মধু মল্লিক ( Madhu Mallik) ভাৰতৰ স্বাধীনতা যুঁজত অসমৰ পৰা কৰা প্ৰথম বিদ্ৰোহৰ নেতা মণিৰাম দেৱানৰ সহযোগী৷ তেওঁক মণিৰাম দেৱান, পিয়লি বৰুৱা আদিক বিদ্ৰোহত সহায় কৰাৰ অপৰাধত আন্দামানৰ চেলুলাৰ জেলত কাৰাবন্দী কৰা হৈছিল৷১ মণিৰাম দেৱানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষক যুৱৰাজ কন্দৰ্পেশ্বৰ সিংহক ৰাজপাট দিয়াৰ আৰ্জি লৈ কলিকতালৈ গৈছিল৷ তাতেই তেওঁ বাহাদুৰ শ্বাহ জাফৰৰ ৰাইজৰ প্ৰতি দিয়া গোহাৰি আৰু বিদ্ৰোহৰ খা-খবৰ পাই অসমতো সশস্ত্ৰ বিদ্ৰোহৰ বাবে মানুহ গোট খুৱাবলৈ কন্দৰ্পেশ্বৰ সিংহলৈ বাতৰি পঠিয়াবলৈ ধৰে আৰু জগদীশপুৰৰ জমিদাৰলৈ চিঠি দিয়ে৷ কাৰণ অসমৰ সৈন্য বহিনীত কিছুসংখ্যক জগদীশপুৰৰ চিপাহী নিযুক্ত হৈ আছিল৷ এই বাতৰি কঢ়িয়াবলৈ তেওঁ মধু মল্লিকক নিয়োগ কৰে৷ মধু মল্লিক বাঙালী মুক্তিয়াৰ আছিল৷ মধু মল্লিকে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহক বাংলা বাতৰি কাকতৰ খবৰ যোগান দি চিপাহী বিদ্ৰোহৰ সবিশেষ জানিবলৈ দিয়ে আৰু ৰজা হৃত মৰ্যাদা উদ্ধাৰৰ বাবে প্ৰলুব্ধ হয়৷ ৰজাৰ নিৰ্দেশতে মধু মল্লিকে বৰুৱা, ফুকন আদি অভিজাত বিষয়াসকলৰ লগত লগ লাগি বিদ্ৰোহৰ আঁচনি প্ৰস্তুত কৰে৷ এই ক্ষেত্ৰত অসমত থকা পিয়লি বৰুৱাই সহযোগ কৰে৷ কিন্তু, বিদ্ৰোহৰ প্ৰস্তুতি পৰ্ব শেষ হোৱাৰ সময়তে Assam Light Infantryৰ মেজৰ হান্নেই সকলো গম পায় আৰু কন্দৰ্পেশ্বৰ সিংহ, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা আদিৰ লগতে মধু মল্লিককো গ্ৰেপ্তাৰ কৰে৷ পিছত আন সকলৰ লগতে মধু মল্লিকক যাবজ্জীৱনলৈ দেশান্তৰী কৰা হয়৷২
তথ্যসূত্ৰ
- ↑ মধু মল্লিক
- ↑ কলিতা, ৰমেশচন্দ্ৰ. (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাসন পৰিষদ. পৃ. ৩৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধু মল্লিক” প্ৰবন্ধৰ সংশোধন ৩৭৫০১৭ (২০ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।