অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজেন্দ্ৰ লাহিড়ী

ৰাজেন্দ্ৰনাথ লাহিড়ী ৰ জন্ম হৈছিল ২৯ জুন ১৯০১ চনত আৰু মৃত্যু হৈছিল ১৯২৭ চনৰ ১৭ ডিচেম্বৰত। চমুকৈ তেওঁক ৰাজেন্দ্ৰ লাহিড়ী নামেৰে পৰিচিত আছিল। ৰাজেন্দ্ৰ লাহিড়ী আছিল এজন ভাৰতীয় বিপ্লৱী। তেওঁ কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ মূল নায়ক আছিল।

হালনাগাদ: ২৫ জুন ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰাজেন্দ্ৰনাথ লাহিড়ী ৰ জন্ম হৈছিল ২৯ জুন ১৯০১ চনত আৰু মৃত্যু হৈছিল ১৯২৭ চনৰ ১৭ ডিচেম্বৰত। চমুকৈ তেওঁক ৰাজেন্দ্ৰ লাহিড়ী নামেৰে পৰিচিত আছিল। ৰাজেন্দ্ৰ লাহিড়ী আছিল এজন ভাৰতীয় বিপ্লৱী। তেওঁ কাকোৰী ষড়যন্ত্ৰ আৰু দক্ষিণেশ্বৰ বোমা বিস্ফোৰণৰ মূল নায়ক আছিল। ভাৰতৰপৰা ব্ৰিটিছক উচ্ছেদ কৰাৰ লক্ষ্যৰে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনৰ সক্ৰিয় সদস্য আছিল।১

প্ৰাৰম্ভিক জীৱন

ৰাজেন্দ্ৰ লাহিড়ীৰ জন্ম হৈছিল ১৯০১ চনৰ ২৯ জুনত বংগ প্ৰেচিডেন্সিৰ পাবনা জিলাৰ (বৰ্তমান বাংলাদেশৰ ছিৰাজগঞ্জৰ লাহিৰী মোহনপুৰ, উল্লাপাৰাত) এটি বঙালী ব্ৰাহ্মণ পৰিয়ালৰ লাহিড়ী মোহনপুৰ গাঁৱত। তেওঁৰ পিতৃ ক্ষীতিশ মোহন লাহিড়ীৰ তাত এখন বৃহৎ বাগিছা আছিল।২৩

দক্ষিণেশ্বৰৰ বোমা বিস্ফোৰণৰ ঘটনা

দক্ষিণেশ্বৰ বোমা বিস্ফোৰণত জড়িত হৈ লাহিড়ীয়ে পলায়ন কৰে। তেওঁ বেনাৰসলৈ গৈ পঢ়া-শুনা আৰম্ভ কৰিলে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ইতিহাসবিভাগত এম.এ. পঢ়ি থকা সময়তে তেওঁৰ কেইজনমান বঙালী বন্ধুৰ সৈতে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েশ্যনত যোগদান কৰে।৪

কাকোৰী ষড়যন্ত্ৰ

১৯২৫ চনৰ ৯ আগষ্টত কাকোৰী ৰেল ডকাইতিৰ মূল নায়ক আছিল ৰাজেন্দ্ৰ লাহিড়ী। বংগৰ দক্ষিণেশ্বৰৰ পূৰ্বৰ বোমা গোচৰত গ্ৰেপ্তাৰ কৰি বিচাৰ চলাই দহ বছৰৰ কঠোৰ কাৰাদণ্ডৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। যেতিয়া লক্ষ্ণৌত ৰেল ডকাইতিৰ আইনী কাৰ্য্যবিধি আৰম্ভ হৈছিল, তেতিয়া তেওঁক কাকোৰী ষড়যন্ত্ৰৰ গোচৰতো অন্তৰ্ভুক্ত কৰা হৈছিল আৰু আন কেইবাজনো বিপ্লৱীৰ সৈতে বিচাৰ চলিছিল। ৫

মৃত্যু

ৰাজেন্দ্ৰ লাহিড়ীক দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত দোষী সাব্যস্ত কৰা হয় আৰু নিৰ্ধাৰিত তাৰিখৰ দুদিন আগতে ১৯২৭ চনৰ ১৭ ডিচেম্বৰত ঠাকুৰ ৰোশন সিং, আছফাক উল্লাহ আৰু ৰামপ্ৰসাদ বিছমিলৰ সৈতে গণ্ডা জিলা কাৰাগাৰত ফাঁচি দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ Engineer, Asghar Ali. (2006). They Too Fought for India's Freedom: The Role of Minorities. Hope India Publications. ISBN 978-81-7871-091-4
  2. ↑ Some Prominent Martyrs of India's Freedom Struggle. All India Congress Committee
  3. ↑ Official Website of West Bengal Correctional Services, India – Martyrs for India's Freedom. wbcorrectionalservices.gov.in
  4. ↑ (2021-12-17). Rajendra Lahiri Death Anniversary: अंग्रेजों ने दो दिन पहले क्यों दे थी फांसी. News18 हिंदी
  5. ↑ Remembering Rajendranath Lahiri, the Revolutionary Who Threw Away His 'Sacred' Thread. The Wire

সম্পৰ্কিত শ্ৰেণী

মহাত্মা গান্ধী এডিটাথন, ২০২৫ভাৰতৰ স্বাধীনতা সংগ্ৰামীপশ্চিমবঙ্গৰ ব্যক্তিবিপ্লৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেন্দ্ৰ লাহিড়ী” প্ৰবন্ধৰ সংশোধন ৬১৪৩৭২ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।