চেম্মীন ( Chemmeen ) থাকাঝি শিৱশংকৰ পিল্লাইৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত, ১৯৬৬ চনৰ এখন ভাৰতীয়, মালয়ালম ভাষা ভাষাৰ ৰোমাঞ্চ চলচ্চিত্ৰ। এছ এল পুৰম সদানন্দনে চিত্ৰনাট্য ৰচনা কৰা ছবিখনৰ পৰিচালক আছিল ৰামু কাৰিয়াত আৰু প্ৰযোজক বাবু ইছমাইল ছেইট। কনমণি ফিল্মছৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। ছবিখনত কৰুথম্মাৰ চৰিত্ৰত শীলা, পাৰিকুট্টীৰ চৰিত্ৰত মধু, চেম্বাংকুঞ্জুৰ চৰিত্ৰত কোট্টৰক্কৰ শ্ৰীধৰণ নায়াৰ আৰু পালানীৰ চৰিত্ৰত সত্যনে অভিনয় কৰিছে। ইয়াত উচ্চাকাংক্ষী মাছমৰীয়াৰ কন্যা কাৰুথাম্মা আৰু এজন ধনী ব্যৱসায়ীৰ পুত্ৰ পাৰিকুট্টীৰ মাজত বিবাহৰ পূৰ্বে আৰু পিছলৈ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কাহিনী বৰ্ণনা কৰা হৈছে।
দক্ষিণ ভাৰতৰ উপকূলীয় ৰাজ্য কেৰালাৰ মাছমৰীয়া সম্প্ৰদায়ৰ মাজত সতীত্ব সন্দৰ্ভত প্ৰচলিত এক জনপ্ৰিয় কিংবদন্তিয়ে হ’ল ছবিখনৰ বিষয়বস্তু। স্বামী সাগৰৰ মাজলৈ মাছ মাৰিবলৈ যোৱা অৱস্থাত যদি কোনো বিবাহিত মাছমৰীয়া মহিলা অবিশ্বাসী হয়, তেন্তে সমুদ্ৰদেৱীয়ে তেওঁক গ্ৰাস কৰে। চিনেমেট’গ্ৰাফী মাৰ্কাছ বাৰ্টলী আৰু ইউ ৰাজাগোপালৰ, সম্পাদনা হৃষিকেশ মুখাৰ্জী আৰু কে ডি জৰ্জৰ। আৱহ সংগীত আৰু গীতৰ সুৰাৰোপন সলিল চৌধুৰীৰ; গীতৰ কথা ভায়ালাৰৰ; কণ্ঠদান কৰিছে কে জে য়েছুদাস, পি লীলা, মান্না দে আৰু শান্তা পি নায়াৰে।
১৯৬৫ চনৰ শেষৰ ফালে চেন্সৰ কৰা এই ছবিখনে ১৯৬৬ চনৰ ১৯ আগষ্টত মুক্তি লাভ কৰে। এই ছবিখন ব্লকবাষ্টাৰ আছিল আৰু ই বহু অভিলেখ ভংগ কৰিছিল। সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত ছবিখন কাৰিকৰী আৰু কলাত্মক দিশত এখন উজ্জ্বল ছবি বুলি পৰিগণিত হৈছিল। সাধাৰণতে চেম্মীনক দক্ষিণ ভাৰতৰ প্ৰথম উল্লেখযোগ্য সৃষ্টিশীল ছবি আৰু ই মালয়ালম চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় কাল্ট ক্লাছিক হিচাপে উল্লেখ কৰা হয়।১২ ইয়াৰ উপৰিও এইখনেই আছিল প্ৰথমখন দক্ষিণ ভাৰতীয় ছবি. যিয়ে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক লাভ কৰিছিল। আই বি এন লাইভৰ দ্বাৰা এই ছবিখনক ভাৰতীয় ১০০ খন শ্ৰেষ্ঠ ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।৩ চেম্মীনক হিন্দীত চেম্মীন লহৰেঁ আৰু ইংৰাজীত দ্য এংগাৰ অৱ দ্য ছি নামেৰে ডাব কৰি মুক্তি দিয়া হৈছিল। ইয়াৰ ছিকুৱেল থিৰাকলক্কাপ্পুৰম ১৯৯৮ চনত মুক্তি পায়।৪
কাহিনীৰ বিষয়বস্তু
অন্ধবিশ্বাসে আচ্ছন্ন কৰি ৰখা কেৰালাৰ মাছমৰীয়া সম্প্ৰদায়ৰ জীৱনধাৰাৰ বৰ্ণনাৰে গ্ৰথিত হৈছে চেম্মীন। সমুদ্ৰদেৱী কটলম্মাৰ ওপৰত তেওঁলোকৰ অটল বিশ্বাস; যিগৰাকী দেৱী সৎ লোকৰ ৰক্ষক আৰু অসৎ লোকৰ শাস্তি প্ৰদানকাৰী। ই ভক্তি আৰু নিষেধাজ্ঞা উলংঘা আৰু প্ৰতিশোধৰ এক কৰুণ কাহিনী।
