ভাৰতৰ স্বাধীনতা সংগ্ৰামী
১২২ প্ৰবন্ধ
-
জানকী আম্মা
ন্যায়াধীশ পি জনাকী আম্মা (Justice P. Janaki Amma(১৯২০–২০০৫)), কেৰেলা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা। ১৯৮২ চনৰ ২২ এপ্ৰিললৈকে ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
জালুকী কছাৰীয়নী
জালুকী কছাৰীয়নী ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। অসমৰ অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষক ব্ৰিটিছ ৰাজৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীতে তেওঁ অংশগ্ৰহণ কৰিছিল৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ গুলীৰ দ্বাৰা…
-
ঠগী সুত
ঠগী সুত( Thogi Sut) ৪২ৰ গণ-বিপ্লৱৰ এগৰাকী শ্বহীদ ঠগী সুতৰ নগাঁও জিলাৰ শিঙিয়া পোতনি মৌজাৰ পোতনি গোমোঠা গাঁৱত ১৯২১ চনত জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম কেশৰাম বৰা আৰু মাতৃৰ নাম তিলোত্তমা বৰা৷ ছজনী বাই-ভনীৰ মাজৰ ঠগী ঘৰৰ একমাত্ৰ পুত্ৰ আছিল৷ প্ৰাথমিক শিক্ষা গাঁৱৰ স্কুলতেই লৈ তেওঁ নগাঁৱৰ ডচন হাইস্কুলত পঢ়ি…
-
থুনুকী দাস
থুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা হাজাৰ হাজাৰ জনতাৰ সমদলত তেওঁ অংশগ্ৰহণ কৰি আগুৱাই গৈছিল৷ পিছত এই সমদলৰ দতি ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা কৰে আৰু সেই লাঠিচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত থুনুকী দাসৰ কিছুদিন পিছতেই…
-
দাৰিকী দাসী বৰুৱা
দ্বাৰিকী দাস বৰুৱা( Dwariki Das Baruah) গোলাঘাট জিলাৰ মৰঙ্গী মৌজাৰ পঙ্কা গাঁৱৰ আনন্দীৰাম দাসৰ পত্নী৷ তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰতৰ আইন অমান্য আন্দোলনৰ বিশেষ কাৰ্যসূচী আছিল, মাদক দ্ৰব্য নিৰ্মূলকৰণ৷ এই আন্দোলনত দেশৰ যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল৷ মানুহক…
-
নেলী সেনগুপ্ত
নেলী সেনগুপ্ত ( Nellie Sengupta; জন্ম: এডিথ এলেন গ্ৰে; ১২ জানুৱাৰী ১৮৮৮- ২৩ অক্টোবৰ ১৯৭৩) ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী ইংৰাজ মহিলা। প্ৰথম মহিলা এল্ডাৰমেন হিচাপে ১৯৩৩ চনত কলিকতাত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী নিৰ্বাচিত হয়।
-
পদুমী গগৈ
পদুমী গগৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদ৷ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত আঘাত পাইছিল আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাদণ্ড দিছিল৷ পিছত মুকলি হৈছিল যদিও লাঠিৰ আঘাতৰ…
-
পুষ্পৰাম দাস
পুষ্পৰাম দাস ( Pushparam Das) কামৰূপ জিলাৰ হাজো অঞ্চলৰ এজন মুক্তি যুঁজাৰু৷ তেখেতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস পৰ্যন্ত খাটিছিল৷
-
প্ৰফুল্ল চাকী
প্ৰফুল্ল চন্দ্ৰ চাকী (Prafulla Chandra Chaki) (১০ ডিচেম্বৰ ১৮৮৮ – ২ মেʼ ১৯০৮) ওৰফে দীনেশ চন্দ্ৰ ৰায়, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়াসত ব্ৰিটিছ ঔপনিৱেশিক বিষয়াৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱা যুগান্তৰ বিপ্লৱী গোটৰ সৈতে জড়িত হৈ আছিল।
-
প্ৰভাবেন শ্বাহ
প্ৰভাবেন শ্বাহ (Prabhaben Shah) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ কৰ্মী। ১৯৪২ চনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰোঁতে প্ৰভাবেনৰ বয়স আছিল বাৰ বছৰ।
