ফৈজনুৰ আলি ( Faijnur Ali) আসাম এশ্যোছিয়েছনৰ প্ৰতিষ্ঠাপক সদস্য আৰু পিছলৈ কংগ্ৰেছৰ এগৰাকী সক্ৰিয় কৰ্মী। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী হৈ অসম বিধান সভা আৰু ভাৰতীয় সংসদৰ সদস্য হৈছিল। তেওঁ এগৰাকী গান্ধীবাদী নেতা আছিল।
বংশ পৰিচয়
১৮৭৭ চনৰ ২ এপ্ৰিলত ফৈজনুৰ আলিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হাজী ফাননুৰ আলি আৰু মাতৃৰ নাম আলহাজ্জা জৰচানি বিবি। আদিতে হাজী ফাননুৰ আলি যোৰহাটৰ আছিল। পিছলৈ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ১৮৫৭ৰ সময়ত তেওঁলোক ডিব্ৰুগড়লৈ উঠি যায়। চাহ বাগিছাৰ মেনেজাৰ হোৱাৰ উপৰি ফাননুৰ আলিৰ বন্দুক-বাৰুদৰ ব্যৱসায় আছিল।১
শিক্ষা
১৮৯৩ চনত ফৈজনুৰ আলি ডিব্ৰুগড় বালক হাইস্কুৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা পাছ কৰি কলিকতাৰ ইছলামীয়া কলেজৰ পৰা এফ,এম পাছ কৰে আৰু কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম ভৰ্তি কৰে। তাৰপৰাই তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে। এম,এ শ্ৰেণীত নামভৰ্তি কৰিও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ পৰীক্ষা দিব নোৱাৰি ঘৰলৈ উভতি আহে। তেওঁ অসমীয়াৰ উপৰি হিন্দী, উৰ্দু, বাংলা আৰু ইংৰাজী ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল।১
কৰ্মজীৱন
১৯০৫ চনৰ পৰা তেওঁ ডিব্ৰুগড় কাছাৰীত ওকালতি আৰম্ভ কৰি ১৯২৪ চনলৈ তাতে নিয়োজিত হৈ থাকে। তেওঁক চৰকাৰী উকীলৰ পদ দিয়া হৈছিল যদিও তেওঁ সেই পদ দেশসৱাৰ প্ৰতি অনুপ্ৰাণিত হৈ ত্যাগ কৰে। তেওঁ ডিব্ৰুগড় পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ নিযুক্ত হৈ পিছলৈ চেয়াৰমেন পদ লাভ কৰিছিল। “কম্যুনেল ৰায়ত ইনকুৱাৰী কমিছন’’ৰ তিনিগৰাকী সদস্যৰ মাজত তেঁৱো এজন আছিল। ১৯৩৭ চনৰ পৰা ১৯৪২ চনলৈ অসম লোকসেৱা আয়োগৰ তেওঁ মনোনীত সদস্য আছিল।১
ৰাজনৈতিক জীৱন
১৯২০ চনৰ ১১ অক্টোবৰত ফৈজনুৰ আলিৰ সভাপতিত্বত আসাম এশ্যোছিয়েছনৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল। এই অধিৱেশনতে কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত গ্ৰহণ কৰা অসহযোগৰ প্ৰস্তাৱত পূৰ্ণ সমৰ্থন দিয়ে।২ আসাম এশ্যোছিয়েছনৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভ্য হৈ পৰে৩ আৰু ১৯২১ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অসমৰ প্ৰতিনিধি হৈ গৈছিল। ১৯২৬ চনত অসমৰ পাণ্ডুত বহা অধিৱেশনৰ আদৰণী সমিতিৰ সদস্য আছিল। পিছত স্বৰাজ দল গঠন হোৱাত তেওঁ তাত যোগ দিয়ে। ১৯৪৬ চনত তেওঁ “কনষ্টিটুৱেণ্ট এছেম্বলী’’ৰ সদস্য হয়। ১৯৫০ চনত তেওঁ কংগ্ৰছ দলৰ প্ৰাৰ্থী হিচাপে সংসদলৈ মনোনীত হয়। ১৯৫২ চনত অসম বিধান সভাৰ সদস্য নিৰ্বাচিত হয়। অসমলৈ মুছলিম লীগৰ সোঁত বোৱাৰ সময়তো তেওঁ গান্ধীৰ আদৰ্শ মানি কংগ্ৰেছ দলৰে সদস্য হৈ আছিল।১ ডিব্ৰুগড় মেডিকেল কলেজ স্থাপনৰ ক্ষেত্ৰতি ফৈজনুৰ আলীয়ে যথেষ্ট কাম কৰিছিল। ডিব্ৰুগড়ৰ বৰবাৰীত থকা মিলিটাৰী হস্পিতালখনৰ ঠাইতে এখন পূৰ্ণাংগ চিকিৎসালয় পাতিবলৈ ফৈজনুৰ আলীৰ সভাপতিত্বত গঠিত সমিতিয়ে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দিছিল আৰু এই ঠাই নিৰ্বাচন কৰিবলৈ ১৯৪৬ চনত চৰকাৰেই সমিতিখন গঠন কৰি দিছিল৪
তথ্যসূত্ৰ
- ↑ ৰহমান, আবদুৰ. (২০১৩). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃ. ৩৬৭,৩৬৮,৩৬৯. ISBN 978-93-244-0318-6
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ৮২
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৬২৮
- ↑ বেৰী হোৱাইটচ্ উইল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৈজনুৰ আলি” প্ৰবন্ধৰ সংশোধন ৪৬২৫১৯ (৮ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।