লীলাধৰ বৰুৱা ( Liladhar Baruah) এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু অসমৰ গান্ধীবাদী নেতা৷ জন্ম ১৯০৮ চনৰ ৮ মাৰ্চত, উত্তৰ গুৱাহাটীত৷ তেওঁ মহাত্মা গান্ধী অসমলৈ আহোঁতে সংগ দিয়াৰ উপৰি দাণ্ডি যাত্ৰাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ আন এগৰাকী গান্ধীবাদী নেতা অমিয় কুমাৰ দাসৰ লগত লগ হৈ গান্ধীজীৰ অসম ভ্ৰমণৰ বিৱৰণ দি “অসমত মহাত্মা’’ শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰিছিল৷ তেওঁৰ পিতৃৰ নাম গিৰিধৰ বৰুৱা৷১
ৰাজনৈতিক জীৱন
১৯০৮ চনত জন্ম গ্ৰহণ কৰা লীলাধৰ বৰুৱাই কলিকতাত শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাতেই ভাৰতৰ অসহযোগ আন্দোলনত যোগ দি পঢ়া আধৰুৱাকৈ এৰে৷ গান্ধীজীৰ আদৰ্শেৰে অনুপ্ৰাণিত বৰুৱাই স্বাধীনতা আন্দোলনৰ কালছোৱাত চাৰিবাৰকৈ কাৰাদণ্ড ভোগে৷ সমাজ সেৱা তেওঁৰ জীৱনৰ ব্ৰত আছিল৷২১সেই ব্ৰতকে সাৰোগত কৰি তেওঁ গুৱাহাটীৰ ওচৰত এখনি সেৱাশ্ৰম গঢ়ি তুলিছিল আৰু মহাত্মা গান্ধী তৃতীয়বাৰ অসমলৈ আহোঁতে গান্ধীজীক আশ্ৰম উদ্বোধন কৰিবলৈ নিছিল৷ সেই সেৱাশ্ৰমতে তাঁতবোৱাৰ প্ৰদৰ্শনী পতা হৈছিল আৰু মহাত্মা গান্ধীক হাতে সূতা কাটি কাপোৰ বোৱা দেখুওৱা হৈছিল৷৩ এই আশ্ৰমতে হিন্দুস্থানী প্ৰচাৰ বিদ্যালয় স্থাপন কৰা হৈছিল৷ গুৱাহাটীৰ ওচৰৰ বাইহাটাত স্থাপিত হোৱা এই সেৱাশ্ৰমখনত লীলাধৰ বৰুৱাই বিয়াল্লিছৰ আন্দোলনত জেললৈ যোৱাৰ পিছত কিছুদিন পৰিত্যক্ত অৱস্থাত থাকে যদিও পিছত গান্ধীজীৰ আন এজন অনুগামী ধৰ্মকান্ত শৰ্মাই সেৱাশ্ৰমখনৰ দায়িত্ব তুলি লয়৷৪ তেওঁ “খাদী গ্ৰামোদ্যোগ খেতি’’ৰ উপাধ্যক্ষ হিচাপে কাম কৰিছিল৷ ১৯৬০ চনত তেওঁ ৰাজ্যসভাৰ মেম্বাৰ হয়৷১ ১৯৩০ চনৰ মাৰ্চ মাহত গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা গান্ধীজীয়ে লগত ৭৮ জন অনুগামী লৈ দাণ্ডী যাত্ৰা কৰে আৰু ৫ আগষ্টত দাণ্ডিত উপস্থিত হৈ লোণ আইন ভংগ কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল৷ অসমৰ পৰা কংগ্ৰেছ দলৰ হৈ কেৱল লীলাধৰ বৰুৱাই এই যাত্ৰাত গান্ধীজীৰ সংগী হৈছিল৷৫
মৃত্যু
১৯৭২ চনত তেখেতৰ মৃত্যু হয়৷১
তথ্যসূত্ৰ
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ১৫৭
- ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. 239. ISBN 978-81-7339-428-7
- ↑ দাস, অমিয় কুমাৰ; বৰুৱা, লীলাধৰ. (১৯৬৯). অসমত মহাত্মা. অসম প্ৰকাশন পৰিষদ. পৃ. ১১৩
- ↑ শৰ্মা, ড° জয়কান্ত. (২০২০). আশ্ৰমবাসী হোৱাৰ আনন্দ আৰু গৌৰৱ. দৈনিক অগ্ৰদূত
- ↑ ভাৰতৰ স্বাধীনতা সংগ্ৰাম: এক সংক্ষিপ্ত ইতিহাস
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলাধৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৭৭২৫০ (৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।