অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাৱণ্য প্ৰভা ঘোষ

লাৱণ্য প্ৰভা ঘোষ (Labanya Prabha Ghosh; ১৮৯৭ – ২০০৩) বা লাৱণ্য দেৱী এগৰাকী গান্ধীবাদী নেত্ৰী তথা পশ্চিম বংগৰ, পুৰুলিয়া জিলা নিবাসী ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

লাৱণ্য প্ৰভা ঘোষ (Labanya Prabha Ghosh; ১৮৯৭ – ২০০৩) বা লাৱণ্য দেৱী১ এগৰাকী গান্ধীবাদী নেত্ৰী২ তথা পশ্চিম বংগৰ, পুৰুলিয়া জিলা নিবাসী ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি। তেওঁ প্ৰায় ১০৬ বছৰ জীয়াই আছিল আৰু জীৱনৰ শেষ সময়ছোৱাত, এক দৰিদ্ৰ-পীড়িত আশ্ৰমত জীৱন নিৰ্বাহ কৰিবলৈ তেওঁক বাধ্য কৰা হৈছিল। স্বাধীনতা সেনানী সকলক প্ৰদান কৰা পেঞ্চনৰ টকাকেইটাই আছিল তেওঁৰ একমাত্ৰ উপাৰ্জন। ভাৰতৰ স্বাধীনতা লাভৰ আগৰ আৰু পিছৰ, তেওঁৰ সুদীৰ্ঘ জীৱনৰ এই গোটেই সময়ছোৱা তেওঁ সৰ্বসাধাৰণ মানুহৰ ন্যায়ৰ বাবে যুঁজি পাৰ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু স্বাধীনতাৰ যুঁজ

১৮৯৭ চনৰ ১৪ আগষ্ট তাৰিখে লাৱণ্য প্ৰভাৰ জন্ম হৈছিল। তেওঁৰ জনপ্ৰিয় নাম আছিল মনভুম জননী(মনভুম জিলাৰ মাতৃ)। ১৯০৮ চনত, ১১ বছৰ বয়সত লাৱণ্য প্ৰভাৰ অতুল চন্দ্ৰ ঘোষৰ সৈতে বিয়া হয়। অতুল চন্দ্ৰ ঘোষো পুৰুলিয়া জিলাৰ পৰা স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰা এগৰাকী অগ্ৰণী স্বাধীনতা সেনানী আছিল। লাৱণ্য কেতিয়াও স্কুললৈ যোৱা নাছিল, বৰঞ্চ তেওঁক ঘৰতে দেউতাকে পঢ়াইছিল। তেওঁৰ দেউতাক ঋষি নৱৰুণ চন্দ্ৰও এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। নৱৰুণ চন্দ্ৰই তেওঁৰ জোঁৱায়েকৰ লগ-লাগি পুৰুলিয়াৰ টেল্কালপাৰাত শিল্পাশ্ৰম প্ৰতিষ্ঠা কৰিছিল। টেল্কালপাৰাত সুভাষ চন্দ্ৰ বসু, চিত্ৰৰঞ্জন দাস আদিকে ধৰি বহুজন অগ্ৰণী স্বাধীনতা যুঁজাৰু গোট খাইছিল আৰু কোনো কোনো উপলক্ষত মহাত্মা গান্ধীও শিল্পাশ্ৰমলৈ আহিছিল। লাৱণ্য প্ৰভা পুৰুলিয়াৰ প্ৰথম গৰাকী মহিলা বিধায়ক আছিল। তেওঁ ‘লোক সেৱক সংঘ’ক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ শিল্পাশ্ৰমৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল আৰু শিল্পাশ্ৰম আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱা মনভুম অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ কেন্দ্ৰ। লাৱণ্য প্ৰভাই, তেওঁৰ স্বামীয়ে পুৰুলিয়াৰ পৰা প্ৰকাশ কৰা সাপ্তাহিক বাৰ্তালোচনী মুক্তিত ভালেখিনি প্ৰৱন্ধ লিখিছিল আৰু ১৯৬১ চনত স্বামীৰ মৃত্যুৰ পাছত সাপ্তাহিকীখনৰ সম্পাদকৰ ভাৰ লৈছিল।৩ ব্ৰিটিছ শাসনৰ সময়ত পুৰুলিয়াত হোৱা বহুবোৰ প্ৰতিবাদৰ তেওঁৰ নেতৃত্ব লৈছিল১ আৰু সেই অঞ্চলটোৰ এগৰাকী উল্লেখনীয় স্বাধীনতা সেনানী ৰূপে স্বীকৃত হৈছিল। লাৱণ্য প্ৰভাৰ পুত্ৰ অৰুণ চন্দ্ৰ ঘোষ আৰু জীয়ৰী উৰ্ম্মিলা মজুমদাৰেও স্বাধীনতা আন্দোলনত ভাগ লৈছিল আৰু মাকৰ সৈতে পুৰুলিয়াৰ শিল্পাশ্ৰমত আছিল।

