মালতী মেম ( Maloti Mem) ওৰফে মুংৰী ওৰাং মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেঁৱেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ৷ মুংৰী ওৰাং লালমাটি চাহবাগিছাৰ শ্ৰমিক আছিল৷ অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা ’মদ নিবাৰণী’ কাৰ্যত অংশ গ্ৰহণ কৰি পুলিচৰ গুলীত মৃত্যু মুখত পৰে৷১ মালতী মেম মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত গঢ়ি উঠা চাহ-বাগিছাৰ মদ-নিবাৰণী সংস্থাৰ কৰ্মী আছিল৷২ এই কাৰ্যৰ বাবেই পুলিচৰ গুলীত ১৯২১ চনত মালতী মেম শ্বহীদ হৈছিল৷৩৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালতী মেম” প্ৰবন্ধৰ সংশোধন ৬১৫৫৯৫ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।