অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জালুকী কছাৰীয়নী

জালুকী কছাৰীয়নী ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। অসমৰ অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষক ব্ৰিটিছ ৰাজৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীতে তেওঁ অংশগ্ৰহণ কৰিছিল৷‌ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ গুলীৰ দ্বাৰা…

হালনাগাদ: ২১ মে’ ২০২৫ ১১০ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জালুকী কছাৰীয়নী ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। অসমৰ অবিভক্ত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিত জন্মগ্ৰহণ কৰিছিল।১ ভাৰতবৰ্ষক ব্ৰিটিছ ৰাজৰ পৰা মুক্ত কৰাৰ সংগ্ৰামত কংগ্ৰেছৰ প্ৰতিটো কাৰ্যসূচীতে তেওঁ অংশগ্ৰহণ কৰিছিল৷‌২ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ গুলীৰ দ্বাৰা বাওঁকান্ধত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰে।৩৪

ঘটনাক্ৰম

ভাৰত ত্যাগ আন্দোলনৰ প্ৰতিক্ৰিয়া অবিভক্ত দৰং জিলাত আছিল সৰ্বাত্মক। বিশেষকৈ কলাবাৰী, বৰঙাবাৰী, গহপুৰ, বিহালী, চাৰিআলি, চতিয়া আৰু জামুগুৰি অঞ্চলসমূহত স্বতঃস্ফূৰ্তভাৱে উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল।৫

দৰং জিলা কংগ্ৰেছ কমিটীয়ে ব্ৰিটিছ কৰ্তৃত্বৰ প্ৰতীক হিচাপে পৰিগণিত হোৱা থানা আৰু আদালত ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি পুষ্পালতা দাসৰ নেতৃত্বত ২০ ছেপ্টেম্বৰ তাৰিখে গহপুৰ, ঢেকীয়াজুলি, বিহালী আৰু চতিয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰা হয়।৫

প্ৰস্তাৱিত দিনা উপৰোক্ত অঞ্চলৰ পুৰুষ-মহিলা উভয়েই নিজৰ নিজৰ আৰক্ষী থানালৈ শান্তিপূৰ্ণ আৰু অনুশাসিতভাৱে শোভাযাত্ৰা উলিয়াইছিল। আৰক্ষীয়ে অতৰ্কিতভাৱে শান্তিপূৰ্ণ শোভাযাত্ৰাকাৰীসকলৰ ওপৰত গুলীচালনা কৰে।৫ ফলত, গহপুৰত কনকলতা বৰুৱা, ঢেকীয়াজুলিত খহুলী দেৱী আৰু কুমলি দেৱী গুলীত আঘাতপ্ৰাপ্ত হৈ থিতাতে মৃত্যু হয়। আকৌ, ঢেকীয়াজুলিত তিলেশ্বৰী বৰুৱা আৰু জালুকী কছাৰিয়নী গুলীৰ আঘাতত মৃত্যু হয়।৬৭

তথ্যসূত্ৰ

  1. ↑ (2024-08-15). স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী - VOICE 24x7
  2. ↑ Borah, Hiranya. (2024-02-06). The Fearless Revolutionary: The true account of Kanaklata Barua's sacrifice for India's freedom ǀ True story of one of the greatest freedom fighters from Assam. Sristhi Publishers & Distributors. ISBN 978-93-95192-60-6
  3. ↑ Bharat, E. T. V. (2024-09-21). ১৯৪২ৰ ২০ ছেপ্টেম্বৰৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ কাহিনীৰে: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্বহীদ উদ্যান - Swahid Nagari Dhekiajuli. ETV Bharat News
  4. ↑ দেশৰ হকে প্ৰাণ ত্যাগ কৰা ...
  5. ↑ Borah, Hiranya. (2024-02-06). The Fearless Revolutionary: The true account of Kanaklata Barua's sacrifice for India's freedom ǀ True story of one of the greatest freedom fighters from Assam. Sristhi Publishers & Distributors. ISBN 978-93-95192-60-6
  6. ↑ Sharma, Dr Dipti. (1993). Assamese Women in the Freedom Struggle. Punthi-Pustak. ISBN 978-81-85094-61-8
  7. ↑ (2000). Nationalist Upsurge in Assam. Government of Assam

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীঅসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালুকী কছাৰীয়নী” প্ৰবন্ধৰ সংশোধন ৫১০৯২৬ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।