সোহনী মহিৱাল (Sohni Mahiwal; सोनी महिवाल) একে নামৰ পাঞ্জাবী লোক ট্ৰেজেডীৰ আধাৰত, ১৯৮৪ চনত নিৰ্মিত এখন ইণ্ডো-ৰুছী ঐতিহাসিক ৰোমাঞ্চ নাট্যধৰ্মী ছবি। পৰিচালক উমেশ মেহৰা আৰু লতিফ ফাইজিয়েভ (ৰাছিয়া)। প্ৰযোজনা কৰিছে এফ চি মেহৰাই। গুৰুত্বপূ্ৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ছানি দেউল, পুনম ধীলন আৰু জীনত আমানে।১ ছবিখনৰ লেখক আছিল শান্তি প্ৰকাশ বক্ষী আৰু জাভেদ ছিদ্দিকী। সংগীত ৰচনা কৰিছিল অনু মালিকে। কৰিঅ’গ্ৰাফাৰ পি এল ৰাজ। ছবিখনে ৩.২ কোটি টকা সংগ্ৰহ কৰি ব্যৱসায়িকভাৱে সফলতা লাভ কৰে।
বঁটা
৩২তম ফিল্মফেয়াৰ বঁটা:২ জয়ী
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী – অনুৰাধা দেশপাণ্ডে ("সোনী চিনাব দি "ৰ বাবে)
- শ্ৰেষ্ঠ সম্পাদনা- এম এত সিন্দে
- শ্ৰেষ্ঠ চাউণ্ড ডিজাইন- ব্ৰহ্মানন্দ শৰ্মা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহনী মহিৱাল (১৯৮৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮১২৬০ (২৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।