অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ব্ৰময়ুগম

ব্ৰময়ুগম (ৰোমানীকৃত: Bramayugam; উচ্চাৰণ: ভ্ৰময়ুগম; অনুবাদ: ভ্ৰমৰ যুগ) হৈছে ২০২৪ চনত ৰাহুল সদাশিৱনে লিখা তথা পৰিচালিত কৰা আৰু নাইট শ্বিফ্ট ষ্টুডিঅ’ (Night Shift Studios) আৰু ৱাই.নট ষ্টুডিঅ’ৰ (YNOT Studios) যৌথ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় মালয়ালম ভাষাৰ লোককথাভিত্তিক হৰৰ ছবি।

হালনাগাদ: ১৫ জুলাই ২০২৬ ৫৩৮ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ব্ৰময়ুগম (ৰোমানীকৃত: Bramayugam; উচ্চাৰণ: ভ্ৰময়ুগম; অনুবাদ: ভ্ৰমৰ যুগ)১ হৈছে ২০২৪ চনত ৰাহুল সদাশিৱনে লিখা তথা পৰিচালিত কৰা আৰু নাইট শ্বিফ্ট ষ্টুডিঅ’ (Night Shift Studios) আৰু ৱাই.নট ষ্টুডিঅ’ৰ (YNOT Studios) যৌথ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় মালয়ালম ভাষাৰ লোককথাভিত্তিক হৰৰ ছবি। ছবিখনত অভিনয় কৰিছে মামুট্টি, সিদ্ধাৰ্থ ভাৰতন আৰু অৰ্জুন অশোকনে। ছবিখনত কেৰালাৰ পবিত্ৰ ৰহস্য, পৌৰাণিক আৰু লোককথাৰ উপাদান সন্নিবিষ্ট কৰা হৈছে।২৩

২০২৪ চনৰ ১৫ মাৰ্চৰ পৰা ছবিখন ডিজিটেলভাৱে ছনীলিভ (SonyLIV) ত প্ৰচাৰ কৰা হৈছিল।৪ ছবিখনৰ অভিনেতা-অভিনেত্ৰী, চিনেমাট'গ্ৰাফী, শব্দৰ সাজোন, পটভূমিৰ আৰু প্ৰডাকচন ডিজাইনৰ বাবে সমালোচক আৰু দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।৫৬৭

২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে ছবিখন ক'লা-বগা ছবি হিচাপে মুক্তি দিয়া হয়।৮

ছবিখনে বক্স অফিচত সফলতা লাভ কৰি ৮৫ কোটিৰো অধিক ভাৰতীয় টকা উপাৰ্জন কৰে আৰু ২০২৪ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবি হিচাপে পৰিগণিত হয়।৯

২০২৩ চনৰ ১৭ আগষ্টৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল আৰু ওট্টপালম, আথিৰাপিল্লী আৰু কোচিৰ দৰে স্থানত দৃশ্যগ্ৰহণ কৰা হৈছিল। ২০২৩ চনৰ ১৮ অক্টোবৰত চিত্ৰগ্ৰহণৰ কাম সমাপ্ত হয়।১০

কাহিনী

১৭ শতিকাৰ মালাবাৰত তিভান আৰু কোৰাঁ নামৰ দুজন দাস পৰ্তুগীজ ব্যৱসায়ীৰ কবলৰ পৰা পূব দিশলৈ পলায়ন কৰি ৰাতি ভাৰতপুড়া নদীৰ পাৰত শিবিৰ পাতে আৰু তাতে এজনী যক্ষিণীয়ে কোৰাঁক হত্যা কৰে। তিভান পলাই গৈ এটা নাম্বুদ্ৰী ব্ৰাহ্মণৰ পৰম্পৰাগত গৃহ ‘মানা’ দেখা পায়।

