অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জানকী আম্মা

ন্যায়াধীশ পি জনাকী আম্মা (Justice P. Janaki Amma(১৯২০–২০০৫)), কেৰেলা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা। ১৯৮২ চনৰ ২২ এপ্ৰিললৈকে ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ন্যায়াধীশ পি জনাকী আম্মা (Justice P. Janaki Amma(১৯২০–২০০৫)), কেৰেলা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা। ১৯৮২ চনৰ ২২ এপ্ৰিললৈকে ন্যায়াধীশ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ২০০৫ চনত তেওঁৰ মৃত্যু হয়।১২

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

কেৰালাৰ থ্ৰিছুৰ জিলাৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা জনাকী আম্মাই জীৱনৰ বেছিভাগ সময় আৰ্নাকুলামত কটায়।৩ তেওঁ পঢ়া-শুনা সমাপ্ত কৰি কোচী প্ৰজা মণ্ডলমত যোগদান কৰে আৰু পিছলৈ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯৪০ চনৰ পৰা ১৯৪৪ চনলৈ ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ ১৯৪৯ চনৰ পৰা ১৯৫৩ চনলৈকে তেওঁ আৰ্নালকুলাম পৌৰসভাৰ সদস্য আছিল।১তেওঁ ট্ৰেভাংকুৰ-কোচিনৰ প্ৰথমগৰাকী মহিলা পৌৰসভাৰ অধ্যক্ষও আছিল। ন্যায়িক সেৱাত যোগদান কৰিবলৈ তেওঁ সক্ৰিয় ৰাজনীতি এৰি থৈ যায়।৩

ন্যায়াধীশ হিচাপে

পানাম্পিলি গোবিন্দ মেননৰ কনিষ্ঠ অধিবক্তা হিচাপে তেওঁ আইনী কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ উচ্চ ন্যায়ালয়লৈ উন্নীত হোৱাৰ পূৰ্বে কোজিকোড়ে, টেলিচেৰী আৰু মাঞ্জেৰীৰ জিলা দণ্ডাধীশ, জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩

১৯৭৪ চনৰ ৩০ মে’ত কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি তেওঁ সেই আসন দখল কৰা দ্বিতীয়গৰাকী মহিলা ভাৰতীয় হিচাপে পৰিগণিত হয়। ১৯৮২ চনৰ ২২ এপ্ৰিলত কেৰালা উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।৩

তদন্ত আৰু তদন্ত আয়োগ

উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ লোৱাৰ পিছতো ন্যায়পালিকাৰ ক্ষেত্ৰখনত তেওঁ অতি সক্ৰিয় হৈ থাকিল। ১৯৮৩ চনত কেইবাজনো লোকৰ মৃত্যু হোৱা ভাইপিন সুৰা ট্ৰেজেডীৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে তেওঁক নিযুক্তি দিয়ে। তেওঁৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে আবকাৰী আইনৰ ৫৭(ক) ধাৰা সংশোধন কৰে। এই শিতানত মানুহৰ জীৱন বিপন্ন কৰিব পৰা বা গুৰুতৰ আঘাতৰ সৃষ্টি কৰিব পৰা বিষাক্ত পদাৰ্থৰে সুৰাৰ মিশ্ৰণ প্ৰতিৰোধৰ বিষয়ে আলোচনা কৰা হৈছে। এই ধাৰাত বলবৎকাৰী বিষয়াসকলে যদি সুৰাৰ লগত মাৰাত্মক পদাৰ্থৰ মিশ্ৰণ ৰোধৰ বাবে যুক্তিসংগত সাৱধানতা অৱলম্বন নকৰাৰ বাবে দোষী সাব্যস্ত হয় তেন্তে সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫০০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে।৩

কোচীত সেউজকৰণ

কোচিত সেউজকৰণৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবে তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ (2005-06-30). Kerala / Kochi News: Former judge dead. দ্য হিন্দু
  2. ↑ www.geni.com/people/P-Janaki-Amma/2008543
  3. ↑ Lady Advocates · Online Directory for women lawyers. ladyadvocates.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীন্যায়াধীশকেৰালাৰ ব্যক্তিভাৰতৰ মহিলা ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানকী আম্মা” প্ৰবন্ধৰ সংশোধন ৪৭১৫৩৪ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।