অৰ্ধনাৰী ( Ardhanaari ) ২০১২ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ কেৰালাৰ ট্ৰাঞ্চজেণ্ডাৰসকলৰ জীৱনক লৈ নিৰ্মিত এখন ছবি। পৰিচালক সন্তোষ সৌপৰ্ণিকা। এম জি শ্ৰীকুমাৰে তেওঁৰ প্ৰডাকচন হাউচ এম জি চাউণ্ড এণ্ড ফ্ৰেমছৰ অধীনত ছবিখন প্ৰযোজনা কৰিছে। ১ ২
মঞ্জুলা এগৰাকী ট্ৰাঞ্চজেণ্ডাৰ হিজৰা; ৩ তেওঁৰ পুৰুষৰ দৰে শৰীৰি গঠন আৰু নাৰীৰ দৰে আচৰণৰ বৈশিষ্ট্যই তেওঁৰ ভাতৃ আৰু আন ব্যক্তিৰ উপহাসৰ পাত্ৰ। সকলোৱে তেওঁক কটাক্ষ কৰে। ছবিখনত হিজৰাৰ অনুষ্ঠান, ৰীতি-নীতি, ক্ষোভ আৰু পছন্দৰ বিষয়ে আলোচনা কৰা হৈছে। ছবিখনৰ শিৰোনামটোত অৰ্ধ পুৰুষ আৰু অৰ্ধ মহিলা হিন্দু দেৱতা অৰ্ধনাৰীশ্বৰৰ ইংগিত দিয়া হৈছে। অভিনয় কৰিছে মহালক্ষ্মী, মণিয়ানপিল্লা ৰাজু, থিলকন, সুকুমাৰী আৰু চাই কুমাৰে। অৰ্ধনাৰী মঞ্জুলাৰ চৰিত্ৰত অভিনয় কৰিছে মনোজ কে জয়নে। ছবিখন মুক্তি পোৱাৰ কেইসপ্তাহমান আগতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা থিলকনে অভিনয় কৰা শেষৰখন ছবিবোৰৰ ভিতৰত এখন আছিল।
অৰ্ধনাৰী ছবিখনে, লগতে জয়নৰ অভিনয়ে মিশ্ৰিত সমালোচনা লাভ কৰে।৪ ৫
তথ্যসূত্ৰ
- ↑ entecity.com, Ardhanaari
- ↑ oneindia.in, Ardhanaari
- ↑ Aravind, CV. (29 January 2018). Hero, villain and character actor: Malayalam cinema's Manoj K Jayan. The News Minute
- ↑ "Ardhanaari: Light falls on an obscure world"
- ↑ "Review: Ardhanari is average fare"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্ধনাৰী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৭২৯৯ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।