ভাৰতৰ স্বাধীনতা সংগ্ৰামী
১২২ প্ৰবন্ধ
-
মতিৰাম বৰা
মতিৰাম বৰা (Motiram Bora) ভাৰতৰ স্বাধীনতা যুঁজৰ সংগ্ৰামী আৰু স্বাধীনোত্তৰ অসমৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভা আৰু বিষ্ণুৰাম মেধি মন্ত্ৰীসভাৰ বিভিন্ন বিভাগৰ মন্ত্ৰী আছিল৷ বৰ্তমানৰ মৰিগাঁও জিলাৰ অন্তৰ্গত বৰঙাবাৰীত তেখেতে জন্মগ্ৰহণ কৰিছিল৷
-
মহাদেৱ গোবিন্দ ৰানডে
ৰাও বাহাদুৰ মহাদেৱ গোবিন্দ ৰানডে (Mahadev Govind Ranade, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল বিচাৰপতি ৰানডে (Justice Ranade')। ৰানডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।
-
মহাদেৱ দেশাই
মহাদেৱ দেশাই (১ জানুৱাৰী ১৮৯২ – ১৫ আগষ্ট ১৯৪২) ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক আছিল। তেওঁৰ প্ৰসিদ্ধি এইকাৰণেই বেছি যে তেওঁ বহু সময়লৈ (প্ৰায় ২৫ বছৰ) জাতিৰ পিতা মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব আছিল।
-
ৰামধাৰী সিং দিনকৰ
ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাটত তেওঁৰ জন্ম হৈছিল।
-
ৰাহুল সাংকৃত্যায়ন
ৰাহুল সাংকৃত্যায়ন (Rahul Sankrityayan; राहुल सांकृत्यायन; ৯ এপ্ৰিল, ১৯৮৩ – ১৪ এপ্ৰিল, ১৯৬৩) এজন প্ৰখ্যাত ভাৰতীয় লেখক। জীৱনৰ পঞ্চলিশ বছৰ ঘৰৰ পৰা আঁতৰি ভ্ৰমণত কটোৱা সাংকৃত্যায়নক 'হিন্দী ভ্ৰমণ সাহিত্যৰ জনক' বুলি অভিহিত কৰা হয়। বিভিন্ন বিষয়ৰ ওপৰত তেখেতে প্ৰায় ডেৰশখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল।
-
সুচেতা কৃপলানী
সুচেতা কৃপলানী (Sucheta Kripalani; জন্ম: সুচেতা মজুমদাৰ; ২৫ জুন ১৯০৮ – ১ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।
-
ৰামদাস গান্ধী
ৰামদাস মোহনদাস গান্ধী (২ জানুৱাৰী ১৮৯৭ - ১৪ এপ্ৰিল ১৯৬৯) মহাত্মা গান্ধীৰ তৃতীয় সন্তান। তেওঁৰ জন্মহয় দক্ষিণ আফ্ৰিকাত। তেওঁ তেওঁৰ পিতৃ-মাতৃ আৰু তেওঁৰ আটাইকেইজন ভায়েকৰ পৰা পৃথক হৈ জীৱন নিৰ্বাহ কৰিছিল। তেওঁৰ আৰু তেওঁৰ পত্নী নিৰ্মলাৰ তিনিটা সন্তান আছিল; সুমিত্ৰা গান্ধী, কানু গান্ধী আৰু উষা গান্ধী।
-
উধাম সিং
উধাম সিং (২৬ ডিচেম্বৰ, ১৮৯৯ – ৩১ জুলাই, ১৯৪০) এজন ভাৰতীয় আন্দোলনকাৰী আছিল, বিশেষকৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিশোধ বুলি অভিহিত কৰা ১৯৪০ চনৰ ১৩ মাৰ্চত সংঘটিত মাইকেল অ'ডয়াৰৰ হত্যাৰ বাবে জনাজাত। তেখেত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বৰেণ্য ব্যক্তি আছিল।
-
কৰ্পূৰী ঠাকুৰ
কৰ্পূৰী ঠাকুৰ (Karpoori Thakur; ২৪ জানুৱাৰী ১৯২৪ – ১৭ ফেব্ৰুৱাৰী ১৯৮৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষক আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল…
-
পিঙ্গলি ভেংকয়া
পিঙ্গলি ভেংকয়া (Pingali Venkayya) হৈছে এগৰাকী ভাৰতী স্বাধীনতা সংগ্ৰামী আৰু আধুনিক ভাৰতীয় জাতীয় পতাকাৰ জন্মদাতা। তেখেতে প্ৰস্তুত কৰা আৰ্হিৰ আধাৰত ভাৰতৰ সদ্য ব্যৱহৃত জাতীয় পতাকাখন ৰূপাঙ্কণ কৰা হৈছিল।
-
বিপিন চন্দ্ৰ পাল
বিপিন চন্দ্ৰ পাল (ইংৰাজী: Bipin Chandra Pal; ৭ নৱেম্বৰ ১৮৫৮ – ২০ মে' ১৯৩২) এজন ভাৰতীয় জাতীয়তাবাদী নেতা, সাহিত্যিক, বক্তা, সমাজ সংস্কাৰক আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল। তেওঁ “লাল বাল পাল”ৰ অন্যতম সদস্য আছিল।