কৰুথম্মাই এজন মুছলমান ব্যৱসায়ীৰ প্ৰেমত পৰে, যদিও জানে তাই কেতিয়াও এই যুৱকজনক বিয়া কৰাব নোৱাৰে। কিন্তু নিজববীয়াকৈ এখন নাও আৰু জালৰ গৰাকী হোৱাৰ উচ্চাকাংক্ষা পুহি ৰখা কৰুথম্মাৰ দেউতাকে তেওঁলোকৰ বিশুদ্ধ মৰমৰ সুবিধা লয়।
অৱশেষত কৰুথম্মা বলি হয় সমুদ্ৰদেৱী কটলম্মাৰ ভয়ংকৰ শাস্তিৰ।৫
অভিনয়শিল্পী
- সত্যন (পালানী)
- শীলা (কৰুথম্মা)
- মধু (পাৰিকুট্টি)
- কোট্টৰক্কৰ শ্ৰীধৰণ নায়াৰ (চেম্বাকুঞ্জু)
- অদুৰ ভৱানী (চাক্কী)
- লতা ৰাজু (পঞ্চমী)
- অদুৰ পংকজম (নল্লা পেনু)
- এচ পি পিল্লাই (আশাকুঞ্জু)
- ৰাজকুমাৰী বেণু (পাপিকুঞ্জু)
- ফিলোমিনা
- পাৰাভুৰ ভাৰতন
- নীলাম্বুৰ আয়িশা
বঁটা
- ১৯৬৫- ত্ৰয়োদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক৫৬
- ১৯৬৬: শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা৭
- চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চাৰ্টিফিকেট অফ মেৰিট
- কেনচ চলচ্চিত্ৰ মহোৎসৱ- মাৰ্কাচ বাৰ্টলেলৈ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ স্বৰ্ণপদক ৮
বিতৰ্ক
২০১৭ চনত কেৰালা চৰকাৰে আয়োজন কৰা ছবিখনৰ সোণালী জয়ন্তী উদযাপন মাছমৰীয়া সম্প্ৰদায়ে বৰ্জন কৰিছিল। মাছমৰীয়াসকলৰ সংগঠন অখিল কেৰালা ধীৱৰ সভাই অভিযোগ উত্থাপন কৰে যে এই ছবিখনেই হৈছে বছৰ বছৰ ধৰি সম্প্ৰদায়টোৱে সন্মুখীন হোৱা সকলো অপমানৰ উৎস। ধীৱৰ সভাৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভি. দিবাকৰণে কয় “মই কলেজত পঢ়ি থাকোঁতেই চেম্মীনখন চাইছিলো। ছবিখনে আমাৰ সম্প্ৰদায়ৰ ভুৱা কাহিনী কেনেকৈ প্ৰক্ষেপ কৰিছিল, সেয়া দেখি মই স্তম্ভিত হৈ পৰিছিলো।”৯
তথ্যসূত্ৰ
- ↑ Venkiteswaran, C. S. (2015-08-13). Chemmeen: 50 Years of a Classic. The Hindu
- ↑ https://web.archive.org/web/20181016203230/https://www.filmcompanion.in/sandakozhi-2-Tamil-film-sequels-time-between-release
- ↑ Roy, Piyush. (3 February 2022). Why 'Chemmeen' remains a high point in Malayalam cinema. The Hindu
- ↑ By, Compiled; Pradeep, K. (13 August 2015). Behind the scenes of Chemmeen. The Hindu
- ↑ Recipients of State Awards for Film 1965. DIRECTORATE OF FILM FESTIVALS
- ↑ Chemmeen won the National Award. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (1991). Collections
- ↑ The Hindu. 11 August 2006. Retrieved 24 May 2011
- ↑ (2017-02-28). Tired of insulting portrayals, Kerala fisherfolk protest 50-year event on cult film Chemmeen. The News Minute
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেম্মীন” প্ৰবন্ধৰ সংশোধন ৩৯২৪৬১ (১৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।