-
ফৈজনুৰ আলি
ফৈজনুৰ আলি ( Faijnur Ali) আসাম এশ্যোছিয়েছনৰ প্ৰতিষ্ঠাপক সদস্য আৰু পিছলৈ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী হৈ অসম বিধান সভা আৰু ভাৰতীয় সংসদৰ সদস্য হৈছিল। তেওঁ এগৰাকী গান্ধীবাদী নেতা আছিল।
-
বলাই চন্দ্ৰ দত্ত
বলাই চন্দ্ৰ দত্ত (১৯২৩–২০০৯, যাক বি চি দত্ত বা বলাই চান্দ দত্ত বুলিও কোৱা হয়) ১৯৪৬ চনৰ ৰয়েল ইণ্ডিয়ান নেভিৰ বিদ্ৰোহৰ বিশিষ্ট ব্যক্তিত্বৰ এজন ভাৰতীয় নাৱিক আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা নৌসেনাৰ বিদ্ৰোহত তেওঁৰ উল্লেখযোগ্য ভূমিকাৰ বাবে তেওঁক স্মৰণ কৰা হয়।
-
বীৰ সুৰেন্দ্ৰ সাএ
বীৰ সুৰেন্দ্ৰ সাএ (২৩ জানুৱাৰী ১৮০৯ – ২৮ ফেব্ৰুৱাৰী ১৮৮৪) এগৰাকী ভাৰতীয় বিপ্লৱী আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ সম্বলপুৰ ৰাজ্যৰ ৰাজা ৰূপে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
-
মণিবেন পেটেল
মণিবেন পেটেল (Maniben Patel, ২৪ এপ্ৰিল ১৯০৪ — ২৬ মাৰ্চ ১৯৯০) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আৰু ভাৰতীয় সংসদৰ সদস্য আছিল।তেওঁ স্বাধীনতা সংগ্ৰামী তথা স্বাধীনোত্তৰ ভাৰতীয় নেতা চৰ্দাৰ বল্লভভাই পেটেলৰ কন্যা।
-
মধু মল্লিক
মধু মল্লিক ( Madhu Mallik) ভাৰতৰ স্বাধীনতা যুঁজত অসমৰ পৰা কৰা প্ৰথম বিদ্ৰোহৰ নেতা মণিৰাম দেৱানৰ সহযোগী৷ তেওঁক মণিৰাম দেৱান, পিয়লি বৰুৱা আদিক বিদ্ৰোহত সহায় কৰাৰ অপৰাধত আন্দামানৰ চেলুলাৰ জেলত কাৰাবন্দী কৰা হৈছিল৷ মণিৰাম দেৱানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষক যুৱৰাজ কন্দৰ্পেশ্বৰ সিংহক…
-
মালতী মেম
মালতী মেম ( Maloti Mem) ওৰফে মুংৰী ওৰাং মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেঁৱেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ৷ মুংৰী ওৰাং লালমাটি চাহবাগিছাৰ শ্ৰমিক আছিল৷ অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা ’মদ নিবাৰণী’ কাৰ্যত অংশ গ্ৰহণ কৰি…
-
মীৰা দত্ত গুপ্তা
মীৰা দত্ত গুপ্তা (ইংৰাজী: Mira Datta Gupta; ৫ অক্টোবৰ ১৯০৭ – ১৮ জানুৱাৰী ১৯৮৩) ভাৰতৰ কলিকতাত এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী, শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী কৰ্মী আছিল।
-
লাৱণ্য প্ৰভা ঘোষ
লাৱণ্য প্ৰভা ঘোষ (Labanya Prabha Ghosh; ১৮৯৭ – ২০০৩) বা লাৱণ্য দেৱী এগৰাকী গান্ধীবাদী নেত্ৰী তথা পশ্চিম বংগৰ, পুৰুলিয়া জিলা নিবাসী ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি।
-
লীলা নেওগনী
লীলা নেওগনী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ তেওঁৰ ঘৰ লক্ষীমপুৰত৷ লক্ষীমপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ অক্টোবৰ মাহত এক কাৰ্যসূচীত পুলিচৰ লাঠীচালনাত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ দুমাহৰ পিছতে সেই আঘাতৰ ফলতেই তেওঁৰ মৃত্যু হয়৷
-
লীলাধৰ বৰুৱা
লীলাধৰ বৰুৱা ( Liladhar Baruah) এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু অসমৰ গান্ধীবাদী নেতা৷ জন্ম ১৯০৮ চনৰ ৮ মাৰ্চত, উত্তৰ গুৱাহাটীত৷ তেওঁ মহাত্মা গান্ধী অসমলৈ আহোঁতে সংগ দিয়াৰ উপৰি দাণ্ডি যাত্ৰাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ আন এগৰাকী গান্ধীবাদী নেতা অমিয় কুমাৰ দাসৰ লগত লগ হৈ গান্ধীজীৰ অসম ভ্ৰমণৰ বিৱৰণ…