-
সৰলা দেৱী চৌধুৰাণী
সৰলা দেৱী চৌধুৰাণী ( Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল।
-
ৰাণী গাইডিনলিউ
ৰাণী গাইডিনলিউ (Rani Gaidinliu) এগৰাকী ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী। উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী সমাজসংগঠক আৰু বিপ্লৱী নেত্ৰী। ৰাণী গাইডিনলিউয়ে ব্ৰিটিছৰ সাম্ৰাজ্যবাদ আৰু ধৰ্মান্তকৰণৰ বিৰুদ্ধে যুঁজ দি প্ৰবল আন্দোলন চলাইছিল।
-
ৰাম মনোহৰ লোহিয়া
ৰাম মনোহৰ লোহিয়া (Ram Manohar Lohia; ২৩ মাৰ্চ ১৯১০ – ১২ অক্টোবৰ ১৯৬৭) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন কৰ্মী আৰু এজন সমাজবাদী ৰাজনৈতিক নেতা আছিল। ভাৰতত ব্ৰিটিছ শাসনৰ শেষ পৰ্যায়ত তেওঁ কংগ্ৰেছ ৰেডিঅ'ত কাম কৰিছিল, যি ১৯৪২ চনলৈকে বম্বেৰ বিভিন্ন ঠাইৰ পৰা গোপনে সম্প্ৰচাৰিত হৈছিল।
-
ঊষা মেহতা
ঊষা মেহতা (Usha Mehta, ২৫ মাৰ্চ ১৯২০ - ১১ আগষ্ট ২০০০) ভাৰতৰ এগৰাকী গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কেইমাহমান ধৰি গোপন ৰেডিঅ' ষ্টেচন 'কংগ্ৰেছ ৰেডিঅ' চলাইছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে তেওঁৰ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।
-
গোবিন্দ বল্লভ পণ্ট
গোবিন্দ বল্লভ পণ্ট (Govind Ballabh Pant; ১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল।
-
জানকী দেৱী বাজাজ
জানকী দেৱী বাজাজ (Janaki Devi Bajaj, ৭ জানুৱাৰী ১৮৯৩ – ২১ মে' ১৯৭৯) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা জনহিতৈষী আছিল। তেওঁ মহাত্মা গান্ধীয়ে নেতৃত্ব বহন কৰা আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰি ১৯৩২ চনত কাৰাবাস খাটিছিল। তেওঁ প্ৰসিদ্ধ উদ্যোগপতি তথা বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠাপক যমুনালাল বাজাজৰ পত্নী।
-
নিবাৰণ বৰা
নিবাৰণ বৰা (Nibaran Bora) অসমৰ এজন ৰাজনীতিবিদ, লেখক, সাংবাদিক, শিক্ষক, খেলুৱৈ, বক্তা, সমাজকৰ্মী শ্ৰমিক নেতা তথা কৃষক নেতা আছিল। তেওঁক কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী আগশাৰীৰ অসমপ্ৰেমী আৰু জনমুখী ৰাজনীতিবিদ বুলি গণ্য কৰা হয়। তেওঁ অসমত হোৱা ছবছৰীয়া গণ আন্দোলনৰো অন্যতম হোতা আছিল।
-
প্ৰীতিলতা ওৱাদ্দেদাৰ
প্ৰীতিলতা ওৱাদ্দেদাৰ (Pritilata Waddedar; ৫ মে' ১৯১১ – ২৪ ছেপ্টেম্বৰ ১৯৩২) চট্টগ্ৰাম আৰু ঢাকাত শিক্ষা সমাপ্ত কৰি কলকাতাৰ বেথুন কলেজত পঢ়া-শুনা কৰে। দৰ্শন বিষয়ত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰাৰ অন্তত স্কুলৰ শিক্ষয়ত্ৰী ৰূপে কৰ্মৰত হয়। তেওঁক বংগৰ প্ৰথম মহিলা শ্বহীদ ৰূপে গণ্য কৰা হয়।
-
বিৰছা মুণ্ডা
বিৰছা মুণ্ডা (Birsa Munda; ১৮৭৫-১৯০০) ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী, ধৰ্মগুৰু, লোকনায়ক আছিল যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ছোটা নাগপুৰ মালভূমি অঞ্চলৰ অন্যতম বৃহৎ জনজাতি গোট মুণ্ডা জনগোষ্ঠীৰ সদস্য আছিল।
-
বেগম হজৰত মহল
