনৰ অন্তৰ্নিহিত বক্তব্যত সেই সময়ৰ দেশৰ ৰাজনৈতিক পৰিস্থিতিৰো প্ৰতিফলন দেখা যায়, বিশেষকৈ জৰুৰীকালীন অৱস্থাক ছবিখনত আলোকপাত কৰা হয়৷ যদিও পৰিচালক জৰ্জে এই কথা পোনপটীয়াকৈ কোৱা নাই, তথাপি ছবিখনত ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীক ক্ৰমে থিলাকন আৰু গণেশৰ চৰিত্ৰৰ জৰিয়তে প্ৰতীকীভাৱে উপস্থাপন কৰা হৈছে। ৫ চলচ্চিত্ৰ সমালোচক কে. বি. বেণুৱে ছবিখনৰ কাহিনী আৰু কুডাথাই চাইয়ানাইড হত্যাকাণ্ডৰ মাজত সাদৃশ্য লক্ষ্য কৰিছিল। বহু সমালোচকৰ মতে, ইৰাকাল জৰ্জৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি। ৬ আনহাতে, কিছুমান সমালোচকে মত প্ৰকাশ কৰিছে যে ২০২১ চনৰ চলচ্চিত্ৰ জোজি-এ বিষয়বস্তুৰ ক্ষেত্ৰত ইৰাকালৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰে।৭

বঁটা

ছবিখনে চাৰিটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল—দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰীবিদ্যাৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, থিলাকনৰ বাবে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা আৰু কে. জি. জৰ্জৰ বাবে শ্ৰেষ্ঠ কাহিনী বঁটা ছবিখনে লাভ কৰিছিল। ৮ ২০১৬ চনত ছবিখনৰ চিত্ৰনাট্য ৰচনাৰ বাবে জৰ্জক মুট্টাথু বাৰ্কি বঁটা প্ৰদান কৰা হয়। এই সন্মানীয় বঁটাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ চিত্ৰনাট্যক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।৯

তথ্যসূত্ৰ

  1. ↑ Irakal. www.malayalachalachithram.com
  2. ↑ Irakal. malayalasangeetham.info
  3. ↑ (2017-09-12). From 'Sadayam' to 'Kaiyoppu': 10 Malayalam films that flopped but have a cult status. The News Minute
  4. ↑ (25 September 2023). Start the week with a film: KG George's 'Irakal' is a singular study of a psycho. Scroll
  5. ↑ Kamalanayanan, Sreejith. (17 September 2016). Honour for an influential filmmaker. Friday Mania
  6. ↑ (7 October 2019). Case evokes thread of psychological thriller 'Irakal'
  7. ↑ Menon, Neelima. (10 April 2021). 'Joji' and 'Irakal': Alike in theme, different in tone. thenewsminute
  8. ↑ +++++++++++++ official website of INFORMATION AND PUBLIC RELATION DEPARTMENT OF KERALA +++++++++++++
  9. ↑ (29 May 2016). MUTTATHU VARKEY AWARD. The Hindu

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰাকাল” প্ৰবন্ধৰ সংশোধন ৬২৭২৭৫ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।