অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঠগী সুত

ঠগী সুত( Thogi Sut) ৪২ৰ গণ-বিপ্লৱৰ এগৰাকী শ্বহীদ ঠগী সুতৰ নগাঁও জিলাৰ শিঙিয়া পোতনি মৌজাৰ পোতনি গোমোঠা গাঁৱত ১৯২১ চনত জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম কেশৰাম বৰা আৰু মাতৃৰ নাম তিলোত্তমা বৰা৷ ছজনী বাই-ভনীৰ মাজৰ ঠগী ঘৰৰ একমাত্ৰ পুত্ৰ আছিল৷ প্ৰাথমিক শিক্ষা গাঁৱৰ স্কুলতেই লৈ তেওঁ নগাঁৱৰ ডচন হাইস্কুলত পঢ়ি…

হালনাগাদ: ১৫ আগষ্ট ২০২৩ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

ঠগী সুত( Thogi Sut) ৪২ৰ গণ-বিপ্লৱৰ এগৰাকী শ্বহীদ ঠগী সুতৰ নগাঁও জিলাৰ শিঙিয়া পোতনি মৌজাৰ পোতনি গোমোঠা গাঁৱত ১৯২১ চনত জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম কেশৰাম বৰা আৰু মাতৃৰ নাম তিলোত্তমা বৰা৷ ছজনী বাই-ভনীৰ মাজৰ ঠগী ঘৰৰ একমাত্ৰ পুত্ৰ আছিল৷ প্ৰাথমিক শিক্ষা গাঁৱৰ স্কুলতেই লৈ তেওঁ নগাঁৱৰ ডচন হাইস্কুলত পঢ়ি থাকোঁতেই পঢ়া আধৰুৱা কৰি এটা সৰু চাকৰিত সোমায় যদিও মহাত্মাৰ আহ্বানত ৪২ৰ আন্দোলনত সহযোগ কৰি স্থানীয় সমাজ সংগঠনৰ কামত মনোনিৱেশ কৰে৷ গাঁৱৰ আলি-পদূলি, স্কুল, পুথিভঁৰাল আদি নিৰ্মাণত আগভাগ লৈ ঠগী নিজৰ অঞ্চলত জনাজাত হৈ পৰিছিল৷ নাট-ভাওনা আদিত ভাও লোৱা, নাম-কীৰ্তন আদি কৰাত পাকৈত ঠগীক গাঁৱৰ ৰাইজে “সূত্ৰধাৰৰ নিৰ্মালি’’ দিছিল৷১

৪২ৰ আন্দোলনত নগাঁৱৰ ঠায়ে ঠায়ে সেৱাদল গঠন কৰা হৈছিল৷ ১৯৪২ চনৰ ১৬ ছেপ্তেম্বৰৰ দিনা বঢ়মপুৰত “পঞ্চবীৰ দিৱস’’ পালন কৰি ১৮ ছেপ্তেম্বৰৰ দিনা বৰভোজৰ আয়োজন কৰিছিল৷ সেইদিনা চলচলি কংগ্ৰেছ শিবিৰত জিলা কংগ্ৰেছ সদস্য প্ৰতাপ চন্দ্ৰ শৰ্মাৰ উপস্থিতিত ৰাইজে এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল৷ আলোচনা চলি থাকোঁতে জিলা মেজিষ্ট্ৰেট ৰুছ, মিলিটাৰী কামাণ্ডাৰ ফিন্স আহি উপস্থিত হৈছিল আৰু চৰকাৰৰ বাধা থকা স্বত্বেও মিটিং কৰা বাবে সকলোকে সোধা-পোচা কৰি জেললৈ যাবলৈ হুকুম দি শিবিৰ ভাঙিবলৈ আদেশ দিছিল৷ নুমলী ফুকন নামৰ এগৰাকী সংগ্ৰামীয়ে ’আদেশ নামানো’ বোলাত লাঠিচাৰ্জ আৰম্ভ হৈছিল৷ বহু লোক আঘাতপ্ৰাপ্ত হৈছিল৷২ ভোজৰ থলীতে ইংৰাজৰ কমাণ্ডাৰ ফিন্স আৰু গোৰা পল্টনৰ এনে অতৰ্কিতে আক্ৰমণত ২০ বছৰীয়া ঠগী সুত আন কেইবাগৰাকীৰ সৈতে শ্বহীদ হৈছিল৷ মৃত্যুৰ আগমূহুৰ্তত তেওঁ তেওঁৰ ওচৰতে থকা নগাঁও জিলা কংগ্ৰেছ সভাপতি মহেন্দ্ৰনাথ হাজৰিকাক নিজৰ জেপৰ পৰা “চুপি কলম’’ এটা উলিয়াই দি কঁপা কঁপা মাতেৰে সেইটো মাতৃভূমিৰ সেৱাত লগাবলৈ তেওঁৰ শেষ দান হিচাপে আগবঢ়াইছিল৷১

তথ্যসূত্ৰ

  1. ↑ কলিতা, বেণুধৰ. (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহিদ. লক্ষেশ্বৰ, যুগল কুমাৰ, যুক্তি কুমাৰ, হিৰণ্য কলিতা. পৃ. ১৩, ১৪, ১৫
  2. ↑ শইকীয়া, ড° ৰাজেন (সম্পাদক). (২০১৮). নগাঁৱৰ বুৰঞ্জী. অসম পাব্লিছিং কোম্পানী

সম্পৰ্কিত শ্ৰেণী

অসমভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠগী সুত” প্ৰবন্ধৰ সংশোধন ৩৭৪৩৫১ (১৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।