ভাৰতৰ স্বাধীনতা সংগ্ৰামী
১২২ প্ৰবন্ধ
-
ত্ৰিভুৱনদাস কিশিভাই পেটেল
ত্ৰিভুৱনদাস কিশিভাই পেটেল (Tribhuvandas Kishibhai Patel)(২২ অক্টোবৰ ১৯০৩ - ৩ জুন ১৯৯৪)) আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু এগৰাকী গান্ধীবাদী।
-
পদ্মজা নাইডু
পদ্মজা নাইডু (Padmaja Naidu, ১৯০০ - ২ মে' ১৯৭৫) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ পশ্চিম বংগৰ পঞ্চম ৰাজ্যপাল আছিল। তেওঁ পশ্চিম বংগৰ প্ৰথম মহিলা ৰাজ্যপাল আৰু ভাৰতৰ ৰাজ্যসমূহৰ দ্বিতীয় গৰাকী মহিলা ৰাজ্যপাল।
-
পুৰুষোত্তম দাস টেণ্ডন
পুৰুষোত্তম দাস টেণ্ডন (पुरुषोत्तम दास टंडन; Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।
-
পূৰ্ণিমা অৰবিন্দ পকৱাসা
পূৰ্ণিমা অৰবিন্দ পকৱাসা (Poornima Arvind Pakvasa, ৫ অক্টোবৰ ১৯১৩ – ২৫ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, স্বাধীনতা সংগ্ৰামী তথা নৃত্যশিল্পী। জনপ্ৰিয়ভাৱে তেওঁক 'দিদি অফ ডং' বুলি জনা যায়। ২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ প্ৰদান কৰে।
-
প্ৰভাৱতী দেৱী
প্ৰভাৱতী দেৱী নাৰায়ণ ( Prabhavati Devi Narayan; বিবাহৰ পূৰ্বে প্ৰসাদ; ১৯০৬ – ১৫ এপ্ৰিল ১৯৭৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ নিবাসী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত মুক্তি যুঁজাৰু তথা সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ পত্নী।
-
বিজয়া ৰাজে সিন্ধিয়া
বিজয়া ৰাজে সিন্ধিয়া (Vijaya Raje Scindia, জন্মতে লেখা দিব্যেশ্বৰী দেৱী; ১২ অক্টোবৰ ১৯১৯ – ২৫ জানুৱাৰী ২০০১), জনপ্ৰিয়ভাৱে ৰাজমাতা সিন্ধিয়া নামেৰে পৰিচিত৷ তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ব্ৰিটিছ ৰাজৰ গোৱালিয়ৰৰ শেষ শাসক মহাৰাজা জীৱজীৰাও সিন্ধিয়াৰ পত্নী আছিল।
-
বিনায়ক দামোদৰ সাভাৰকাৰ
বিনায়ক দামোদৰ সাভাৰকাৰ আছিল এগৰাকী ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী। তেওঁক বীৰ সাভাৰকাৰ বুলিও জনা যায়। সাভাৰকা পেছাত এজন অধিবক্তা আছিল। ১৮৮৩ চনৰ ২৮ মে’ত মুম্বাইৰ নাছিকত তেওঁৰ জন্ম হৈছিল। ১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।
-
ভগৱান দাস
ভগৱান দাস (১২ জানুৱাৰী ১৮৬৯ – ১৮ ছেপ্টেম্বৰ ১৯৫৮) স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্থাপনৰ বাবেও কাম কৰিছিল। তেওঁ কিছুসময়ৰ বাবে ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল।
-
শিৱপ্ৰসাদ গুপ্ত
শিৱপ্ৰসাদ গুপ্ত (शिव प्रसाद गुप्त; ২৮ জুন ১৮৮৩ – ২৪ এপ্ৰিল ১৯৪৪) ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন দূৰদৰ্শী, দানবীৰ নেতা আৰু মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক।
-
সুভদ্ৰা কুমাৰী চৌহান
সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত।
-
সৰলা দেৱী