মানাৰ গৰাকী কোডুমন পট্টিয়ে তিভানক তাত আশ্ৰয় প্ৰদান কৰে। তিভানক "পানন" বুলি জানিব পাৰি মালিকে তেওঁক গীত গাবলৈ অনুৰোধ কৰে। মালিকে তেওঁৰ গীত প্ৰশংসা কৰে আৰু ৰান্ধনিজনে তিভানক নিজৰ কোঠাটো দেখুৱাই দিয়ে। তিভানে ৰান্ধনিক ঘৰটোৰ মালিকৰ বিষয়ে প্ৰশ্ন কৰে কিন্তু তেওঁ কোনো উত্তৰ নিদিয়ে।

কেইদিনমানৰ পিছত তিভানে ৰান্ধনিজনৰ পৰা জানিব পাৰে যে ঘৰটোৰ মালিক কোডুমন পট্টি হৈছে চুড়লন পট্টীৰ বংশধৰ, দেৱী বৰাহীয়ে তেওঁক চট্টন নামৰ এটা অলৌকিক সত্তা উপহাৰ হিচাপে দিছিল। চট্টনক তেওঁদাস হিচাপে ব্যৱহাৰ কৰি অহৰহ অত্যাচাৰ কৰিছিল, যাৰ ফলত সি উন্মাদ হৈ চুড়লন পট্টি আৰু তেওঁৰ পৰিয়ালক হত্যা কৰিছিল। অৱশেষত কোডুমন পট্টিয়ে চট্টনক পৰাস্ত কৰি শিকলিৰে বান্ধি ৰাখিছিল।

কিছুদিন যোৱাৰ পিছত তিভানে অনুভৱ কৰে যে তেওঁ এক চক্ৰবেহুত সোমাই পৰিছে আৰু তেওঁৰ মৃত্য ওচৰ চাপি আহিছে। এনেদৰে বিভিন্ন ৰহস্যঘন কাহিনীৰ মাজেৰে অৱশেষত ৰান্ধনি আৰু তিভান লগলাগি কোডুমন ৰূপী চট্টনটোক পৰাস্ত কৰিবলৈ সক্ষম হয়। তেওঁলোকে চট্টনৰ পৰা এটা আঙুঠি জব্দ কৰে, যিটো আঙুঠিৰ দ্বাৰা চট্টনটোক বশ কৰিব পৰা যায়। ৰান্ধনিজনে আঙুঠিটো পিন্ধিবলৈ চেষ্টা কৰে যদিও তিভানে তেওঁক বাধা দিয়ে। দুয়োৰে মাজত কাজিয়া আৰম্ভ হয় আৰু জুইয়ে ঘৰটো ধ্বংস কৰে আৰু ঘৰটো তেওঁলোকৰ ওপৰত ভাঙি পৰে।

ঘৰটোৰ ধ্বংসাৱশেষৰ পৰা তিভানে আঙুঠিটো উদ্ধাৰ কৰি ওলাই আহে যদিও তেওঁক ৰান্ধনীজনে পুনৰ আক্ৰমণ কৰে। কাঁজিয়াৰ সময়ত ৰান্ধনীজনে উপলব্ধি কৰে যে সেয়া প্ৰকৃত তিভান নহয় বৰঞ্চ তিভান ছদ্মবেশত সেয়া চট্টনহে। আতংকিত হৈ ৰান্ধনীজন হাবিলৈ পলাই যায় আৰু এখন নদী পাৰ কৰাৰ সময়ত এজন পৰ্তুগীজ সৈনিকে গুলীয়াই হত্যা কৰে। বনাঞ্চলৰ পৰা পৰ্তুগীজ সৈন্যৰ এটা বেটেলিয়ন ওলাই আহি নদী পাৰ কৰি ঘৰটোৰ ফালে আগবাঢ়ি যায়, আনহাতে তিভানৰূপী চট্টনে আঙঠিটো পিন্ধি অৰণ্যৰ মাজেৰে খোজ কাঢ়ি আঁতৰি যায়।