-
শামলদাস গান্ধী
শামলদাস গান্ধী (Samaldas Gandhi; ১৮৯৭-১৯৫৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁ পূৰ্বৰ ৰাজকীয় ৰাজ্য জুনাগড়ৰ আৰ্জি হুকুমাত বা অস্থায়ী চৰকাৰৰ মুখ্য পথপ্ৰদৰ্শক আছিল৷
-
শ্যাম কুমাৰী খান
শ্যাম কুমাৰী খান জন্ম: নেহৰু ( Shyam Kumari Khan; ২০ অক্টোবৰ ১৯০৪ – ৯ জুন ১৯৮০) এগৰাকী ভাৰতীয় অধিবক্তা, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৬৩ চনৰ পৰা ১৯৬৮ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।
-
শ্যাম সুন্দৰ চক্ৰৱৰ্তী
শ্যাম সুন্দৰ চক্ৰৱৰ্তী (Shyam Sundar Chakravarthy; ১২জুলাই, ১৮৬৯ - ৭ ছেপ্টেম্বৰ, ১৯৩২) পশ্চিমবংগৰ এগৰাকী ভাৰতীয় বিপ্লৱী, স্বাধীনতা যুঁজাৰু আৰু সাংবাদিক। বেংগল প্ৰেচিডেন্সিৰ পাৱনাৰ ভাৰেংগাত (বৰ্তমান বাংলাদেশত) তেওঁৰ জন্ম হৈছিল।
-
সিদ্ধিনাথ শৰ্মা
সিদ্ধিনাথ শৰ্মা (Siddhinath Sarma)অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সংগ্ৰামী আছিল৷ তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছ চৰকাৰক কাবু কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাম কৰিছিল৷ তেওঁৰ নেতৃত্বতে ১৯৪২-৪৩ চনত কেইবাটাও দলং ভঙা আৰু ৰে’ল বগৰোৱা কাণ্ড সংঘটিত হৈছিল৷ সিদ্ধিনাথ শৰ্মা…
-
সুন্দৰৱতী নৱাল প্ৰভাকৰ
সুন্দৰৱতী নৱাল প্ৰভাকৰ (১৯২২–২০১০) দিল্লীৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ। অষ্টম লোকসভাত তেওঁ কেৰল বাগক প্ৰতিনিধিত্ব কৰিছিল।
-
সুশীলা গণেশ মাৱালংকাৰ
সুশীলা গণেশ মাৱালংকৰ (Sushila Ganesh Mavalankar, ৪ আগষ্ট ১৯০৪ – ১১ ডিচেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল৷ ১৯৫৬ চনত আহমেদাবাদৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ ১ নং লোকসভালৈ নিৰ্বাচিত হয়৷
-
সুহাশিনী দাস
সুহাশিনী দাস (Suhasini Das; ১৯১৫ - ৩০ মে ২০০৯) বাংলাদেশৰ এগৰাকী ব্ৰিটিছ বিৰোধী কৰ্মী, সমাজকৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু বিভাজনৰ পূৰ্বে, বিভাজনৰ সময়ত আৰু পিছত পূব বংগৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল।
-
সুৰেশ চন্দ্ৰ মিশ্ৰ
সুৰেশ চন্দ্ৰ মিশ্ৰ (১৯০৩ – ৩০ মাৰ্চ ১৯৯৩), পণ্ডিত সুৰেশ চন্দ্ৰ মিশ্ৰ নামেও জনাজাত, আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা কৰ্মী। তেখেত ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ বিহাৰৰ মংঘীৰ সমষ্টিৰ বাবে প্ৰথম লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ৰাউতা বড়ো
ৰাউতা বড়ো বা ৰাউতাৰাম বড়ো বা ৰাউতা কোচ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিয়াল্লিছৰ শ্বহীদ৷ তেওঁৰ পিতৃৰ নাম আছিল, কেহোঁৰাম আৰু মাতৃ হাবেবালা৷ ৰাউতাৰামৰ জন্ম ১৯১৪ চনৰ ১২ এপ্ৰিলত৷ তেওঁ এগৰাকী খেতিয়ক আছিল৷ পাঠশালাৰ বজালী অঞ্চলৰ সাদেৰীৰ কৃষক আছিল ৰাউতা বড়ো৷ ১৯৪২ চনৰ ২৫ ছেপ্তেম্বৰত পাটাছাৰকুছি আৰক্ষী থানাৰ…
-
ৰাজেন্দ্ৰ লাহিড়ী
ৰাজেন্দ্ৰনাথ লাহিড়ী ৰ জন্ম হৈছিল ২৯ জুন ১৯০১ চনত আৰু মৃত্যু হৈছিল ১৯২৭ চনৰ ১৭ ডিচেম্বৰত। চমুকৈ তেওঁক ৰাজেন্দ্ৰ লাহিড়ী নামেৰে পৰিচিত আছিল। ৰাজেন্দ্ৰ লাহিড়ী আছিল এজন ভাৰতীয় বিপ্লৱী। তেওঁ কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ মূল নায়ক আছিল।