সৰলা দেৱী (Sarala Devi, ১৯ আগষ্ট ১৯০৪ – ৪ অক্টোবৰ ১৯৮৬) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক। তেওঁ ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰা প্ৰথম ওড়িয়া মহিলা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ওড়িয়া মহিলা প্ৰতিনিধি আছিল।
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।
-
উমা নেহৰু
উমা নেহৰু (Uma Nehru; ৮ মাৰ্চ ১৮৮৪ – ২৮ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আৰু ৰাজনীতিবিদ।
-
গুণাভি বৰদলৈ
গুণাভি বৰদলৈ ( Gunabhi Bordoloi) বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ ভালুকমাৰী গাঁৱত ১৯১০ চনৰ ১০ মাৰ্চত জন্ম হৈছিল৷ পিতৃৰ নাম আছিল নৰাম বৰদলৈ আৰু মাতৃৰ নাম মাণিকী বৰদলৈ৷
-
জগতৰাম ডাভে
জগতৰাম চিমনলাল ডাভে (১৮৯২–১৯৮৫) ভাৰতৰ গুজৰাটৰ এগৰাকী গান্ধীবাদী সমাজকৰ্মী, স্বাধীনতা সংগ্ৰামী আৰু লেখক আছিল, যি দক্ষিণ গুজৰাটৰ জনজাতীয়সকলৰ মাজত সামাজিক কামৰ বাবে স্মৰণীয়।
-
তিলক ডেকা
তিলক ডেকা ( Tilak Deka)ঘৰ বাৰপুজীয়াত আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তি সেনা বাহিনীৰ সভ্য আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ৷ ভাৰতৰ স্বাধীনতা যুঁজত ভাগ লৈ কম বয়সতে তেওঁ বৃটিছৰ গুলীত শ্বহীদ হয়৷ তিলক ডেকাৰ পিতৃৰ নাম আছিল কাতিৰাম ওৰফে মণিৰাম আৰু মাক পুনেশ্বৰী ডেকা৷ জন্ম নগাঁওৰ…
-
তিলেশ্বৰী বৰুৱা
তিলেশ্বৰী বৰুৱা ( Tileswari Baruah) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শ্বহীদ৷ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷ ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীক উদ্দেশ্যি কৰা পুলিচৰ গুলীচালনাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল…
-
ফৰ্মুদ আলি
ফৰ্মুদ আলি ( Pharmud Ali) ১৮৫৭ চনত হোৱা ভাৰতৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমৰ মণিৰাম দেৱানৰ লগত লগ হৈ দেশৰ মুক্তিৰ বাবে কৰা কাম-কাজৰ বাবে বৃটিছৰ হাতত বন্দী হৈ কাৰাবাস খাটিছিল৷ এওঁৰ পিতৃৰ নাম আছিল পদো মোল্লা৷ ফৰ্মুদ আলিৰ জন্মস্থান যোৰহাট৷ এওঁ এগৰাকী সংগীতজ্ঞ আৰু বেহেলাবাদক আছিল৷ আহোম ৰজা কন্দৰ্পেশ্বৰ…
-
মাতঙ্গিনী হাজৰা
মাতঙ্গিনী হাজৰা ( Matangini Hazra; ১৭ নবেম্বৰ ১৮৭০- ২৯ চেপ্তেম্বৰ ১৯৪২) ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী আৰু এগৰাকী মহান বিপ্লৱী নেত্ৰী। ১৯৪২ চনৰ ২৯ চেপ্তেম্বৰত সেই সময়ৰ মেদিনীপুৰ জিলাৰ তমলুক থানাৰ সন্মুখত ব্ৰিটিছ পুলিছৰ গুলিত তেওঁ নিহত হৈছিল। তেওঁ গান্ধী বুঢ়ী নামেৰে পৰিচিত আছিল।
-
সুভদ্ৰা যোশী