বেগম হজৰত মহল (Begum Hazrat Mahal, ১৮২০ – ৭ এপ্ৰিল ১৮৭৯) অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ অৱধ ৰাজ্যৰ শাসনকৰ্তা নৱাব ৱাজিদ আলি শ্বাহৰ দ্বিতীয় পত্নী আছিল। নৱাব ৱাজিদ আলি শ্বাহে তেওঁক তেওঁৰ ৰাজপ্ৰাসাদত লগ পাইছিল।
-
ভিখাজী কামা
ভিখাজী ৰুষ্টম কামা (২৪ ছেপ্টেম্বৰ ১৮৬১- ১৩ আগষ্ট ১৯৩৬) ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত অগ্ৰণী ব্যক্তিসকলৰ এগৰাকী।
-
মীৰাবেন
মীৰাবেন (Mirabehn; জন্ম:মেডেলিন শ্লেড; ২২ নৱেম্বৰ ১৮৯২ - ২০ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ। তেওঁ ১৯২০ৰ দশকত মহাত্মা গান্ধীৰ সৈতে থাকিবলৈ আৰু কাম কৰিবলৈ ইংলেণ্ডৰ গৃহ ত্যাগ কৰিছিল।
-
লক্ষ্মী সেহগল
লক্ষ্মী সেহগল বা লক্ষ্মী ছেহগল (Lakshmi Sahgal,) (জন্মতে লক্ষ্মী স্বামীনাথন, ২৪ অক্টোবৰ ১৯১৪-২৩ জুলাই ২০১২) আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী, ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ বিষয়া আৰু আজাদ হিন্দ চৰকাৰৰ নাৰী পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী।
-
হংসা জীৱৰাজ মেহতা
হংসা জীৱৰাজ মেহতা (Hansa Jivraj Mehta, ৩ জুলাই ১৮৯৭ – ৪ এপ্ৰিল ১৯৯৫) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক তথা নাৰীবাদী আছিল। তেওঁৰ পিতৃ মনুভাই মেহতা বৰোদা আৰু বিকানেৰ ৰাজকীয় ৰাজ্যৰ দিৱান আছিল।
-
উমাজী নায়ক
উমাজী নায়ক (Umaji Naik; ৭ ছেপ্টেম্বৰ ১৭৯১ – ৩ ফেব্ৰুৱাৰী ১৮৩২) এজন ভাৰতীয় বিপ্লৱী আছিল। তেওঁ ১৮২৬ চনৰ পৰা ১৮৩২ চনলৈ ভাৰতত ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল। তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোম্পানীৰ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল।
-
কৃষ্ণনাথ শৰ্মা
কৃষ্ণনাথ শৰ্মা (Krishna Nath Sharma) অসমৰ যোৰহাট জিলাৰ এগৰাকী গান্ধীবাদী নেতা, সমাজ-সংস্কাৰক আৰু স্বাধীনতা সেনানী। পেচাত তেওঁ আছিল এগৰাকী অধিবক্তা। যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল।
-
কে. ডি. যাদৱ
খাচাবা দাদাচাহেব যাদৱ (চমুকৈ কে. ডি. যাদৱ; Khashaba Dadasaheb Jadhav; ১৫ জানুৱাৰী ১৯২৬ – ১৪ আগষ্ট ১৯৮৪) আছিল এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এজন মল্লযোদ্ধা হিচাপে সৰ্বাধিক পৰিচিত যিয়ে ১৯৫২ চনত হেলচিঙ্কীত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰিছিল।
-
ক’লাই কোছ
ক’লাই কোছ ( Kolai Koch) ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ ঘৰ নগাঁও জিলাৰ শেনচোৱাত৷ ক’লাই কোছৰ জন্ম হয় ১৯১৬ চনত৷ তেওঁৰ পিতাকৰ নাম মাণিক আৰু মাকৰ নাম বাতৈ৷ মাক-বাপেকৰ দুটি সন্তানৰ ভিতৰত ক’লাই কোছ ডাঙৰ আৰু ভায়েকৰ নাম ৰামেশ্বৰ৷ নিচেই কম বয়সতে পিতৃহাৰা হোৱা ক’লাই কোছে পঞ্চম মানলৈ পঢ়ি অধিক…
-
তীৰ্থেশ্বৰ হাজৰিকা
তীৰ্থেশ্বৰ হাজৰিকা (Tirtheswar Hazarika; জন্ম:১৯০১-মৃত্যু:১৯৮৬) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। ১৯২১চনৰ ১৮ আগষ্টত তেওঁ মহাত্মা গান্ধীক লগ পাবলৈ উত্তৰ লক্ষীমপুৰৰ পৰা যোৰহাট জিলালৈকে বাইচাইকেল চলাই গৈছিল। অসহযোগ আন্দোলনত যোগ দিয়াৰ বাবে তিনিমাহ কাৰাবাস খাটিছিল আৰু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।