ব্যৱসায়

ব্ৰময়ুগম চলচ্চিত্ৰখন প্ৰথম দৰ্শন হিচাপে মামুট্টিৰ জন্মদিনত এখন কলা-বগা বেটুপাত মুকলি কৰা হৈছিল।১১ ২০২৪ চনৰ ১১ জানুৱাৰীত চলচ্চিত্ৰখনৰ টিজাৰটো মুকলি কৰা হৈছিল১২ আৰু ২০২৪ চনৰ ১০ ফেব্ৰুৱাৰীত আবুধাবিত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানত ছবিখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হৈছিল।১৩ ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত ছবিখন মুক্তি দিয়া হৈছিল।

বক্স অফিচ

ছবিখনে মুকলিৰ দিনটোত কেৰালাত ৩ কোটি টকা সংগ্ৰহ কৰিছিল আৰু প্ৰথম সপ্তাহৰ শেষৰ ফালে বিশ্বজুৰি ৩২ কোটি টকাতকৈও অধিক উপাৰ্জন কৰিছিল।১৪ ছদিনৰ ভিতৰত চলচ্চিত্ৰ সংগ্ৰহৰ মূল্য আছিল ৩৭.৩৯ কোটি টকা।১৫ তাৰ পিছৰ তিনিদিনত বক্স অফিচত ৪৬ কোটি টকা অতিক্ৰম কৰে।১৬ একাদশ দিনত ছবিখনে ৫০ কোটি টকা সংগ্ৰহ কৰে।১৭

তথ্যসূত্ৰ

  1. ↑ In the dimly lit corridors of Kerala’s dark ages, ‘Bramayugam’ unfolds a tale that resonates with ancient folklore and supernatural mystique.
  2. ↑ ‘Bramayugam. But this film is designed as a fantasy, mystery tale with a few mildly scary moments thrown in
  3. ↑ ‘Bramayugam’ Mammootty’s miraculous run continues with the bleakest Indian horror film in years, a take-no-prisoners tirade against humanity.
  4. ↑ Bramayugam Streaming on SonyLIV. SonyLIV
  5. ↑ (15 February 2024). Bramayugam movie review: A terrific and terrifying Mammootty leads Malayalam's 'horror cinema peaked here' moment
  6. ↑ (15 February 2024). Bramayugam X reviews: Mammootty gives a standout performance
  7. ↑ Praveen, S. R. (15 February 2024). 'Bramayugam' movie review: Mammootty's performance elevates this middling film on the evils of unrestricted power. The Hindu
  8. ↑ Bramayugam’ To Be Released In Black-And-White Format
  9. ↑ Mammootty's 'Bramayugam' Impact Telugu Region
  10. ↑ It’s a wrap for the filming of Mammootty horror-thriller film ‘Bramayugam’
  11. ↑ Bureau, The Hindu. (2023-09-07). Mammootty’s first look from ‘Bramayugam’ out. The Hindu
  12. ↑ Web Desk. (2024-01-11). "അതിഥിയെ കാത്ത് മനയിൽ ഭീതി പടർത്തി മമ്മൂട്ടി"; 'ഭ്രമയുഗം' ടീസർ…. Newscoopz.in
  13. ↑ Mammootty opens up about Bramayugam; makes a special request to fans at the trailer launch event. OTTPlay
  14. ↑ (2024-02-19). Bramayugam box office collections: Mammootty led film Scares a 32 crore Weekend Worldwide. Pinkvilla
  15. ↑ Bramayugam At Worldwide Box Office (After 6 Days): Mammootty’s Horror Thriller Earns More Internationally Than In India!. Koimoi
  16. ↑ Bramayugam Box Office Day 9 – Mammootty’s film holds strong; touches Rs. 46 crore mark. OTTPlay
  17. ↑ (2024-02-26). Bramayugam Box Office Collection Day 11: Mammootty Starrer Continues To Shine After Crossing Rs 50 Crore. Times Now

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰময়ুগম” প্ৰবন্ধৰ সংশোধন ৬১৭১৯৮ (১৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।