সুভদ্ৰা যোশী (Subhadra Joshi; ২৩ মাৰ্চ ১৯১৯ – ৩০ অক্টোবৰ ২০০৩; শিয়ালকোট, পঞ্জাৱ) এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী, ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ আছিল। তেওঁ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু পিছত দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ (ডিপিচিচি) সভাপতি হৈছিল।
-
হেমৰাম পাটৰ
হেমৰাম পাটৰ ( Hemaram Patar) বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ ১৯২৩ চনৰ জন্ম৷ ফুল-কুমলীয়া বয়সতে পুলিচ-মিলিটাৰীৰ অবৰ্ণনীয় অত্যাচাৰৰ বলি হৈ জোঙাল বলহু গড়ৰ ওচৰত তেওঁৰ মৃত্যু হৈছিল৷
-
ৰেণুকা ৰয়
ৰেণুকা ৰয় (Renuka Ray; ১৯০৪–১৯৯৭) ভাৰতৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সেনানী, সমাজ-কৰ্মী আৰু ৰাজনীতিবিদ। তেওঁ ব্ৰহ্ম সংস্কাৰক, নিবাৰণ চন্দ্ৰ মুখাৰ্জীৰ বংশধৰ আৰু আইচিএছ বিষয়া সতীশ চন্দ্ৰ মুখাৰ্জী আৰু এগৰাকী সমাজকৰ্মী আৰু ‘সৰ্বভাৰতীয় মহিলা সন্মিলন’ৰ সদস্য চাৰুলতা মুখাৰ্জীৰ কন্যা আছিল।
-
অম্মু স্বামীনাথন
অম্মু স্বামীনাথন বা এ ভি আম্মাকুটি(Ammu Swaminathan or A. V. Ammakuti, ২২ এপ্ৰিল ১৮৯৪ – ৪ জুলাই ১৯৭৮) ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ৰাজনৈতিক কৰ্মী৷ তেওঁ ভাৰতৰ সংবিধান সভাৰ সদস্য আছিল।
-
আব্দুল মতলিব মজুমদাৰ
আব্দুল মতলিব মজুমদাৰ ( Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১…
-
আশালতা সেন
আশালাতা সেন (Ashalata Sen; জন্ম:৫ ফেব্ৰুৱাৰী ১৮৯৪ – মৃত্যু:১৩ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় সক্ৰিয় কৰ্মী, কবি, সমাজকৰ্মী, আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ আগশাৰীৰ ব্যক্তি আছিল।
-
ইন্দিৰা অনন্ত মায়দেও
ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।
-
উষা বৰঠাকুৰ
ঊষা বৰঠাকুৰ ( Usha Barthakur) কুৰি শতিকাৰ প্ৰাৰম্ভতে জন্ম গ্ৰহণ কৰা এগৰাকী কংগ্ৰেছ কৰ্মী আৰু স্বাধীন ভাৰতত দুবাৰো ৰাজ্যৰ বিধান সভাৰ সদস্য পদ পোৱাৰ লগতে ৰাজ্যসভাৰো সদস্য পদ লাভ কৰিছিল৷ তেওঁ অসমৰ প্ৰথম মহিলা বিধায়ক আৰু প্ৰথম মহিলা মন্ত্ৰী।
-
কন চুতিয়ানী
কন চুতিয়ানী বিয়াল্লিছৰ আন্দোলনৰ এগৰাকী সংগ্ৰামী মহিলা৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ বিভিন্ন ঠাইৰ পৰা সমদল কৰি অহা জনতাৰ মাজত তেঁৱো আছিল৷ সেই সমদল প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা কৰিছিল আৰু লাঠীচালনাত কন চুতীয়ানী আন বহুতৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল৷ সেই আঘাততে…
-
কমলা চৌধুৰী
কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।
-
কল্পনা দত্ত
কল্পনা দত্ত (অথবা কল্পনা যোশী; Kalpana Datta; ২৭ জুলাই ১৯১৩-৮ ফেব্ৰুৱাৰী ১৯৯৫) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰু ১৯৩০ চনত চিটাগং অস্ত্ৰাগাৰ আক্ৰমণত জড়িত সূৰ্য সেন নেতৃত্বাধীন সশস্ত্ৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল।