অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভাবেন শ্বাহ

প্ৰভাবেন শ্বাহ (Prabhaben Shah) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ কৰ্মী। ১৯৪২ চনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰোঁতে প্ৰভাবেনৰ বয়স আছিল বাৰ বছৰ।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২২ ৪৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

প্ৰভাবেন শ্বাহ (Prabhaben Shah) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজ কৰ্মী।১২ ১৯৪২ চনত মোহনদাস কৰমচান্দ গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰোঁতে প্ৰভাবেনৰ বয়স আছিল বাৰ বছৰ। তেতিয়াৰ পৰাই তেওঁ বিদেশী বস্ত্ৰ ত্যাগ কৰাৰ অৰ্থে যঁতৰত সূতা কাটি খাদী কাপোৰ বৈ উলিয়াইছিল আৰু একেৰাহে ছমাহ মৰাপাটৰ বস্তাত শুই আন্দোলনৰ প্ৰতি সমৰ্থন জাহিৰ কৰিছিল। শিক্ষা, স্বাস্থ্য, মহিলা কল্যাণ, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় আদি বিভিন্ন জনকল্যাণ মুখী কামেৰে সমাজলৈ আগবঢ়োৱা তেওঁৰ একনিষ্ঠ অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰভাবেনক বিৰানব্বৈ বছৰ বয়সত পদ্মশ্ৰীৰে বিভূষিত কৰে।১২

সংক্ষিপ্ত জীৱনী

স্কুলীয়া জীৱনতে মহাত্মা গান্ধীৰ আদৰ্শৰে প্ৰভাবেন উদ্বুদ্ধ হৈছিল আৰু যঁতৰত সূতা কাটি কপাহী কাপোৰ বৈ উলিয়াই স্বদেশী আন্দোলনৰ সপক্ষে প্ৰতীকী সমৰ্থন আগবঢ়াইছিল। বৰডোলিৰ স্বৰাজ আশ্ৰমত থকাৰ সময়ত ছমাহতকৈও অধিক কাল মৰাপাটৰ বস্তাত শুই প্ৰভাবেনে এগৰাকী একনিষ্ঠ স্বাধীনতা সেনানীৰ নিদৰ্শন দাঙি ধৰিছিল।১২ ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা তেওঁ স্বদেশৰ মানুহৰ সেৱাৰ অৰ্থে জীৱন উৎসৰ্গা কৰিছিল। শিক্ষা, স্বাস্থ্য, প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন ক্ষেত্ৰত তেওঁ কাম কৰিছিল।

সপ্তম শ্ৰেণীতে পঢ়া সামৰি প্ৰভাবেন বিবাহপাশত আৱদ্ধ হয়। তেওঁ স্বামী সুভাষ আছিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী।২ বিবাহসূত্ৰে প্ৰভাবেনৰ এটি সন্তানৰ মাতৃ। ১৯৬০ চনত স্বামীৰ চাকৰি সূত্ৰে বৰডোলিলৈ থাকিবলৈ আহি প্ৰভাবেনে তাত এখন বিদ্যালয়ৰ অভাৱ অনুভৱ কৰে আৰু শিশুৰ বাবে এখন গুজৰাটী মাধ্যমৰ প্ৰাইমেৰী স্কুল আৰম্ভ কৰে। তেওঁ স্কুলখনৰ নাম দিছিল বাল মন্দিৰ। বিদ্যালয়ত তেওঁ নিজৰ কন্যাৰ সৈতে কেইটিমান শিশুক পঢ়াবলৈ আৰম্ভ কৰি পিছত লাহে লাহে শিক্ষাদানৰ বাবে কেইবাগৰাকীও শিক্ষক নিয়োগ কৰে। শিক্ষক সকলক বেতন দিবলৈ তেওঁ এখন খাদী আশ্ৰমত কেৰাণীৰ কাম কৰি টকা সংগ্ৰহ কৰিছিল। একেদৰে পৰিয়ালটো যেতিয়া দমনলৈ বদলি হৈ আহে, তাতো তেওঁলোক একে পৰিস্থিতিৰ সন্মুখীন হয়। কিন্তু ইয়াত প্ৰভাবেনে স্কুল নুখুলি এটি মহিলা মণ্ডল খোলে, যি তেওঁক স্কুল এখন আৰম্ভ কৰিবলৈ সহায় কৰে। দমন মহিলা মণ্ডল নামৰ এই মহিলা সংগঠনটো ১৯৬৩ চনত গঠিত হৈছিল।২ ৰক্ষণশীল গাঁৱলীয়া পৰিৱেশত, যি সময়ত ‘পৰ্দা প্ৰথা’ বিৰাজ কৰিছিল সেই সময়ত এই সংগঠনে এক বিপ্লৱ সূচনা কৰিছিল আৰু মহিলা সকলক নিজৰ মনৰ কথা ৰাখিবলৈ এখন মঞ্চ দিছিল। ৰাজহুৱা অনুদানেৰে এই নাৰী সংগঠনটিয়ে দুখন গুজৰাটী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল।১

সদস্য সংখ্যা বাঢ়ি মহিলা মণ্ডল ক্ৰমে শক্তিশালী হয় আৰু প্ৰভাবেন আৰু তেওঁৰ দলটিয়ে পাপড় তৈয়াৰ কৰা, চিলাই, গেলামলৰ দোকান চলোৱা আদি ক্ষুদ্ৰ ব্যৱসায় চলাবলৈ মহিলা সকলক আৰ্থিক সহায় আগবঢ়াবৰ বাবে এটি ক্ৰেডিট সংস্থা প্ৰতিষ্ঠা কৰে।১২

১৯৬৫ চনৰপৰা ১৯৭১ চনলৈ সৈনিক আৰু শ্বহীদ সকলৰ পৰিয়াললৈ ধন সংগ্ৰহৰ ক্ষেত্ৰতো মহিলা মণ্ডলে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু দুয়োখন যুদ্ধৰ সময়ত সীমান্তত থাকি যুদ্ধ কৰা সৈনিকসকললৈ প্ৰভাবেন আৰু তেওঁৰ দলে নিজ হাতে চুৱেটাৰ গুঁঠি পঠাইছিল। ১৯৮৪ চনৰ ভূপালৰ গেছ দুৰ্ঘটনা, ২০০১ৰ কচ্ছৰ বিনাশকাৰী ভূমিকম্প আৰু ২০১৮ চনৰ কেৰেলাৰ দুৰ্দান্ত বানৰ সময়তো দুৰ্দশাগ্ৰস্ত সকলৰ বাবে এই দলটিয়ে কাপোৰ সংগ্ৰহৰ কাৰ্যক্ৰম হাতত লৈছিল।১২

কেইবা দশক জুৰি বিপদগ্ৰস্ত সকলৰ বাবে নিৰলস ভাৱে কাম কৰি প্ৰভাবেনে সমাজ কৰ্মী অভিধা লাভ কৰিছে আৰু ২০২২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী প্ৰদানেৰে তেওঁৰ কৰ্মক ৰাজহুৱা স্বীকৃতি দিছে।১২

তথ্যসূত্ৰ

  1. ↑ (February 15, 2022). Meet Padma Shri Awardee Prabhaben Shah Who spent her Life in Improving that of others. thecsrjournal.in/
  2. ↑ (9th February 2022). Padma Shri at 92, She Dedicated Her life to Feeding & Clothing The Needy. www.thebetterindia.com/

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ স্বাধীনতা সংগ্ৰামীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাবেন শ্বাহ” প্ৰবন্ধৰ সংশোধন ৩১৪৫৪৫ (১৮ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।