লোণ আইন অমান্য আন্দোলন

তেওঁ লোণ সত্যাগ্ৰহ (১৯৩০) আৰু পতাকা সত্যাগ্ৰহ (১৯৪৫)ত মুখ্য ভূমিকা পালন কৰিছিল আৰু ব্ৰিটিছ চৰকাৰে তেওঁক কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল।৪ তেওঁ ব্যক্তিগত সত্যাগ্ৰহও হাতত লৈছিল আৰু ১৯৪১ চনত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছিল।৪ ১৯৪২ চনত মহাত্মা গান্ধীয়ে আহ্বান কৰা ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে লাৱণ্য প্ৰভা ঘোষে তেওঁৰ জীয়ৰী কমলা ঘোষৰ সৈতে পুৰুলিয়াৰ শিল্পা আশ্ৰমত প্ৰতিবাদৰ আয়োজন কৰিছিল আৰু দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল।৫

ভাৰতৰ স্বাধীনতাৰ পিছত, তেওঁ বিহাৰৰ ভাষা আন্দোলনত অংশ গ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছত, এই আন্দোলনৰ বাবে, পুৰুলিয়া বিহাৰৰ পৰা পৃথক হৈছিল আৰু ভাষিক ভিত্তিত পশ্চিম বংগৰ সৈতে একত্ৰিত হৈছিল। আকৌ জৰুৰী কালীন অৱস্থাত তেওঁক ১৯৭৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

২০০৩ চনৰ ১১ এপ্ৰিলত ১০৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

স্বীকৃতি

  • ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত ভাষা আন্দোলনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাষা ছহিদ স্মাৰক সমিতিৰ হৈ সুনীল গঙ্গোপাধ্যায়ৰ দ্বাৰা তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল।২

তথ্যসূত্ৰ

  1. ↑ Ghosh, Niranjan. (1988). Role of women in the freedom movement in Bengal, 1919-1947: Midnapore, Bankura, and Purulia district. Tamralipta Prakashini. পৃ. 291, 308, 310. ISBN 9780836424287
  2. ↑ (12 April 2003). Purulia pioneer passes away. The Telegraph
  3. ↑ (1984). Dr. Rajendra Prasad, Correspondence and Select Documents Vol 10. Allied Publishers. পৃ. 134. ISBN 9788170230021
  4. ↑ Kumari, Saroj. (2005). Role of women in the freedom movement in Bihar, 1912-1947. Janaki Prakashan. পৃ. 138, 179
  5. ↑ Thakur, Bharti. (2006). Women in Gandhi's Mass Movements. Deep and Deep Publications. পৃ. 164. ISBN 9788176298186

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাৱণ্য প্ৰভা ঘোষ” প্ৰবন্ধৰ সংশোধন ৩৮২৮৪৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।